নিজ দেশৰ নাগৰিকৰ ওপৰতেই বোমা নিক্ষেপ দক্ষিণ কোৰিয়াৰ…
দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন যুঁজাৰু বিমানে ভুলবশতঃ এটা অসামৰিক অঞ্চলত ৮ টা বোমা নিক্ষেপ কৰে। এই ভয়ংকৰ দুৰ্ঘটনাত ৭ জন লোক আহত হয়।

ফাইটাৰ জেট
উত্তৰ কোৰিয়াৰ চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে প্ৰশিক্ষণৰ সময়ত এখন যুঁজাৰু বিমানে ভুলবশতঃ এটা অসামৰিক অঞ্চলত ৮ টা বোমা নিক্ষেপ কৰে। এই ভয়ংকৰ দুৰ্ঘটনাত ৭ জন লোক আহত হয়। এই সন্দৰ্ভত বায়ু সেনাই এক বিবৃতি প্ৰদান কৰি কয় যে, কে এফ-১৬ যুঁজাৰু বিমানৰ দ্বাৰা অসামান্যভাৱে নিক্ষেপ কৰা এম কে-৮২ বোমা ফায়াৰিং ৰেঞ্জ ( বোমা নিক্ষেপৰ বাবে নিৰ্ধাৰিত স্থান) ৰ বাহিৰত পৰে। যাৰ ফলত অসামৰিক ক্ষেত্ৰত বহু ক্ষতিসাধন হয়। উত্তৰ কোৰিয়া সীমান্তৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা স্থানত এই ঘটনা সংঘটিত হৈছে।
বিবৃতিটোত কয় যে, এই দুৰ্ঘটনাৰ কাৰণ জানিবৰ বাবে আৰু তদন্ত কৰি ক্ষতিপূৰণ মূল্যায়ন কৰিবলৈ এখন কমিটী গঠন কৰা হ’ব। জানিব পৰা মতে এই যুদ্ধ বিমানখনে বায়ুসেনাৰ সৈতে যৌথ অনুশীলনত অংশ লৈছিল। সাধাৰণ নাগৰিকৰ হতাহতিৰ বাবে ক্ষমা বিচাৰি বায়ুসেনাই আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ইয়াৰোপৰি ভুক্তভোগীক ক্ষতিপূৰণ দিয়াৰ লগতে অন্যান্য প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও কয় বিভাগীয় কৰ্তৃপক্ষই। অৱশ্যে এই ঘটনা সন্দৰ্ভত অন্য তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।
উত্তৰ কোৰিয়া সীমান্তৰ সমীপত
দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি এই ঘটনা উত্তৰ কোৰিয়াৰ সীমান্তৱৰ্তী প’চেওন চহৰত সংঘটিত হৈছে। যোনহাপ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ৫ জন সাধাৰণ নাগৰিক আৰু দুজন জোৱান আহত হৈছে। ইয়াৰে আহত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি বিস্ফোৰণৰ সময়ত গাড়ী চলাই থকা এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ ডিঙিত বিস্ফোৰকৰ সামগ্ৰীয়ে খুন্দা মাৰে। এই সন্দৰ্ভত লোকজনে কয় যে, গাড়ী চলাই থাকোতে মই বিস্ফোৰণৰ শব্দ শুনিছিলো, যেতিয়া মই সাৰ পাইছিল তেতিয়া দেখিছিলো যে মই এম্বুলেন্সত আছিলো।
দক্ষিণ কোৰিয়া আৰু আমেৰিকাই ১০ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ যৌথ অনুশীলন কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত এয়া হব প্ৰথম অনুশীলন। উল্লেখ্য যে, ২০২২ চনত দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ মাজত যৌথ অনুশীলন হৈছিল। সেই সময়ত সৈন্যই কম দূৰত্বৰ পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল যি বিকল হৈ সামৰিক ঘাটিৰ গলফ খেলপথাৰত খুন্দা মাৰিছিল। ইয়াৰ ফলত বিস্ফোৰণ হোৱা নাছিল যদিও জনসাধাৰণৰ মাজত আতংকই বিৰাজ কৰিছিল।