চুম্বন! মৌলবাদীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে কিতাপৰ বিপণি, তছলিমা নাছৰিনৰ ডাঙৰ অভিযোগ…

পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে বাংলাদেশৰ লেখিকা তছলিমা নাছৰিন। লেখিকাগৰাকীৰ কিতাপ থকাৰ বাবে ভাঙি দিয়া হ'ল গ্ৰন্থমেলাৰ কিতাপৰ বিপণি।

চুম্বন! মৌলবাদীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে কিতাপৰ বিপণি, তছলিমা নাছৰিনৰ ডাঙৰ অভিযোগ...

তছলিমা নাছৰিন

Updated On: 

11 Feb 2025 18:47 PM

পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে বাংলাদেশৰ বিতৰ্কিত লেখিকা তছলিমা নাছৰিন। শেহতীয়াকৈ লেখিকাগৰাকীয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰিছে আৰু লিখিছে যে- অমৰ একুশ্বে গ্ৰন্থমেলাৰ কিতাপৰ বিপণি  মৌলবাদীয়ে লক্ষ্য কৰি লৈছে। উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশত তছলিমা নাছৰিনৰ কিতাপত নিষেধাজ্ঞা আৰোপ আছে। ইয়াৰ লগতে লেখিকাগৰাকীয়ে কয় যে, জিহাদী ধৰ্মীয় মৌলবাদীয়ে প্ৰকাশক সব্যাসচীৰ ষ্টলত আক্ৰমণ কৰিছে। এই আক্ৰমণৰ একমাত্ৰ কাৰণ আছিল এখন কিতাপৰ প্ৰকাশ।

লেখিকাগৰাকীয়ে লগতে কয় যে, গ্ৰন্থমেলাৰ বিষয়া আৰু স্থানীয় আৰক্ষীয়ে মোৰ কিতাপ আঁতৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই নিৰ্দেশ পালন কৰাৰ পাছতে মৌলবাদীয়ে বুক ষ্টলত আক্ৰমণ কৰি বহু ক্ষতিগ্ৰস্ত কৰিছে। লেখিকাগৰাকীয়ে লগতে অভিযোগ কৰে যে চৰকাৰে এই মৌলবাদীসকলক সমৰ্থন কৰি আছে যাৰ বাবে সমগ্ৰ দেশত জেহাদী কাৰ্যকলাপ বিয়পি পৰিছে। তছলিমা নাছৰিনে অভিযোগ উত্থাপন কৰিছে যে, বাংলাদেশত অবৈধভাৱে নতুন চৰকাৰ ক্ষমতালৈ আহিছে।

তছলিমাৰ নতুন কিতাপত কি আছে

শেহতীয়াকৈ প্ৰকাশিত হৈছে তছলিমা নাছৰিনৰ নতুন কিতাপ চুম্বন। মূলতঃ বাংলা ভাষাত লিখা এই গ্ৰন্থখনৰ নাম চুম্বন। এই কিতাপখনৰ হিন্দী অনুবাদো আছে। এই কিতাপখনত তছলিমাৰ কিছুমান কাহিনীৰ সংকলন আছে। লেখিকাগৰাকীয়ে এই কাহিনীসমূহৰ বিষয়ে লিখিছে যে- যিসকল লোকক তেওঁ দীৰ্ঘদিন ধৰি ওচৰৰ পৰা পাই আহিছে আৰু এতিয়াও সেইসকল আছে,  সেই লোকসকল ইমানে বিভস্য যে তেওঁলোকক সাহিত্যৰ ৰূপ দিলেও অশ্লীল লাগিব। তেওঁ কাহিনীবোৰত ঢাকা, কলকাতা, দিল্লী বা চৌদি আৰৱৰ দৰে বিভিন্ন পৰিৱেশ আৰু ঠাইৰ। কিন্তু মনোবৈজ্ঞানিক ফালৰ পৰা এই কিতাপৰ কাহিনী মানুহৰ হৃদয়ৰ ওচৰৰ কাহিনী।

তদন্তৰ নিৰ্দেশ

গ্ৰন্থমেলাৰ বিপনীত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰে। তেওঁ কয় যে, এই আক্ৰমণ বাংলাদেশৰ নাগৰিকৰ অধিকাৰ আৰু দেশৰ আইনৰ প্ৰতি অপমান। চৰকাৰে এই আক্ৰমণৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। এনে হিংসাই ভাষা আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা একুশ্বেই গ্ৰন্থমেলাকো ভেঙুচালি কৰে।

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, একাংশলোক কিতাপৰ বিপণিলৈ আহি তছলিমা নাছৰিনৰ কিতাপ দেখি ক্ষোভিত হৈ পৰিছিল। বিক্ৰেতাক তছলিমাৰ কিতাপ কিয় ৰাখিছে বুলি প্ৰশ্ন কৰি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে কিতাপৰ বিপণি ভাঙি তছলিমাৰ কিতাপসমূহ দলিয়াই দিছিল।

ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...