ভাৰত-বাংলা সীমান্তত পোৱা গৈছে সন্দেহজনক ছিগনেল! গোপন অভিসন্ধিৰ আঁৰত কোন?
বংগৰ পৰা পোহৰলৈ আহিছে আন এক অধিক সন্দেহজনক তথ্য। যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে সীমান্তৰক্ষীসকলো। এক সন্দেহজনক সংকেতে চিন্তিত কৰি তুলিছে সীমান্তৰক্ষীক ।এই সংকেত দক্ষিণ বংগৰ বিভিন্ন জিলাত পোৱা গৈছে। বাংলা, উৰ্দু আৰু আৰবী ভাষাত সংকেত প্ৰেৰণ কৰা হৈছে।

দীৰ্ঘদিন ধৰি সীমান্ত কঁপনি তুলিছে বাংলাদেশ সীমান্তৰক্ষীয়ে। কেতিয়াবা কাঁইটীয়া তাঁৰৰ বাধা, কেতিয়াবা নিজাববীয়াকৈ বাংকাৰ নিৰ্মাণ। বংগৰ এই সকলো কাম-কাজক লৈ অধিক সষ্টম হৈ পৰিছে বিএছএফ। এই ক্ষেত্ৰত কেইবাবাৰো সকীয়াই দিয়া হৈছে বিজিবিক। কিন্তু সলনি হোৱা নাই পৰিস্থিতি ।ইয়াৰ বিপৰীতে পোহৰলৈ আহিছে আন এক অধিক সন্দেহজনক তথ্য। যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে সীমান্তৰক্ষীসকলো। পিছে কি সেই বস্তু? এক সন্দেহজনক সংকেত।
জানিব পৰা মতে ভাৰত-বাংলাদেশ সীমান্তত পোৱা গৈছে সাংকেতিক ছিগনেল। মূলতঃ উৰ্দু আৰু আৰবী ভাষাত লাভ কৰা হৈছে এই সংকেত। এই তথ্য প্ৰকাশ কৰিছে হাম ৰেডিঅ’ অপাৰেটৰে। বিষয়টো ইতিমধ্য়ে অৱগত কৰা হৈছে কেন্দ্ৰীয় চৰকাৰক ।
পিটিআইৰ সূত্ৰ অনুসৰি দক্ষিণ বংগৰ বিভিন্ন জিলাত পোৱা গৈছে এই সংকেত। বাংলা, উৰ্দু আৰু আৰবী ভাষাত প্ৰেৰণ কৰা হৈছে সংকেত। যোৱা কেইমাহমানৰ পৰা নিশাৰ ভাগত এই সংকেত উপলব্ধ হৈ আহিছে। ডিচেম্বৰৰ পৰা বনগাঁৱৰ বাছিৰহাটৰ পৰা সুন্দৰবন অঞ্চললৈ বিশেষ সাংকেতিক ছিগনেল লাভ কৰা হৈছে।
সূত্ৰ অনুসৰি এই সংকেতসমূহ পুৱা ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত পোৱা যায়। এই ছিগনেল লাভ কৰিছে হাম ৰেডিঅ’ই। অৱশ্যে ইয়াৰ তথ্য বিচৰাত নিমাত হৈ পৰে আনটো পক্ষ। যাক লৈ এতিয়া সন্দেহৰ সূত্ৰপাত ঘটিছে। ক’বলৈ গ’লে উগ্ৰপন্থীয়ে প্ৰায়ে নিজৰ মাজত যোগাযোগ কৰিবলৈ হাম ৰেডিঅ’ ব্যৱহাৰ কৰে। যিহেতু মোব’ইলৰ দৰে ইয়াৰ স্থান অনুসৰণ কৰিব নোৱাৰি। সেয়েহে এই ক্ষেত্ৰত সুবিধা অধিক।
উল্লেখ্য যে, ২০২৪ চনৰ ৫ আগষ্টৰ পৰা গৰম হৈ আছে বাংলাদেশ ৰাজনীতি। বংগৰ সিপাৰৰ পৰা দিয়া হৈছে ধাৰাবাহিকভাৱে হিংসাৰ প্ৰৰোচনা । ইয়াৰ পূৰ্বেও পোহৰলৈ আহিছে সন্ত্রাসবাদীৰ গতিবিধি ৷ এই পৰিস্থিতিত এনে সন্দেহজনক সংকেতক লৈ চিন্তিত হৈ পৰিছে বিএছএফ। এতিয়া এই সংকেত অনুসৰণৰ বাবে কলকাতাৰ আন্তঃৰাষ্ট্ৰীয় নিৰীক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।