এটা শিল বিক্ৰী হৈছে ৮০০০ টকাত , কিনিবলৈ উন্মাদ হৈ পৰিছে মানুহ! আঁৰত আছে এটা আচৰিত কাৰণ…
এই কাহিনীটো আৰম্ভ হৈছিল তেতিয়া, যেতিয়া গেৰী ডাহল নামৰ এজন লোকে বন্ধুসকলক নিজৰ পোহনীয়া জন্তুৰ বিষয়ে অভিযোগ কৰা শুনিছিল। সেই সময়তে পেট ৰকৰ ধাৰণাটো তেওঁৰ মনলৈ আহিছিল। ইয়াৰ পিছত তেওঁ বন্ধুসকলক ক’লে যে আপোনালোকে এনেকুৱা এটা পোহনীয়া জন্তু ৰাখিব লাগে যি শিলৰ দৰে আৰু কেবল সজাই থব পাৰি। তেন্তে মানুহে পোহনীয়া জন্তুৰ সলনি ঘৰত পোহনীয়া শিল ৰাখিব পাৰে ।
![এটা শিল বিক্ৰী হৈছে ৮০০০ টকাত , কিনিবলৈ উন্মাদ হৈ পৰিছে মানুহ! আঁৰত আছে এটা আচৰিত কাৰণ... এটা শিল বিক্ৰী হৈছে ৮০০০ টকাত , কিনিবলৈ উন্মাদ হৈ পৰিছে মানুহ! আঁৰত আছে এটা আচৰিত কাৰণ...](https://images.assamtv9.com/uploads/2025/02/stone-pet-pic.webp?q=50&w=1280)
৮০০০ টকাত বিক্ৰী হৈছে এই শিল
বহু সময়ত এজন ব্যক্তিৰ আচৰিত চখে তেওঁক বেলেগ কৰি তোলে আৰু এই কাম প্ৰায়ে ট্ৰেণ্ডত পৰিণত হয়। এই কাৰণেই বহুবাৰ মানুহৰ সন্মুখত অদ্ভুত ট্ৰেণ্ড দেখিবলৈ পোৱা যায়। এনে এটা ট্ৰেণ্ড বৰ্তমান সময়ত বজাৰত চলি আছে। য’ত মানুহে কুকুৰ বা মেকুৰীক নহয়, শিলক পোহনীয়া হিচাপে ৰাখিছে। এয়া আপোনাৰ বাবে অলপ আচৰিত যেন লাগিলেও, সম্পূৰ্ণ সঁচা। আচৰিত কথাটো হ’ল এই চখটো ৫০ বছৰ পুৰণি, কিন্তু এতিয়া পুনৰ চৰ্চা লাভ কৰিছে।
এই কাহিনীটো আৰম্ভ হৈছিল তেতিয়া, যেতিয়া গেৰী ডাহল নামৰ এজন লোকে বন্ধুসকলক নিজৰ পোহনীয়া জন্তুৰ বিষয়ে অভিযোগ কৰা শুনিছিল। সেই সময়তে পেট ৰকৰ ধাৰণাটো তেওঁৰ মনলৈ আহিছিল। ইয়াৰ পিছত তেওঁ বন্ধুসকলক ক’লে যে আপোনালোকে এনেকুৱা এটা পোহনীয়া জন্তু ৰাখিব লাগে যি শিলৰ দৰে আৰু কেবল সজাই থব পাৰি। তেন্তে মানুহে পোহনীয়া জন্তুৰ সলনি ঘৰত পোহনীয়া শিল ৰাখিব পাৰে । ইয়াৰ সুবিধা হ’ল সেইবোৰক গা ধুওৱা, খুৱাব বা ফুৰাব নালাগে। লগতে কম টকাতে মনোৰঞ্জন দিবলৈ যথেষ্ট।
আকৌ কিয় আৰম্ভ হ’ল এই উন্মাদনা?
একেধৰণৰ কথা কৈ গেৰী ডাহলে ১৯৭০ চনত পেট ৰক বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। পোহনীয়া শিলৰ উন্মাদনা অতি শীঘ্ৰে চখত পৰিণত হ’ল। যাৰ বাবেই গেৰীয়ে ইয়াৰ পৰা বহুত টকা উপাৰ্জন কৰিছিল। উল্লেখ্য যে, পেট ৰক এটা মসৃণ শিল। প্ৰথম যেতিয়া বজাৰত বিক্ৰীৰ বাবে আহিছিল, তাৰ ভিতৰত খেৰৰ বিচনা আছিল আৰু এনেদৰে প্ৰস্তুত কৰা হৈছিল যেন এটা পোহনীয়া বস্তু! ইয়াৰ লগতে প্ৰাকৃতিকভাৱে উশাহ-নিশাহৰ ল’বলৈ বায়ুৰ ফুটাও তৈয়াৰ কৰা হৈছিল।
লগতে এয়াই কোৱা হৈছিল যে ই আগন্তুক বহু বছৰলৈ আপোনাৰ নিষ্ঠাবান বন্ধু আৰু সংগী হৈ থাকিব। ইয়াৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল ইয়াৰ কেতিয়া মৃত্যু নহয়, বেমাৰ নহয়, আৰু ইয়াৰ আয়ুস অতি দীঘলীয়া, গতিকে আপোনালোক দুয়ো কেতিয়াও পৃথক হ’ব নালাগে। এই পেকেজিঙৰ লগতে এখন কিতাপ দিয়া হৈছিল, য’ত লিখা আছিল যে ইয়াৰ যত্ন কেনেকৈ ল’ব লাগে। এই সকলোবোৰৰ ফলত ১৯৭৫ চনৰ ডিচেম্বৰ মাহত বৰদিনৰ বতৰত পেট ৰকৰ বিক্ৰী যথেষ্ট বৃদ্ধি পায়। ইয়াৰ পিছত ইয়াৰ জনপ্ৰিয়তা শেষ হ’ল। ২০২২ চনত খেলনা কোম্পানী ছুপাৰ ইম্পলছে ইয়াৰ অধিকাৰ ক্ৰয় কৰি পুনৰ সজীৱ কৰি তুলিলে আৰু এতিয়া ইয়াৰ চাহিদা বহুত বৃদ্ধি পাইছে আৰু মানুহে ইয়াৰ বাবে বিচৰা দাম দিবলৈ সাজু হৈছে।