শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্বত প্ৰথম! এইখন হাস্পাতালে সংৰোপন কৰিলে হৃদস্পন্দন চলি থকা হৃদযন্ত্ৰ…

হৃদযন্ত্ৰ সংৰোপনৰ ক্ষেত্ৰত ডাঙৰ সফলতা টাইৱানৰ। NTUH য়ে দাবী কৰা অনুসৰি হৃদস্পন্দন হৈ থকাৰ মাজতে তেওঁলোকে হৃদযন্ত্ৰ সংৰোপন কৰে। বিশ্বত এনে ঘটনা প্ৰথমবাৰৰ বাবে হৈছে, যিয়ে চীন, আমেৰিকাৰ চকুও কঁপালত তুলিছে।

বিশ্বত প্ৰথম! এইখন হাস্পাতালে সংৰোপন কৰিলে হৃদস্পন্দন চলি থকা হৃদযন্ত্ৰ…
টাইৱানImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Apr 2025 20:10 PM

হৃদস্পন্দন চলি থকাৰ মাজতে হাৰ্ট ট্ৰান্সপ্লাণ্ট কৰাৰ কথা কেতিয়াবা শুনিছিল নেকি? হয়তো শুনা নাই। কিয়নো এই ব্যৱস্থা আজিলৈকে বিশ্বই অসম্ভৱ বুলিয়ে ধৰি আহিছে। কিন্তু শেহতীয়াকৈ টাইৱানৰ এখন চিকিৎসালয়ে হৃদ সংৰোপনৰ ক্ষেত্ৰত এখন নতুন ধাৰা আৰম্ভ কৰে। যিয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। টাইৱানৰ চিকিৎসালয়খনৰ সফলতাই চীন, আমেৰিকাৰ দৰে দেশৰ চকু কঁপালত তুলিছে।

টাইৱানৰ নেচনেল ইউনিভাৰ্চিটি হাস্পতালৰ চিকিৎসকে হাৰ্ট ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত এক ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হয়। চিকিৎসকসকলে কৰা দাবী অনুসৰি হৃদ সংৰোপনৰ অস্ত্ৰোপচাৰৰ সময়ত হৃদ দাতাৰ হৃদস্পন্দন অবিৰতভাৱে চলি আছিল। উল্লেখ কৰা প্ৰয়োজন যে,  হাৰ্ট ট্ৰান্সপ্লান্ট বা হৃদ সংৰোপনৰ সময়ত সাধাৰণতে হৃদযন্ত্ৰটো আঁতৰাই সংৰোপনৰ পূৰ্বে ঠাণ্ডা উষ্ণতাত সুৰক্ষিত কৰি ৰখা হৈছিল।

বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত চিকিৎসালয়খনে দাবী কৰে যে ই হৈছে বিশ্বৰ প্ৰথমটো সফল ট্ৰান্সপ্লাণ্ট, য’ত জীৱিত আৰু স্পন্দনশীল হৃদযন্ত্ৰ শৰীৰত ট্ৰান্সপ্লাণ্ট কৰা হৈছে। এই কৃতিত্ব Journal of Thoracic and Cardiovascular Surgery Techniques তো প্ৰকাশ পাইছে।

চিকিৎসালয়খনৰ কাৰ্ডিয়াক চাৰ্জন ডাঃ চি নাই-শ্বিনে কয় যে সাধাৰণতে শৰীৰৰ পৰা আঁতৰ কৰাৰ চাৰি ঘণ্টাৰ ভিতৰত হৃদযন্ত্ৰ এটা সংৰোপন কৰিব লাগে। কিয়নো তাৰ পাছত তেজৰ যোগান বন্ধ হৈ যায় আৰু হৃদযন্ত্ৰৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। কিন্তু এই অস্ত্ৰোপচাৰত চিকিৎসকসকলে ইচিএমঅ’ মেচিন ব্যৱহাৰ কৰিছিল, যিয়ে শৰীৰৰ বাহিৰতো হৃদস্পন্দন কৰি ৰাখে। ইয়াৰ কাৰণে হৃদযন্ত্ৰই অক্সিজেন আৰু তেজ লাভ কৰি থাকে।

দুটা সংৰোপন সফল

চিকিৎসালয়খনে দাবী কৰে যে, এই কৌশল ব্যৱহাৰ কৰি এই পৰ্যন্ত দুটাকৈ সফল ট্ৰান্সপ্লাণ্ট কৰা হৈছে।  এই ব্যৱস্থাৰ ফলত হৃদযন্ত্ৰৰ ক্ষতি ৰোধ কৰাৰ লগতে ট্ৰান্সপ্লাণ্টৰ পিছত হৃদযন্ত্ৰৰ কাম ভালদৰে হয়। লগতে ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পায়। চিকিৎসালয়খনৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ বিভাগৰ সঞ্চালক ডাঃ ইউ শ্বি-ইউৱে কয় যে NTUH য়ে এতিয়ালৈকে ৭০০ৰো অধিক হৃদৰোগ সংৰোপণ কৰিছে। ইয়াৰে ৭৫% ৰোগীয়ে পাঁচ বছৰতকৈ অধিক সময় জীয়াই আছে আৰু আধাতকৈ অধিক ৰোগী ১০ বছৰ সুস্থ হৈ আছে।

টাইৱানত হৃদ দাতাৰ অভাৱ

উল্লেখ্য যে, টাইৱানত হৃদ দাতাৰ তীব্র অভাৱ দেখা গৈছে। চলিত বৰ্ষৰ আগষ্ট মাহলৈকে ৩৪৪ জন লোকক হৃদযন্ত্ৰৰ আৱশ্যক। কিন্তু গড়ে এবছৰত মাত্ৰ ৮০ টা হৃদযন্ত্ৰ দান কৰা হয়। এনে পৰিস্থিতিত চিকিৎসালয়খনে সমাধান হিচাপে ঘৰতে ব্যৱহাৰ কৰা ভেণ্টিকুলাৰ এচিষ্ট ডিভাইচৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত প্ৰায় ১০০ জন ৰোগী উপকৃত হৈছে। টাইৱানৰ এই ব্যৱস্থাই বিশ্বৰ হৃদ ৰোগ ক্ষেত্ৰখনলৈ বিশেষ আশাৰ সঞ্চাৰ কৰিছে।

 

অন্য খবৰ পঢ়কঃ মহিলাৰ দেহত গাহৰিৰ বৃক্ক সংৰোপন, ১৩০ দিন পাছত হ’ল এই ঘটনা…