শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছুইডেনৰ বিদ্যালয়ত গুলীচালনা, ১০ জন লোকৰ মৃত্যু, আহত কেইবাজনো

Sweden Mass shooting: ছুইডেনৰ এখন বিদ্যালয়ত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এই ঘটনাত নিহত হৈছে ১০ জন লোক। আহত হৈছে আন কেইবাজনো লোক।আৰক্ষীৰ মতে যে এজন আক্ৰমণকাৰীয়ে এই ঘটনাটো সংঘটিত কৰিছিল।  অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে সন্দেহযুক্ত আক্ৰমণকাৰীজনৰ সন্দৰ্ভত কোনো ইনপুট লাভ কৰা নাই।

ছুইডেনৰ বিদ্যালয়ত গুলীচালনা, ১০ জন লোকৰ মৃত্যু, আহত কেইবাজনো
চুইডেনৰ বিদ্যালয়ত গুলীচালনা
trishna-kalita
Trishna Kalita | Published: 05 Feb 2025 12:47 PM

ছুইডেনৰ  অৰেব্ৰো চহৰৰ এখন বিদ্যালয়ত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এই ঘটনাত নিহত হৈছে ১০ জন লোক। আহত হৈছে আন কেইবাজনো লোক । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ঘেৰি ৰখা হৈছে সমগ্ৰ অঞ্চলটো। ইফালে আক্ৰমণকাৰীৰ সন্ধানত ডাঙৰ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।

মঙলবাৰে দুপৰীয়া প্ৰায় ১ বজাত সংঘটিত হৈছিল এই ঘটনাটো৷ গুলীচালনাত  আহত হৈছে ১০ জনকৈ লোক৷ অৱশ্যে, তেওঁলোকৰ স্বাস্থ্য অৱস্থা সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই।  তদন্ত আৰু নিৰাপত্তা অভিযানত কোনো ধৰণৰ ব্যাঘাত নাহিবলৈ কৰিবলৈ বিদ্যালয়খনৰ চাৰিওফালৰ এলেকাৰ দূৰত থাকিবলৈ স্থানীয় বাসিন্দাসকলক আহ্বান জনাইছে আৰক্ষীয়ে। অৰেব্ৰো চহৰখনক সাধাৰণতে এক শান্ত আৰু সুৰক্ষিত স্থান বুলি কোৱা হয়। কিন্তু এই ঘটনাৰ পাছত অঞ্চলটোত এক আতংকয়ম পৰিৱেশৰ সৃষ্টি কৰিছে।

চুইডিছ হেৰাল্ডৰ মতে, স্থানীয় আৰক্ষী প্ৰধান ৰবেৰ্টো ফৰেষ্ট অৱ অৰেব্ৰোয়ে কয় যে, “আমি এই সময়ত অধিক তথ্য প্ৰদান কৰিব নোৱাৰো কাৰণ ক্ষতিৰ পৰিমাণ বহু বেছি। মৃতকৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে এয়া এক সন্ত্ৰাসবাদী আক্ৰমণ।” আৰক্ষীৰ মতে যে এজন আক্ৰমণকাৰীয়ে এই ঘটনাটো সংঘটিত কৰিছিল।  অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে সন্দেহযুক্ত আক্ৰমণকাৰীজনৰ সন্দৰ্ভত কোনো ইনপুট লাভ কৰা নাই। এতিয়ালৈকে কোনো সংগঠনৰ সৈতে কোনো সম্পৰ্ক স্থাপন কৰা হোৱা নাই।

বিবিচিৰ মতে, ছুইডেনৰ অৰেব্ৰো ৰিচবাৰ্গস্কা স্কুলত হোৱা গুলীচালনাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰীক্ষা দি আছিল। বিদ্যালয়ৰ শিক্ষয়িত্ৰী লেনা ৱাৰেনমাৰ্কে  SVT সম্প্ৰচাৰকক কয় যে তেওঁ নিজকে এঘণ্টাৰ বাবে নিজৰ অধ্যয়ন কোঠাত বন্দী কৰি ৰাখিছিল। তেওঁ কয়, “আমি প্ৰথমে কিছুমান গুলীবৰ্ষণৰ শব্দ শুনিছিলো, তাৰ পিছত কিছু সময়ৰ পিছত গুলীবৰ্ষণ তীব্ৰতৰ হৈছিল।” অৱশ্যে পৰীক্ষা সমাপ্ত হোৱাৰ বাবে স্বাভাৱিক দিনকৈ সেইদিনা কম শিক্ষাৰ্থী উপস্থিত আছিল।

অৰেব্ৰো  চহৰখন ছুইডেনৰ ৰাজধানী ষ্টকহোমৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত অৱস্থিত। কোৱা হৈছে যে বেছিভাগ শিক্ষাৰ্থী বিদ্যালয়ত থাকোতে ঘটনাটো সংঘটিত হয়।
এই আক্ৰমণত কোনো শিক্ষাৰ্থী আহত হৈছে নে নাই সেয়া বৰ্তমান স্পষ্ট নহয়, আৰু আক্ৰমণৰ আঁৰৰ উদ্দেশ্য এতিয়াও পোহৰলৈ অহা নাই।  বৰ্তমান গোটেই ঘটনাটোৰ তদন্ত অব্যহত ৰাখিছে আৰক্ষীয়ে।