Israel: ইজৰাইলৰ প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা! গ্ৰেপ্তাৰ ইৰাণৰ চোৰাংচোৱা কৰা ৭ ইজৰাইলী নাগৰিক... | spy for iran arrested 7 suspected Israel man Assam news - Assam Tv9

Israel: ইজৰাইলৰ প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা! গ্ৰেপ্তাৰ ইৰাণৰ চোৰাংচোৱা কৰা ৭ ইজৰাইলী নাগৰিক…

Israel: ইজৰাইলে ইতিমধ্যে হামাছ আৰু হিজাবুল্লাহৰ কেইবাগৰাকী শীৰ্ষ নেতাক হত্যা কৰিছে। এই সকলোবোৰৰ মাজতে ইজৰাইলৰ বিৰুদ্ধে থিয় দিছে ইৰাণ। ইৰাণে ইজৰাইলক আক্ৰমণ কৰি এক প্ৰকাৰ সকিয়াই দিছে যে হামাছ আৰু হিজাবুল্লাহ অকলশৰীয়া নহয়।

Israel: ইজৰাইলৰ প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা! গ্ৰেপ্তাৰ ইৰাণৰ চোৰাংচোৱা কৰা ৭ ইজৰাইলী নাগৰিক...

ইজৰাইলৰ প্ৰধানমন্ত্ৰী

Published: 

22 Oct 2024 12:07 PM

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ শাম কটাৰ নাম লোৱা নাই। নিতৌ ন ন আক্ৰমণৰ ঘটনাৰ খবৰ পোহৰলৈ আহে। ইজৰাইলে ইতিমধ্যে হামাছ আৰু হিজাবুল্লাহৰ কেইবাগৰাকী শীৰ্ষ নেতাক হত্যা কৰিছে। এই সকলোবোৰৰ মাজতে ইজৰাইলৰ বিৰুদ্ধে থিয় দিছে ইৰাণ। কিছুদিন পূৰ্বে ইজৰাইলৰ ওপৰত ইৰাণে আক্ৰমণ কৰি এক প্ৰকাৰ বুজাই দিছিল যে হামাছ, হিজাবুল্লাহ অকলশৰীয়া নহয়। কিয়নো তেওঁলোকৰ লগত আছে শক্তিশালী ইৰাণ।

ইয়াৰ মাজতে ইজৰাইলৰ পৰা এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। ইজৰাইলৰ বিষয়াই জনোৱা অনুসৰি, ইৰাণৰ বাবে চোৰাংচোৱা কৰা ৭ জন ইজৰাইলীলোকক গ্ৰেপ্তাৰ কৰিছে। ইৰাণৰ সহায়ৰ বাবে গঠন কৰা এই নেটৱৰ্কটো ধ্বংস কৰিছে ইজৰাইলে । ইজৰাইলৰ আৰক্ষী আৰু ইজৰাইলৰ নিৰাপত্তা সংস্থা শ্বিন বেটৰ এক বিবৃতিত কয় যে দেশখনৰ উত্তৰ অঞ্চলৰ পৰা ৭ জন ইজৰাইলী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি এই লোককেইজনে ২ জন ইৰাণী এজেন্টৰ কথা মতে ২ বছৰ ধৰি গোপন অভিযান চলাই আছিল।  তেওঁলোকৰ ওপৰত ইজৰাইলৰ বায়ুসেনা আৰু নৌসেনাৰ ইনষ্টলেচন, বন্দৰ, আইৰন ড’ম মিছাইল ডিফেন্স চিষ্টেম আৰু এটা বিদ্যুৎ কেন্দ্ৰৰ ফটো তুলি তথ্য সংগ্ৰহ কৰাৰ সন্দেহ কৰা হৈছে।

বিবৃতিটোত কয় যে, সন্দেহযুক্ত লোককেইজনে দক্ষিণৰ নেগেৱ ৰেগিষ্টানস্থিত বিমান ঘাটিত চকু ৰাখিছিল। এই বিমান বন্দৰটোতেই ইৰাণে ১ অক্টোবৰত মিছাইলেৰে আক্ৰমণ কৰিছিল। অৱশ্যে এই লোককেইজনক কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছে সেই সন্দৰ্ভত তথ্য প্ৰকাশ কৰা নাই। লগতে বিবৃতিত কোৱা হৈছে যে, তেওঁলোকে জানিছিল যে চোৰাংচোৱা তথ্য ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু ই শত্ৰুৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সুবিধা প্ৰদান কৰিব পাৰে, তাৰ পাছতো এইসকলে দেশৰ বিপৰীতে গৈ ইৰাণক সহায় কৰিছিল ।

বিবৃতিটোত ৫ জন সন্দেহযুক্তৰ নাম প্ৰকাশ কৰা হৈছে যদিও কিশোৰ দুজনৰ নাম প্ৰকাশ কৰা নাই।  তথ্য প্ৰদানৰ নামত এই লোকসকলক লাখ লাখ ডলাৰ দিয়া হৈছিল, ইয়াৰে কিছুমান ক্ৰিপ্টোকাৰেন্সীত আছিল। ইজৰাইলৰ বাতৰি অনুসৰি তেওঁলোকে ধনৰ লোভত এই কাম কৰিছিল।

ইজৰাইলৰ ন্য়ায় মন্ত্ৰালয় অনুসৰি এই লোককেইজনে ইৰাণৰ সৈতে মিলি ইজৰাইলত আক্ৰমণ পৰিকল্পনা কৰিছিল। ইৰাণে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকো হত্যা কৰাৰ চেষ্টা কৰিছিল।  উল্লেখ্য যে, ১ অক্টোবৰত তেহৰানে ইজৰাইলত চলোৱা ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ প্ৰতিশোধ ল’ব বুলি ইজৰাইল চৰকাৰে প্ৰকাশ কৰিছে। ইয়াৰোপৰি গাজাৰ ওপৰত চলি থকা আক্ৰমণ সন্দৰ্ভত ইজৰাইলে কৈছে যে যেতিয়ালৈকে সকলো পণবন্দীক এৰি দিয়া নহয়, তেতিয়ালৈকে এই আক্ৰমণ অব্যাহত থাকিব।

 

Latest Stories
India China LAC Patrolling Agreement: ভাৰত-চীনৰ মাজত সম্পন্ন টহলদাৰী চুক্তি, উন্নত হোৱাৰ দিশে দুই দেশৰ সম্পৰ্ক…
নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বিৰতিঃ মেকড’নাল্ডছত ফ্ৰেঞ্চ ফ্ৰাই পৰিৱেশনত লাগিল ট্ৰাম্প
Gaza war: পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, ৮৭ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহুতো…
ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ
ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ অংশ ল’ব ষোড়শতম ব্ৰিকছ সন্মিলনত
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
ঐশ্বৰ্য ৰয় নহয়, এইগৰাকী যুৱতী আছিল ছলমান খানৰ প্ৰথম প্ৰেমিকা
প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...
ছাল, চুলিৰ বাবে উপকাৰী চাউলৰ পানী! এনেদৰে কৰক ব্যৱহাৰ...
তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে কেনেকুৱা লক্ষণে দেখা দিয়ে ? জানক...