১৭৬জনৰ মৃত্যু, ৩গৰাকী সন্ধানহীন! কেনেকৈ সংঘটিত হৈছিল দক্ষিণ কোৰিয়াৰ ভয়ংকৰ বিমান দুৰ্ঘটনা?
দক্ষিণ কোৰিয়াৰ অগ্নি নিৰ্বাপক সংস্থাৰ মতে, বিমানখনত থকা ১৮১জন লোকৰ ভিতৰত ১৭৬জন লোকৰ মৃত্যু হৈছে আৰু ৩জন লোক সন্ধানহীন হৈ আছে। ১৭৫গৰাকী যাত্ৰী আৰু ছয়জন কৰ্মচাৰী কঢ়িয়াই অনা জেজু এয়াৰ বিমানখন ৰাতিপুৱা প্ৰায় ৯ বজাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বেংককৰ পৰা থাইলেণ্ডৰ মুয়ানলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন।
দক্ষিণ কোৰিয়াত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। দক্ষিণ কোৰিয়াৰ মুয়ানত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত জেজু এয়াৰৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমান দুৰ্ঘটনাত মৃত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে। দক্ষিণ কোৰিয়াৰ অগ্নি নিৰ্বাপক সংস্থাৰ মতে, বিমানখনত থকা ১৮১জন লোকৰ ভিতৰত ১৭৬ জন লোকৰ মৃত্যু হৈছে আৰু ৩জন লোক সন্ধানহীন হৈ আছে।
চিউলৰ দক্ষিণ-পশ্চিমে প্ৰায় ২৮৮ কিলোমিটাৰ দূৰত্বত দক্ষিণ জেওলা প্ৰদেশৰ মুয়ান কাউণ্টিৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ১৭৫জন যাত্ৰী আৰু ছয়জন কৰ্মচাৰী কঢ়িয়াই অনা জেজু এয়াৰ বিমানখন ৰানৱেৰ পৰা পিছলি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। পুৱা প্ৰায় ৯ বজাত বিমানখন দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাটোৰ ফুটেজে দেখুৱাইছে যে বিমানখন লেণ্ডিং গিয়েৰ নোখোলাকৈ ৰানৱেত অৱতৰণ কৰিছিল।
❗️✈️🇰🇷 – Muan, South Korea – A Jeju Air passenger plane veered off the runway and crashed into a fence during landing at Muan International Airport in South Jeolla Province on Sunday morning, according to police and firefighters.
The flight, which had originated from Bangkok,… pic.twitter.com/IMCrIWqFVl
— 🔥🗞The Informant (@theinformant_x) December 29, 2024
ৰানৱেৰ পৰা পিছলি গৈ দেৱালত খুন্দা মাৰিছিল বিমানখনে
লগতে ফুটেজত দেখা গৈছে যে বিমানখন অৱতৰণ কৰাৰ সময়ত লেণ্ডিং গিয়েৰ খোলা নাছিল তাৰ পিছলি গৈ সীমাৰ দেৱালত খুন্দা মাৰিছিল। ফলত বিমানখন বিস্ফোৰণ হয় আৰু জুয়ে চাৰিওফালটো আৱৰি ধৰে। প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে যে তেওঁলোকে আকাশত থাকোতে বিমানখনৰ পাংখাত জুই লগা দেখিছিল।
চৰাইৰ খুন্দাৰ ফলত হোৱা দুৰ্ঘটনা!
আৰক্ষী আৰু অন্যান্য সংস্থাই আশংকা ব্যক্ত কৰিছে যে এটা চৰাইয়ে বিমানখনত খুন্দা মৰাৰ পিছত লেণ্ডিং গিয়েৰটো ক্ষতিগ্ৰস্ত হৈছিল আৰু বিমানখনত জুই লাগিছিল। অৱশ্যে, অনুসন্ধানকাৰী সংস্থাসমূহে ঘটনাটোৰ আঁৰৰ কাৰণ অনুসন্ধান কৰি আছে। দুৰ্ঘটনাটোৰ এক মিনিট আগতে, পাইলটজনে জৰুৰীকালীন সংকেত জাৰী কৰিছিল। দুৰ্ঘটনাটোৰ পিছত বিমানখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। ইফালে সন্ধানহীন লোকক বিচাৰি এতিয়াও অভিযান অব্যাহত আছে।
এই দুৰ্ঘটনাটোৰ ৰেকৰ্ড কৰা ফুটেজ অনুসৰি, পাইলটজনে লেণ্ডিং গিয়েৰত বিজুতিৰ সময়ত বেলি লেণ্ডিঙৰ চেষ্টা কৰি থকা দেখা গৈছিল। এক প্ৰতিবেদনত কোৱা হৈছে যে পাইলটজনে নিয়মীয়া অৱতৰণৰ প্ৰচেষ্টাত বিফল হোৱাৰ পিছত ক্ৰেছ লেণ্ডিং কৰাৰ চেষ্টা কৰিছিল।
এই ভয়ংকৰ দুৰ্ঘটনাটোৰ বাবে ক্ষমা বিচাৰি জেজু এয়াৰ নামৰ এয়াৰলাইনে সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছিল। ছ’চিয়েল মিডিয়াত পোষ্ট কৰা এক বিবৃতিত এয়াৰলাইনটোৱে কয়, “জেজু এয়াৰত এনে ধৰণৰ ঘটনা সংঘটিত নহ’বলৈ আমি আমাৰ হাতত থকা সকলো খিনি কৰিম।এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাটোৰ বাবে আমি ক্ষমা বিচাৰিছোঁ।”