শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নাছাৰ অভিযান বাতিল! পুনৰ অনিৰ্দিষ্ট কাললৈ বৃদ্ধি সুনীতা উইলিয়ামছৰ অপেক্ষা…

ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ যোৱা ৯ মাহ ধৰি মহাকাশত আবদ্ধ হৈ আছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক বেয়া খবৰ। বাতিল কৰা হৈছে দুয়োজনক পৃথিৱীলৈ ঘূৰাই আনিবলৈ আৰম্ভ  কৰিবলগীয়া ক্ৰু-10 অভিযান। যাৰ জৰিয়তে আন ৪ জন মহাকাশচাৰীক মহাকাশলৈ পঠিওৱাৰ পৰিকল্পনা কৰা হৈছিল।

নাছাৰ অভিযান বাতিল! পুনৰ অনিৰ্দিষ্ট কাললৈ বৃদ্ধি সুনীতা উইলিয়ামছৰ অপেক্ষা…
পুনৰ অনিৰ্দিষ্ট কাললৈ বৃদ্ধি সুনীতা উইলিয়ামছৰ অপেক্ষা
trishna-kalita
Trishna Kalita | Published: 13 Mar 2025 12:09 PM

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ যোৱা ৯ মাহ ধৰি মহাকাশত আবদ্ধ হৈ আছে। সকলোৱে তেওঁৰ উভতি অহাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে পোহৰলৈ আহিছে আন এক বেয়া খবৰ। প্ৰকৃততে স্পেচএক্সে ৪ জন মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছিল। এই ক্ৰু পঠোৱাৰ পিছতহে সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে পৃথিৱীলৈ ঘূৰি আহিব পাৰিব। এই ক্ৰু-১০ বুধবাৰে পঠিয়াব লাগিছিল যদিও ৰকেটৰ লঞ্চপেডত শেষ মুহূৰ্তত হোৱা কাৰিকৰী বিজুতিৰ বাবে স্পেচএক্সে ক্ৰু-10ৰ উৎক্ষেপণ বাতিল কৰে।

সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ ঠাইত এই ৪ জন মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ পঠিয়ালেহে উভতি আহিব পাৰিব তেওঁলোক । বিগত ৯ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ আছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ। এই অভিযান ৮ দিনৰ আছিল যদিও বয়িঙৰ ষ্টাৰলাইনাৰৰ বিজুতিৰ বাবে দুয়োজনে বৰ্তমানলৈ মহাকাশত আৱদ্ধ হৈ আছে।

ক্ৰু-10 উৎক্ষেপণৰ সময়ত বিষয়াসকলে এই অভিযান বাতিল কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত কোন তাৰিখে এই অভিযান আৰম্ভ কৰা হ’ব সেই কথা এতিয়াও ঘোষণা কৰা হোৱা নাই। নাছাই মহাকাশ কেন্দ্ৰৰ পৰা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰক ঘূৰাই অনাৰ বাবে অহৰহ চেষ্টা চলাই আছে। এফালে ২০২৫ চনৰ ১৯-২০ মাৰ্চত তেওঁলোক ঘূৰি আহিব বুলি আশা কৰা হৈছে যদিও আনফালে নাছাৰ তেওঁলোকক ঘূৰাই অনাৰ আন এটা পৰিকল্পনাত বিফলতাৰ সন্মুখীন হৈছে।

নাছাই সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ ঠাইত আন ৪ জন মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছিল। তেওঁলোকক পঠিয়াবলৈ ফ্ল’ৰিডাৰ পৰা স্পেচএক্স ৰকেট নিক্ষেপ কৰাৰ পৰিকল্পনা আছিল যদিও এতিয়া এই উৎক্ষেপণ বাতিল কৰা হৈছে।মহাকাশচাৰী সুনীতা আৰু বুচ উইলম’ৰ দুয়োজনেই নৌসেনাৰ অভিজ্ঞ পৰীক্ষামূলক পাইলট। দুয়োজনেই আই এছ এছলৈ যোৱাৰ সময় মাত্ৰ ৮ দিনৰ বাবে আছিল যদিও তেওঁলোকৰ মিছন বহু দিন আগবাঢ়ি গৈছে। উল্লেখ্য যে, মহাকাশলৈ লৈ যোৱা বয়িঙৰ ষ্টাৰলাইনাৰ কেপচুলৰ বিজুতি ঘটিছিল, তাৰ পিছত দুই মহাকাশচাৰী অবিহনেই পৃথিৱীলৈ উভতি আহিছিল কেপচুলটো ।

 

কি পৰিস্থিতিত আছে দুয়োজন মহাকাশচাৰী?

নাছাই নিশ্চিত কৰিছে যে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ গৱেষণা আৰু ৰক্ষণাবেক্ষণত সহায় কৰি বুচ উইলম’ৰ আৰু সুনীতা উইলিয়ামছ সুৰক্ষিত অৱস্থাত আছে। ৪ মাৰ্চত কৰা এক আহ্বানত উইলিয়ামছে মিছনৰ পিছত পৰিয়াল আৰু পোহনীয়া কুকুৰক লগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে।