অশান্ত বাংলাদেশ! আঁৰত আছে নেকি পাকিস্তানৰ হাত? সবিশেষ জনালে আৱামী লীগৰ নেতাই…
সূত্ৰ মতে, দেশৰ অন্তৱৰ্তীকালীন চৰকাৰে হিন্দু হত্যাৰ পৰা আৱামী লীগ আনকি বংগবন্ধুকো "নিচিহ্ন কৰা"ৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ কূটকৌশল । এতিয়া ঘটনাৰ প্ৰায় ছমাহ পাছত চুবুৰীয়া দেশখনত সৃষ্টি হৈছে নতুন শংকাৰ । আকৌ এবাৰ বিদ্বেষৰ জুয়ে দহিছে বাংলাদেশক ।
![অশান্ত বাংলাদেশ! আঁৰত আছে নেকি পাকিস্তানৰ হাত? সবিশেষ জনালে আৱামী লীগৰ নেতাই... অশান্ত বাংলাদেশ! আঁৰত আছে নেকি পাকিস্তানৰ হাত? সবিশেষ জনালে আৱামী লীগৰ নেতাই...](https://images.assamtv9.com/uploads/2025/02/Bangladesh-7.webp?q=50&w=1280)
বাংলাদেশৰ হিংসাৰ আঁৰত আছে নেকি পাকিস্তানৰ হাত?
আকৌ অশান্তিৰ গহ্বৰত বাংলাদেশ । প্ৰায় ছমাহ পূৰ্বে পতন ঘটিছিল হাছিনা চৰকাৰৰ । তেতিয়াৰ পৰা সমগ্ৰ দেশতে বিৰাজ কৰিছে ৰাজনৈতিক অস্থিৰতাই । সূত্ৰ মতে, দেশৰ অন্তৱৰ্তীকালীন চৰকাৰে হিন্দু হত্যাৰ পৰা আৱামী লীগ আনকি বংগবন্ধুকো “নিচিহ্ন কৰা”ৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ কূটকৌশল । এতিয়া ঘটনাৰ প্ৰায় ছমাহ পাছত চুবুৰীয়া দেশখনত সৃষ্টি হৈছে নতুন শংকাৰ । আকৌ এবাৰ বিদ্বেষৰ জুয়ে দহিছে বাংলাদেশক ।
কালি এটা দলে ধানমণ্ডিত থকা বংগবন্ধুৰ বাসগৃহত আক্ৰমণ কৰে । প্ৰথমে ঘৰটো ভাঙিবলৈ অনা হয় বুলডজাৰ । তাৰ পাছত কৰা হয় অগ্নিসংযোগ । স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, হিংসাত্মক ঘটনাৰ সময়ত দুস্কৃতিকাৰীৰ মুখত ‘নাৰা-ই-তকবীৰ’ শ্লোগান শুনা যায় ।
সেই দেশত বসবাস কৰা আৱামি লীগৰ নেতা-কৰ্মীৰ এটা অংশক ইতিমধ্যে এই ঘটনাই জোকাৰি গৈছে । সূত্ৰ অনুসৰি কালিৰে পৰা কেৱল বংগবন্ধুৱেই নহয়, আৱামী লীগৰ আন আন নেতাসকলৰ ঘৰতো আক্রমণ হৈছে ৷ কিন্তু এই উত্তেজনাৰ কাৰণ কি ?
বিশেষজ্ঞৰ মতে দেশৰ ভিতৰতে পুনৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে আৱামী লীগ । দেশ-বিদেশৰ সমৰ্থকসকলৰ সৈতে ভাৰ্চুৱেল মিটিং অনুষ্ঠিত কৰিছে হাছিনাই । আনকি দলটোৰ কিছুমান কাৰ্যসূচীও এই মাহত বাংলাদেশত অনুষ্ঠিত কৰাৰ কথা । তাৰ পূৰ্বেই মৌলবাদীয়ে আৱামী লীগৰ ‘বুজাবুজি’ নীতিক বিফল কৰিবলৈ বংগবন্ধুৰ স্মৃতিক মাটিত মিলায় দিয়ে ।
আৱামী লীগৰ মূল ছাত্ৰ সংগঠন ছাত্ৰ লীগৰ সভাপতি ছাদ্দাম হুছেইনে এই সন্দৰ্ভত টিভি ৯ ক কয়, “বাংলাদেশত এখন উগ্ৰ মৌলবাদী চৰকাৰ গঠন হৈছে । যিসকলে ৰাইজৰ কথা নাভাবে । আপোনালোকে হয়তো প্ৰশ্ন কৰিব পাৰে যে কিয় ? ৰাইজৰ ৰায়ৰ ওপৰত ভিত্তি কৰি এই চৰকাৰ গঠন হোৱা নাছিল । মৌলবাদী অভ্যুত্থানৰ জৰিয়তেহে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ।”
মৌলবাদীসকল শ্বেখ মুজিবুৰৰ স্মৃতি নিচিহ্ন ইমান আগ্ৰহী কিয় ? ছাদ্দামে দাবী কৰে, “তেওঁলোকে পাকিস্তানী মতাদৰ্শৰে বাংলাদেশ চলাব বিচাৰে ।” সেইবাবেই তেওঁলোকে এনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । কাৰণ তেওঁলোকে জানে যে বংগবন্ধুৰ স্মৃতি থকালৈকে বাংলাদেশৰ ৰাইজে এইবোৰ কেতিয়াও মানি নলয় ।