মহাকাশৰ পৰা পৃথিৱীলৈ সুনীতা উইলিয়ামছৰ যাত্ৰা..নাছাৰ কেমেৰাত বন্দী বিৰল মুহূৰ্তৰ দৃশ্য…

ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ ৯ মাহৰ পাছত পৃথিৱীত উপস্থিত হৈছে। তেওঁৰ লগতে আছে ক্ৰু-৯ৰ আৰু দুজন মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভ। এই লোকসকলক মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিবলৈ ১৭ ঘণ্টা সময় লাগিছিল। ১৮ মাৰ্চ মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ৰাওনা হৈছিল চাৰিওজন মহাকাশচাৰীয়ে।

মহাকাশৰ পৰা পৃথিৱীলৈ সুনীতা উইলিয়ামছৰ যাত্ৰা..নাছাৰ কেমেৰাত বন্দী বিৰল মুহূৰ্তৰ দৃশ্য...

মহাকাশৰ পৰা পৃথিৱীলৈ সুনীতা উইলিয়ামছৰ যাত্ৰা

Published: 

19 Mar 2025 08:07 AM

২০২৪ চনৰ ৫ জুনত বয়িঙৰ নতুন ষ্টাৰলাইনাৰ ক্ৰু কেপচুলত উঠি মহাকাশলৈ গৈছিল সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে। মাত্ৰ এসপ্তাহৰ পিছত  তেওঁলোক ঘূৰি আহিব বুলি আশা কৰা হৈছিল। মহাকাশ কেন্দ্ৰলৈ যোৱাৰ পথত ইমানবোৰ সমস্যাৰ সৃষ্টি হৈছিল মহাকাশচাৰীসকল নোহোৱাকৈ যে নাছাৰ ষ্টাৰলাইনাৰ পুনৰ পৃথিৱীত উপস্থিত হৈছিল। যাৰ বাবে তেওঁলোক ঘৰলৈ উভতি অহা সময় ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হয়। ইয়াৰ পিছত স্পেচএক্স কেপচুলৰ সৈতে জড়িত সমস্যাৰ বাবে আৰু এমাহ পলম হয়।

স্পেচএক্সৰ ড্ৰেগন কেপচুলৰ সফল অৱতৰণৰ পিছত বুধবাৰে পুৱতি নিশা নাছাৰ ক্ৰু-৯ মহাকাশচাৰী সুনিতা উইলিয়ামছ, নিক হেগ, বুচ উইলম’ৰ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গ’ৰবুনভে ৯ মাহতকৈ অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বায়ুত উশাহ লয়। অৱতৰণৰ পিছত মহাকাশচাৰীসকলক ষ্ট্ৰেচাৰত উঠাই কেপচুলৰ পৰা আঁতৰাই দিয়া হয়। দীৰ্ঘকালীন মহাকাশ অভিযানৰ পৰা উভতি অহা সকলো মহাকাশচাৰীৰ বাবে এই সাৱধানতা অৱলম্বন কৰা হৈছে।

আমেৰিকাৰ সময় অনুসৰি সোমবাৰ-মঙলবাৰৰ মাজ নিশা পুৱা ১ বজাৰ পিছত কোনোবা এটা সময়ত কেপচুলটো আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ পৰা পৃথক হৈ পৰে আৰু তাৰ পিছত পুৱা ৫:৫৭ বজাত (ভাৰতীয় সময় অনুসৰি বুধবাৰে ৩:২৭ বজাত) ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰে।

 

উল্লেখ্য যে, ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ ৯ মাহৰ পাছত পৃথিৱীত উপস্থিত হৈছে। তেওঁৰ লগতে আছে ক্ৰু-৯ৰ আৰু দুজন মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভ। এই লোকসকলক মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিবলৈ ১৭ ঘণ্টা সময় লাগিছিল। ১৮ মাৰ্চ মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ৰাওনা হৈছিল চাৰিওজন মহাকাশচাৰীয়ে।

মহাকাশযানখনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত ইয়াৰ উষ্ণতাই ১৬৫০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল। এই সময়ছোৱাত কিছুসময়ৰ বাবে যোগাযোগৰ ব্লেকআউট হৈছিল। ড্ৰেগন কেপচুলটো পৃথক হোৱাৰ পৰা ফ্ল’ৰিডা মহাসাগৰত অৱতৰণ কৰালৈকে প্ৰায় ১৭ ঘণ্টা সময় লাগিছিল। ফ্ল’ৰিডাৰ উপকূলত কেপচুল অৱতৰণ কৰাৰ লগে লগে ইয়াৰ চাৰিওফালে কেইবাটাও ডলফিনে সাঁতুৰি মহাকাশচাৰীসকলক ঘৰলৈ আদৰণি জনোৱা দেখা গৈছিল।

মঙলবাৰে পুৱা মহাকাশযানখনৰ দুৱাৰখন বন্ধ হৈ যায় আৰু তাৰে কিছু সময়ৰ পাছত মহাকাশযানখন মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হয়। ইয়াৰ পিছত বুধবাৰে নিশা ২.৪১ বজাৰ পৰা ডিঅৰ্বিট বাৰ্ন আৰম্ভ হয়। অৰ্থাৎ কক্ষপথৰ পৰা বিপৰীত দিশত মহাকাশযানখনৰ ইঞ্জিন ফায়াৰ কৰা হৈছিল। যাৰ বাবে মহাকাশযানখনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি ৰাতিপুৱা ৩.২৭ বজাত ফ্ল’ৰিডাৰ উপকূলৰ পানীত অৱতৰণ কৰে।

ড্ৰেগন মহাকাশযানৰ সফল অৱতৰণৰ পিছত সুনীতা উইলিয়ামছকে ধৰি সকলো মহাকাশচাৰীক নিৰাপদে উলিয়াই হয়। ড্ৰেগনৰ পৰা ওলাই অহাৰ লগে লগে সকলো মহাকাশচাৰীয়ে কেমেৰাৰ ফালে চাই হাত জোকাৰি ঘৰলৈ উভতি অহাৰ সুখ প্ৰকাশ কৰে। ইয়াৰ উপৰিও ৯ মাহৰ পাছত পৃথিৱীলৈ ঘূৰি অহাৰ সুখো তেওঁৰ মুখত স্পষ্ট ৰূপত দেখা গৈছে।

গৰমৰ দিনত দৈনিক কেঁচা পিয়াঁজ খালে কি হয় জানেনে?
কোনখন ধৰ্মগ্ৰন্থ আৰু কোনজন ভগৱানৰ মূৰ্তি লৈ সুনীতা মহাকাশত গৈছিল
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা