5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিহত ১২০ৰো অধিক! দক্ষিণ কোৰিয়াৰ বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল…

দেওবাৰে দক্ষিণ কোৰিয়াৰ বয়িং ৭৩৭-৮০০ বিমানখন ভয়ংকৰ দুৰ্ঘটনাতপতিত হয়। যাৰ ফলত ১২০ জনলোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়। এই মৃত্যুৰ সংখ্যা পৰৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই বিমান দুৰ্ঘটনাৰ এটা ভিডিঅ' বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

নিহত ১২০ৰো অধিক! দক্ষিণ কোৰিয়াৰ বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল…
দক্ষিণ কোৰিয়াImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 29 Dec 2024 12:52 PM

কিছুদিন পূৰ্বে কাজখাস্তানত হোৱা বিমান দুৰ্ঘটনাৰ পাছত দেওবাৰে পুনৰ এক বিমান দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি দক্ষিণ কোৰিয়াৰ বয়িং ৭৩৭৮০০ বিমান বিমানখন মুআন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বৰ্তমানলৈকে ১২০ জনলোকৰ মৃত্যু হৈছে। এই মৃত্যুৰ সংখ্যা পৰৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনআ আছে। ইয়াৰোপৰি আন বহু যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত বিমান দুৰ্ঘটনাৰ ভয়ংকৰ সময়খিনি আৱদ্ধ হৈছে।

এই ভিডিঅটোত দেখা গৈছে যে, বিমানখন ৰাণৱেৰ গৈ আছে, প্ৰথম অৱস্থাত সকলো স্বাভাৱিক যে লাগে যদিও কেইছেকেণ্ড মানৰ পাছত বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু ৰাণৱেৰ তললৈ পিছলি এখন দেৱালত খুন্দা মাৰে। ইয়াৰ লগে লগে বিমানখনত জুই লাগে আৰু চাৰিওফালে ধোঁৱা ধোঁৱা হৈ পৰে।

 

ওপৰৰ ভিডিঅ’টোত দেখা গৈছে যে, দেৱালখনত খুন্দা মৰাৰ লগে লগে বিমানখন বিস্ফোৰণ হয় আৰু চাৰিওফাল জুই আৰু ধোঁৱাময় হৈ পৰে। ঘটনাৰ লগে লগে বিমান কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই আৰু যাত্ৰীসকলক উদ্ধাৰ কৰে। কিন্তু এই বিমান দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বিমানখনত থকা আধাতকৈ অধিক যাত্ৰীৰ মৃত্যু হয়।.

বিমানখনত প্ৰায় ১৮১ জন যাত্ৰী আছিল আৰু বৰ্তমান সময়লৈকে ইয়াৰে ১২০ জনলোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা পৰৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে। কেইবাজনৰ অৱস্থা সংকটজনক। অনলাইন ফ্লাইট ট্ৰেকিং ৱেবচাইট FlightRadar24 ৰ মতে বিমানখন বেংককৰ পৰা মুআন হৈ আছিল। ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই মৃতসকলৰ পৰিচয় উদ্ধাৰ কৰাৰ চেষ্টা কৰি আছে লগতে কি কাৰণে এই বিমান দুৰ্ঘটনাগ্ৰস্ত হয় তাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।

বিমান ট্ৰেকিং ৱেবছাইট ফ্লাইট ৰাডাৰ ২৪ য়ে প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখন বয়িং ৭৩৭৮০০ মডেলৰ হোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, বিমানবন্দৰত লেণ্ডিং গিয়াৰত সমস্যাৰ সৃষ্টি হোৱাৰ পিছতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত দক্ষিণ কোৰিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি চয় চাংমুৱে এই বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে আজাৰাবাইজানৰ এখন বিমান কাজখাস্তানত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। যাৰ ফলত প্ৰায় ৩৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজন আহত হৈছিল। এই দুৰ্ঘটনাৰ পাছতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয় ক্ৰেমলিনে কয় যে ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ ফলত বুধবাৰে গ্ৰ’জনীৰ ওচৰৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাত গুলীচালনা কৰা হৈছিল। আনহাতে বিমান দুৰ্ঘটনাৰ তদন্ত চলি থকাৰ মাজতে  ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে পোনপটীয়াকৈ আজাৰবাইজানৰ ৰাষ্ট্ৰপতিলৈ ফোন কৰি দুৰ্ঘটনাৰ বাবে ক্ষমা বিচাৰিছে।

Latest News