শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

UAE ৰ জেলত বন্দী হৈ থকা শ্বাহজাদীক মৃত্যুদণ্ড, কি ভুুল কৰিছিল ভাৰতীয় যুৱতীগৰাকীয়ে?

UAE ত মৃত্যুদণ্ড লাভ কৰিলে এগৰাকী ভাৰতীয় যুৱতীয়ে। দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী থৈ থকাৰ পাছত কিছুদিন পূৰ্বে যুৱতীগৰাকীয়ে মৃত্যুদণ্ড লাভ কৰে। এই সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে দাখিল কৰিছে তথ্য।

UAE ৰ জেলত বন্দী হৈ থকা শ্বাহজাদীক মৃত্যুদণ্ড, কি ভুুল কৰিছিল ভাৰতীয় যুৱতীগৰাকীয়ে?
যুৱতীগৰাকী আৰু পিতৃ-মাতৃImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 03 Mar 2025 17:49 PM

কন্যাক ৰক্ষা কৰিবলৈ কৰা সকলো প্ৰচেষ্টা অথলে গ’ল এহাল পিতৃ-মাতৃৰ। সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ কাৰাগাৰত বন্দী শ্বাহজাদী খানে লাভ কৰিলে মৃত্যুদণ্ড। নিজ কন্যাক ৰক্ষা কৰিবলৈ যোৱা সপ্তাহত পিতৃ-মাতৃয়ে দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন জাৰি কৰিছিল। সেই আবেদনৰ উত্তৰ প্ৰদান কৰি বিদেশ মন্ত্ৰালয়ে কয় যে,শ্বাহজাদীক যোৱা মাহতে ফাঁচী দিয়া হৈছিল আৰু অহা ৫ মাৰ্চত তেওঁ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

আবেদনৰ উত্তৰ দি মন্ত্ৰালয়ে দিল্লী উচ্চ ন্যায়ালয়ক জনাই যে,যোৱা মাহৰ ১৫ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ শ্বাহজাদী খানক ফাঁচী দিয়া হৈছিল। এ এছ জি চেতন শৰ্মাই আদালতক অৱগত কৰে যে কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় আগবঢ়াইছে আৰু ৫ মাৰ্চত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ কথা। ইয়াৰ পূৰ্বে তেওঁৰ পিতৃ শ্বব্বিৰ খানে যোৱা সপ্তাহত শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু কন্যাৰ আইনী হস্তক্ষেপৰ লগতে ন্যায়ৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত আবেদন জনাইছিল।

কি অপৰাধ কৰিছিল

উল্লেখ কৰা প্ৰয়োজন যে. ৩৩ বছৰীয়া শ্বাহজাদী আবু ধাবিৰ আল ৱাথবা কাৰাগাৰত বন্দী হৈ আছিল। অভিযোগ অনুসৰি মালিকৰ নৱজাত শিশুক হত্যা কৰিছিল তেওঁ। আদালতত দাখিল কৰা তথ্য অনুসৰি ২০২১ চনৰ ডিচেম্বৰ মাহত শ্বাহজাদী খান ভিছা লৈ আবুধাবিলৈ গৈছিল। ইয়াৰ পাছত ২০২২ চনৰ আগষ্ট মাহত তেওঁক এটা পৰিয়ালৰ ঘৰত নৱজাতকৰ যত্ন লোৱাৰ দায়িত্ব দিয়া হৈছিল।

সেই ঘৰত যুৱতীগৰাকীয়ে কাম কৰিবলৈ লোৱাৰ পাছতে ২০২২ চনৰ ৭ ডিচেম্বৰত শিশুটিৰ টিকাকৰণ কৰা হৈছিল আৰু সেই দিনাই শিশুটিৰ মৃত্যু হয়। স্থানীয় প্ৰশাসনে মৰণোত্তৰ পৰীক্ষাৰ পৰামৰ্শ দিছিল যদিও শিশুটিৰ পিতৃ-মাতৃয়ে এই কথা নাকচ কৰিছিল।

এই ঘটনাৰ প্ৰায় ২ মাহ পাছত অৰ্থাৎ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত এটা ভিডিঅ’ পোহৰলৈ আহে, য’ত শ্বাহজাদীয়ে শিশুটিক হত্যা কৰা বুলি স্বীকাৰ কৰে। অৱশ্যে শ্বাহজাদীৰ পিতৃয়ে দাবী কৰিছে যে তেওঁৰ কন্যাই এনে কাম কৰিব নোৱাৰে আৰু কোনো হেঁচাত পৰি হত্যাৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ পিছত ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত শ্বাহজাদীক আৰক্ষীৰ হাতত গতাই দিয়া হয় আৰু ২০২৩ চনৰ ৩১ জুলাইত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

উল্লেখ্যে যে, শ্বাহজাদী খান উত্তৰ প্ৰদেশৰ বাণ্ডা জিলাৰ বাসিন্দা আছিল। যোৱা বছৰ ছেপ্টেম্বৰ মাহত পিতৃয়ে কৈছিল যে, তেওঁৰ কন্যা বহুদিন ধৰি ইউ এ ইৰ কাৰাগাৰত আছে আৰু তেওঁক যিকোনো সময়তে ফাঁচী দিব পাৰে।  ইয়াৰ পাছত শ্বাহজাদীৰ পিতৃয়ে কন্যাৰ ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰিলে যদিও সকলো চেষ্টা অথলে গ’ল।