ভয়ংকৰ দুৰ্ঘটনা, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৩৮ জনৰ মৃত্যু…

বৰদিনক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে দক্ষিণ-পূব ব্ৰাজিলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । দেশখনৰ ৰাজ্য় মিনাছ গেৰাইছৰ এটা ঘাইপথত এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত ৩৮ জন লোকৰ মৃত্যু হয়।

ভয়ংকৰ দুৰ্ঘটনা, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৩৮ জনৰ মৃত্যু...

ব্ৰাজিলত ভয়ংকৰ দুৰ্ঘটনা

Updated On: 

22 Dec 2024 08:52 AM

বৰদিনলৈ মাজত মাত্ৰ দুটা দিন বাকী । বিশ্বৰ সকলো প্ৰান্ততে বৰদিনক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে দক্ষিণ-পূব ব্ৰাজিলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । শনিবাৰে পুৱা ভাগতে দেশখনৰ ৰাজ্য় মিনাছ গেৰাইছৰ এটা ঘাইপথত এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত ৩৮ জন লোকৰ মৃত্যু হয়। পিটিআইৰ প্ৰতিবেদন অনুসৰি, বাছখন চাও পাওলোৰ পৰা ৰাওনা হৈছিল আৰু বাছখনে মুঠ ৪৫ জন যাত্ৰী কঢ়িয়াই আনিছিল ।

স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, দুৰ্ঘটনাগ্ৰস্ত সকলো যাত্ৰীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে । ইফালে দুৰ্ঘটনাৰ কাৰণ জানিবৰ বাবে তদন্ত অব্যাহত আছে বুলিও জানিব পৰা গৈছে । প্ৰত্যক্ষদৰ্শীয়ে উদ্ধাৰকাৰী দলক জনোৱা মতে, বাছখনে টায়াৰ ফাটি যোৱাৰ ফলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

ইফালে, তিনিজন যাত্ৰী আহি থকা এখন বাহনেও বাছখনত খুন্দা মাৰে । বাহনখনৰ যাত্ৰীসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে । গভৰ্ণৰ ৰোমিউ জেমাই এক্সত লিখিছিল যে, তেওঁ ভুক্তভোগীসকলক সম্পূৰ্ণ সহায় কৰিবলৈ মিনাছ গেৰাইছ চৰকাৰক নিৰ্দেশ দিছে । ইয়াৰ লগতে তেওঁ কয় যে, দুৰ্ঘটনাত পতিত পৰিয়ালসমূহক সম্ভৱপৰ সহায় কৰাটো নিশ্চিত কৰিবলৈ কাম কৰি থকা হৈছে ।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভাই এক বিবৃতিত কয় যে, মিনাছ গেৰাইছৰ টিঅ’ফিলো অট’নিত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হোৱা ৩০ জনতকৈ অধিক লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো আৰু আঘাতপ্ৰাপ্ত সকলো সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰিছো । লগতে চৰকাৰী বিষয়া সকলে সকলো ফালৰ সহায় কৰাৰ বাবে প্ৰচেষ্টা কৰি আছে বুলি কয় দেশখনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ।

দেশখনৰ পৰিবহণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০২৪ চনত ব্ৰাজিলত যান-বাহন দুৰ্ঘটনাত ১০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল। যোৱা ছেপ্টেম্বৰ মাহত ফুটবল দল কঢ়িয়াই অনা এখন বাছ দুৰ্ঘটনাত পতিত হোৱাৰ বাবে তিনিজন লোকৰ মৃত্যু হৈছিল।

চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।