শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সামৰিক আইন জাপি দিয়া সিদ্ধান্ত ভুল আছিল ! দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়োলক গ্ৰেপ্তাৰ

৩ ডিচেম্বৰত এঘণ্টাৰ বাবে সামৰিক আইন জাৰি কৰা আৰু তাৰ ফলস্বৰূপে দেশত অশান্তিৰ সৃষ্টি কৰাৰ অভিযোগত য়ুন চুক ইয়োলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। খবৰ অনুসৰি আৰক্ষী আৰু তদন্তকাৰীয়ে য়ুন চুক ইয়োলক গ্ৰেপ্তাৰ কৰে।

সামৰিক আইন জাপি দিয়া সিদ্ধান্ত ভুল আছিল ! দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়োলক গ্ৰেপ্তাৰ
য়ন চুক ইয়োল
manas-borah
Manas Borah | Updated On: 15 Jan 2025 10:15 AM

দক্ষিণ কোৰিয়াত সামৰিক আইন জাপি দিবলৈ লোৱা সিদ্ধান্ত ভুল আছিল । এই সিদ্ধান্তৰ বাবে দেশখনত অশান্তিৰ সৃষ্টি হৈছিল । এই অভিযোগত দেশখনৰ পদচ্যুত ৰাষ্ট্ৰপতি য়ুন চুক ইয়োলক আটক কৰিছে দক্ষিণ কোৰিয়াৰ আৰক্ষীয়ে । সামৰিক আইন ঘোষণা কৰাৰ অপৰাধত আটক কৰা হৈছে য়ুন চুক ইয়োলক । উল্লেখ্য যে, য়ুন চুক হৈছে দক্ষিণ কোৰিয়াৰ প্ৰথমজন ৰাষ্ট্ৰপতি যি গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, ৩ ডিচেম্বৰত এঘণ্টাৰ বাবে সামৰিক আইন জাৰি কৰা আৰু তাৰ ফলস্বৰূপে দেশত অশান্তিৰ সৃষ্টি কৰাৰ অভিযোগত ৰাষ্ট্ৰপতিগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। খবৰ অনুসৰি আৰক্ষী আৰু তদন্তকাৰীয়ে য়ুন চুক ইয়োলক গ্ৰেপ্তাৰ কৰে। ইফালে তেওঁক আটক কৰাত বাধা দিবলৈ তেওঁৰ ঘৰৰ বাহিৰত থিয় হৈছিল হাজাৰ হাজাৰ সমৰ্থক। তেওঁলোকক ছত্ৰভংগ দিয়াৰ পিছত তদন্তকাৰীয়ে ৩ হাজাৰ আৰক্ষীক লৈ ঘৰত প্ৰৱেশ কৰি ইয়োলক গ্ৰেপ্তাৰ কৰে।

যোৱা কিছুদিন ধৰি তেওঁক ঘেৰি ধৰিছিল ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে। তেওঁৰ অধিবক্তাই দাবী কৰিছে যে, ইয়োলক অবৈধভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰে ইয়োলৰ অধিবক্তাই কয় যে, তেওঁ তদন্তকাৰীৰ সৈতে কথা পাতিবলৈ সন্মত হৈছে। তেওঁ নিজেই তদন্তত সহযোগ কৰিব।

ইয়াৰ পূৰ্বে ৩ জানুৱাৰীত পদচ্যুত ৰাষ্ট্ৰপতি ইয়োলক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলোৱা হৈছিল। এঘণ্টা ধৰি উত্তেজনাৰ অন্তত তদন্তকাৰীয়ে খালী হাতেৰে উভতি আহিব লগা হয়।

ডিচেম্বৰ মাহত হঠাতে ৰাষ্ট্ৰপতি য়ুন চুক ইয়োলে সামৰিক আইন ঘোষণা কৰে। ইয়োলে দাবী কৰে যে, বিৰোধীয়ে চৰকাৰক উফৰাই পেলাবলৈ চেষ্টা কৰিছে। কিন্তু সামৰিক আইন ঘোষণা কৰাৰ পাছতে ইয়োলে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় । ইয়াৰ লগে লগে এই সিদ্ধান্ত এঘণ্টাৰ ভিতৰতে প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল য়ন চুক ইয়োলে। ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ মাজতে ১৪ ডিচেম্বৰত তেওঁক পদচ্যুত কৰা হৈছিল।

Latest News