Martial Law in South Korea : সামৰিক আইন কি ? জাৰি কৰা কেইঘণ্টামানৰ পাছতে প্ৰত্যাহাৰ, প্ৰতিবাদৰ সন্মুখীন দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি…
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়েলে গভীৰ নিশা টেলিভিছনত দিয়া ভাষণত দেশখনত সামৰিক আইন জাপি দিয়াৰ কথা ঘোষণা কৰে। তেওঁ উত্তৰ কোৰিয়াৰ ‘কমিউনিষ্ট শক্তি’ আৰু ‘ৰাষ্ট্ৰ বিৰোধী উপাদান’ৰ পৰা নিৰাপত্তাৰ বাবে ইয়াক প্ৰয়োজনীয় বুলি অভিহিত কৰে।
মাজ নিশা দক্ষিণ কোৰিয়াত সামৰিক আইন জাপি দিয়াক লৈ সমগ্ৰ বিশ্ব জুৰি চৰ্চা আৰম্ভ হৈছে । দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়েলে গভীৰ নিশা টেলিভিছনত দিয়া ভাষণত দেশখনত সামৰিক আইন জাপি দিয়াৰ কথা ঘোষণা কৰে। তেওঁ উত্তৰ কোৰিয়াৰ ‘কমিউনিষ্ট শক্তি’ আৰু ‘ৰাষ্ট্ৰ বিৰোধী উপাদান’ৰ পৰা নিৰাপত্তাৰ বাবে ইয়াক প্ৰয়োজনীয় বুলি অভিহিত কৰে।
কিন্তু তেওঁৰ ঘোষণাৰ মাত্ৰ ডেৰ-দুঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰীয় বিধানসভাৰ ১৯০ জন সদস্যই সামৰিক আইন আঁতৰোৱাৰ বাবে ভোটদান কৰে। দেশখনৰ বিভিন্ন ঠাইত ইয়াৰ বিৰুদ্ধে বিক্ষোভ আৰম্ভ হয়। সমগ্ৰ দেশখনতে আৰম্ভ হোৱাৰ এই প্ৰতিবাদৰ বাবে অৱশেষত ৰাষ্ট্ৰপতিয়ে নিজৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলগীয়া হয় । গভীৰ নিশা তেওঁ সামৰিক আইন প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়ে।
সামৰিক আইন কি?
দেশৰ তাৎক্ষণিক ভাবুকি বা নিৰাপত্তা সংকটৰ সৈতে মোকাবিলা কৰিবৰ বাবে চৰকাৰে জাৰি কৰা অস্থায়ী জৰুৰীকালীন অৱস্থাক সামৰিক আইন বুলি কোৱা হয় । যেতিয়া সামৰিক আইন জাপি দিয়া হয়, তেতিয়া স্বাভাৱিক অসামৰিক কাম-কাজ সামৰিক বাহিনীৰ নিয়ন্ত্ৰণলৈ যায়। ইয়াৰ উপৰিও ৰাজ্যৰ নিৰাপত্তাৰ দায়িত্বও সেনাৰ হাতলৈ যায়।
সাধাৰণতে চৰকাৰে বৃহৎ পৰিসৰত আইন-শৃংখলাজনিত সমস্যা, প্ৰাকৃতিক দুৰ্যোগ বা আক্ৰমণৰ ভাবুকিৰ সন্মুখীন হ’লে সামৰিক আইন প্ৰয়োগ কৰা কৰে। এই স্থিতি সাধাৰণতে শেষ উপায় হিচাপে গ্ৰহণ কৰা হয় । সামৰিক আইন জাপি দিয়াৰ সময়তে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়েও কয় যে, দেশখনক ৰক্ষা কৰিবলৈ তেওঁৰ হাতত শেষ উপায় হিচাপে আছে সামৰিক আইন।
দক্ষিণ কোৰিয়াৰ ইতিহাসত সামৰিক আইন
বিশেষকৈ ৰাষ্ট্ৰৰ সংকট আৰু শাসনৰ সময়ত দক্ষিণ কোৰিয়াৰ ইতিহাসত সামৰিক আইনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ দেখা যায় । ৰাজনৈতিক উত্তেজনা, গণ আন্দোলন বা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সময়ত ইয়াক প্ৰায়ে আৰোপ কৰা হয়। কোৰিয়া যুদ্ধৰ সময়ত কেইবাবাৰো সামৰিক আইন জাৰি কৰা হৈছিল।
প্ৰতিবেদন অনুসৰি, ১৯৫০–৫৩ চনৰ কোৰিয়া যুদ্ধৰ সময়ত ৰাষ্ট্ৰপতি চিংমেন ৰিয়ে যুদ্ধৰ পৰিস্থিতি চম্ভালিবলৈ সামৰিক আইন জাপি দিছিল। একেদৰে ১৯৬০ চনত নিৰ্বাচনী প্ৰতাৰণা আৰু চিংমেন ৰিৰ একনায়কত্ববাদৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়তো সামৰিক আইন জাৰি কৰা হয়। অৱশ্যে ৰাজহুৱা বিৰোধিতা ইমানেই প্ৰবল আছিল যে, ৰিয়ে পদত্যাগ কৰিবলগীয়া হৈছিল।
১৯৬১ চনত জেনেৰেল চুং-হীয়ে সামৰিক অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰি দেশজুৰি সামৰিক আইন জাৰি কৰে। তেওঁ ইয়াক স্থিতিশীলতা ঘূৰাই অনা আৰু দুৰ্নীতিৰ সৈতে মোকাবিলা কৰাৰ উপায় বুলি অভিহিত কৰে। তেওঁৰ শাসনকালত ৰাজনৈতিক বিৰোধিতা আৰু আন্দোলন দমন কৰিবলৈ বাৰে বাৰে সামৰিক আইন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ।
১৯৮০ চনত ৰাষ্ট্ৰপতি চুং-হীক হত্যা কৰাৰ পিছত জেনেৰেল চুন ডু-হোৱানে সামৰিক আইন জাপি দি ক্ষমতা দখল কৰে। এই পদক্ষেপৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হৈছিল। বিদ্ৰোহক মষিমূৰ কৰিবলৈ নিয়োজিত সৈন্যই শ শ সাধাৰণ নাগৰিকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল । এই ঘটনা দক্ষিণ কোৰিয়াৰ ইতিহাসৰ এক ক’লা অধ্যায় বুলি কোৱা হয় ।
১৯৮৭ চনত গণতন্ত্ৰ সমৰ্থক আন্দোলনে দক্ষিণ কোৰিয়াত সামৰিক শাসনক প্ৰত্যাহ্বান জনাইছিল। এই আন্দোলনবোৰৰ পিছত দেশত নতুন গণতান্ত্ৰিক সংবিধান গৃহীত হয় আৰু প্ৰত্যক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰম্ভ হয়। কিন্তু এই সময়ছোৱাত চৰকাৰে সামৰিক আইনৰ দৰে কঠোৰ কৌশল ব্যৱহাৰ কৰিছিল ।
INPUT-TV9HINDI