শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি! বন্ধু ৰাষ্ট্ৰৰ পৰা শুল্ক আদায় কৰিব ট্ৰাম্পে..

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ মাজতে পুনৰ ভাৰতৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ট্ৰাম্প।

ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি! বন্ধু ৰাষ্ট্ৰৰ পৰা শুল্ক আদায় কৰিব ট্ৰাম্পে..
প্ৰধানমন্ত্ৰী- ৰাষ্ট্ৰপতিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 05 Mar 2025 10:34 AM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্ৰাম্পে এটাৰ পাছত আন এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ইয়াৰ মাজতে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকা কংগ্ৰেছক সম্বোধন কৰি ভাষণ প্ৰদান কৰে। এই সময়চোৱাত শুল্কৰ ক্ষেত্ৰত তেওঁ ভাৰত আৰু চীনক লক্ষ্য কৰি লয়। ট্ৰাম্পে কয়, যিয়ে আমাৰ পৰা শুল্ক লয় আমিও তেওঁলোকৰ পৰা শুল্ক আদায় কৰিম। ইয়াৰ মাজতে ট্ৰাম্পে তেওঁৰ চৰকাৰৰ কাম-কাজৰ বিষয়েও কয়।

২০ জানুৱাৰীত ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছত চৰকাৰে কি কৰি কৰিলে আৰু ভৱিষ্যতৰ পৰিকল্পনা কি সেই বিষয়েও কয়। লগতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ চেষ্টা অব্যাহত ৰাখিব বুলিও ট্ৰাম্পে কয়। তেওঁ কয় যে, আমেৰিকা ইজ বেক (আমেৰিকা ঘূৰি আহিছে)। আমেৰিকাৰ গৌৰৱ ঘূৰি আহিছে। আত্মবিশ্বাস ঘূৰি আহিছে। আমি বিপুল ভোটত নিৰ্বাচনত জয়ী হৈছো। লগতে কয় যে, ক্ষমতালৈ অহাৰ পাছত মই বহু আদেশত স্বাক্ষৰ কৰিছো। ৬ সপ্তাহত ৪০০ৰো অধিক সিদ্ধান্ত লৈছো। গতিকে আমেৰিকাক পুনৰ মহান কৰিবলৈ সকলোৱে মিলি কাম কৰিব লাগিব। এই সময় ডাঙৰ সপোন দেখাৰ।

বিশ্ব স্বাস্থ্য সংস্থা সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে,মই WHOৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। মই প্ৰথম কাৰ্যকালত বহু নীতি নিয়ম গ্ৰহণ কৰিছিলো আৰু এতিয়াও একেই কামে কৰি আছো। আমেৰিকালৈ মুক্ত মন্তব্য কৰাৰ পৰিৱেশ ঘূৰি আহিছে। ইংৰাজীক আমেৰিকাৰ চৰকাৰী ভাষা কৰি তোলাৰ আদেশত স্বাক্ষৰ কৰিছো।

শুল্ক

এই ভাষণৰ সময়ত কৰ কৰ্তনৰ কথা ঘোষণা কৰে ট্ৰাম্পে। তেওঁ লগতে কয়, চীন, ভাৰত, ব্ৰাজিলৰ দৰে দেশে আমাৰ পৰা শুল্ক আদায় কৰে। এয়া ভাল কথা নহয়। গতিকে আমাৰ পৰা যি দেশে শুল্ক লয় আমিও তেওঁলোকৰ পৰা আদায় কৰিম। ২ এপ্ৰিলৰ পৰা এই কাম আৰম্ভ হ’ব। এই শুল্কই আমেৰিকাক পুনৰ ধনী কৰিব বুলি ট্ৰাম্পে কয়।

ভাষণত ট্ৰাম্পে আৰক্ষীসকলৰ বাবেও ডাঙৰ ঘোষণা কৰিছে। তেওঁ কয় যে, আমেৰিকাত আৰক্ষী বিষয়াক হত্যা কৰিলে হ’ব মৃত্য়ুদণ্ড। ইয়াৰ লগতে তেওঁ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অন্ত পেলাব লাগে বুলিও কয়। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, আমি ইউক্ৰেইনক ৰক্ষা কৰিবলৈ বহু ধন খৰচ কৰিলো। এতিয়া আমি শান্তিৰ বাবে কাম কৰি যাম। যুদ্ধৰ বাবে যাতে আৰু কোনো মানুহ নিহত নহয়।

উল্লেখ্য যে, ট্ৰাম্পে শাসন গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ (সংসদ)ক সম্বোধন কৰে। এই উপলক্ষে তেওঁৰ পত্নী মেলোনিয়াই অতিথি হিচাপে আমন্ত্ৰণ কৰিছিল এজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক,এগৰাকী আমেৰিকান শিক্ষকৰ পৰিয়ালকে ধৰি সাধাৰণ পটভূমিৰ বহু লোকক।