পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণঃ ৬ নিৰাপত্তাৰক্ষী জোৱানৰ মৃত্যু, ১১জন আহত | Six soldiers died terror attack in Pakistan Khyber-Pakhtunkhwa Assam news - Assam Tv9

পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণঃ ৬ নিৰাপত্তাৰক্ষী জোৱানৰ মৃত্যু, ১১জন আহত

Published: 

20 Sep 2024 23:19 PM

পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশত সংঘটিত হৈছে এক ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত ৬জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ১১ জন আহত হৈছে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে তেহৰিক-ই-তালিবান পাকিস্তানে।

পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণঃ ৬ নিৰাপত্তাৰক্ষী জোৱানৰ মৃত্যু, ১১জন আহত

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

সততে সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থল বিশ্বৰ ৰাজনীতিত সমালোচিত হৈ আহিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। ৰাষ্ট্ৰখনত আশ্ৰয় গ্ৰহণ কৰি থকা সন্ত্ৰাসবাদী গোটসমূহে ভাৰতক অস্থিৰ কৰি ৰখাৰ ষড়যন্ত্ৰ কৰি অহা বুলি ভাৰতে সদায়েই দাবী কৰি আহিছে আৰু এনে কাৰণতে চুবুৰীয়া এই দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটিছে। কিন্তু সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে চৰ্চিত দেশখনে সম্প্ৰতি নিজেই ভুগিছে সন্ত্ৰাসবাদৰ আতংকত। বিগত সময়ছোৱাত কেইবাটাও ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰিছে পাকিস্তানক।

সন্ত্ৰাসবাদৰ এনে আতংকৰ মাজতে পাকিস্তানত পুনৰ সংঘটিত হৈছে আন এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ। আফগানিস্তানৰ সীমান্তৱৰ্তী পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশত সংঘটিত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত ৬জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে তেহৰিক-ই-তালিবান পাকিস্তানে।

পাকিস্তানী প্ৰশাসনৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, দক্ষিণ ৱাজিৰিষ্টান জিলাৰ মিষ্টা গাঁৱৰ এটা চেক প’ষ্টত এদল সন্ত্ৰাসবাদীয়ে চলায় এই আক্ৰমণ। চৰকাৰী সূত্ৰ অনুসৰি অঞ্চলটোত শেহতীয়াকৈ সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰাৰ বাবে অভিযান আৰম্ভ কৰা হৈছে। এনে অভিযানৰ প্ৰতিক্ৰিয়া স্বৰূপেই সন্ত্ৰাসবাদী গোটে এই আক্ৰমণ চলোৱা বুলি সন্দেহ কৰা হৈছে।

বিষয়াসকলে সদৰী কৰা মতে, গভীৰ নিশা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী চকীটোত এই আক্ৰমণ চলায়। এনে অতৰ্কিত আক্ৰমণত ছয়জন নিৰাপত্তাৰক্ষী নিহত হয় আৰু ১১জন আহত হয় বুলি বিষয়াসকলে লগতে সদৰী কৰিছে। ইফালে দক্ষিণ ৱাজিৰিষ্টান জিলাত এক এনকাউণ্টাৰত বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তাৰক্ষীয়ে।

জিলাখনৰ আজাম ৱাৰছাক অঞ্চলত আজি সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত ৭ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে দুজন নিৰাপত্তাৰক্ষী আহত হয় বুলি জানিব পৰা গৈছে। এই অঞ্চলত তেহৰিক-ই-তালিবান পাকিস্তান যথেষ্ট সক্ৰিয় হৈ পৰিছে আৰু পাকিস্তানী নিৰাপত্তা বাহিনীক ধাৰাবাহিকভাৱে আক্ৰমণ লক্ষ্য কৰি লৈছে বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

আফগান প্ৰশাসনে এই সন্ত্ৰাসবাদী গোটটোক আশ্ৰয় প্ৰদান কৰি আহিছে বুলি অভিযোগ কৰিছে পাকিস্তান চৰকাৰে। অৱশ্যে পাকিস্তান চৰকাৰৰ এই অভিযোগ নাকচ কৰি আহিছে আফগানিস্তানৰ তালিবান প্ৰশাসনে। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আফগানিস্তানত তালিবান ঘূৰি অহাৰ পিছৰে পৰা অঞ্চলটোত সন্ত্ৰাসবাদী আক্ৰমণ আৰু উত্তেজনা বৃদ্ধি পাইছে।

২০২১ চনত তালিবানে আফগানিস্তানৰ শাসন ব্যৱস্থা পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ পিছৰে পৰা পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে। দেশ দুখনৰ মাজত বিগত সময়োছোৱাত ধাৰাবাহিকভাৱে এনে উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
Exit mobile version