5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Turkey: তুৰস্কৰ ৰাজধানীত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ, বৰ্তমানলৈ ১০ জনৰ মৃত্যু, চলি আছে গুলীচালনা

Turkey: তুৰস্কৰ ৰাজধানী আংকাৰাৰ বিমান কোম্পানী তুৰ্কী এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছে এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। তুৰ্কী এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত বোমা বিস্ফাৰোণৰ ঘটনা সংঘটিত হয়। এ

Turkey: তুৰস্কৰ ৰাজধানীত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ, বৰ্তমানলৈ ১০ জনৰ মৃত্যু, চলি আছে গুলীচালনা
তুৰস্ক
barasha-sarma
Barasha Sarma | Published: 23 Oct 2024 20:26 PM

বিশ্বৰ দুটাকৈ প্ৰান্তত চলি থকা যুদ্ধৰ মাজতেই তুৰস্কৰ পৰা আহিছে বোমা বিস্ফোৰণৰ খবৰ। তুৰস্কৰ ৰাজধানী আংকাৰাৰ চৰকাৰী বিমান কোম্পানী তুৰ্কী এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজৰ  (TUSAS) মুখ্য কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছে এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। তুৰ্কী এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত ভয়ংকৰ বোমা বিস্ফাৰোণৰ ঘটনা সংঘটিত হয়। এই আক্ৰমণৰ পাছতো তাত উপস্থিত থকা আন দুজন সন্ত্ৰাসবাদীয়ে অহৰহ আক্ৰমণ চলাই আছে। এই পৰ্যন্ত এই ঘটনত প্ৰায় ১০ জনলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে এয়া এক আত্মঘাতী বিস্ফোৰণ। তুৰ্কীৰ স্বৰাজ মন্ত্ৰী আলী য়েৰলিকায়াই ইয়াক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে। পৰৱৰ্তী সময়ত এই ঘটনাৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। সন্ত্ৰাসবাদীসকলে বহুলোকক পণবন্ধী কৰা বুলিও জানিব পৰা গৈছে।  এই সন্ত্ৰাসবাদীসকলৰ ভিতৰত এগৰাকী মহিলা আছে বুলি জানিব পৰা গৈছে।

তুৰস্কৰ স্বৰাজ মন্ত্ৰী আলী য়েৰলিকায়াই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত  লিখিছে, “তুৰ্কী এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে।” দুৰ্ভাগ্যজনকভাৱে আমাৰ জোৱান শ্বহীদ হোৱাৰ লগতে বহু লোক আহত হৈছে।”

 

 

আক্ৰমণৰ পাছত সেই অঞ্চলত উপস্থিত থকাসকলক অন্য নিৰাপদ স্থানলৈ লৈ যোৱাৰ লগতে অঞ্চলটো নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰে। আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী আক্ৰমণে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰা নাই। কোনো এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

TUSAS কি?

TUSAS (Turkish Aerospace Industries) হৈছে তুৰ্কীৰ প্ৰতিৰক্ষা আৰু বিমান পৰিবহণ কোম্পানী। উচ্চ প্ৰযুক্তিৰ লগতে দেশৰ মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডতো ই এক ডাঙৰ অৱদান আগবঢ়ায়। এই কোম্পানীয়ে তুৰস্কৰ প্ৰথমখন ৰাষ্ট্ৰীয় যুদ্ধ বিমান KAAN প্ৰস্তুত কৰিছে। TUSAS য়ে তুৰস্কৰ সামৰিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে বিশ্বজুৰি বিমান আৰু প্ৰতিৰক্ষা সামগ্ৰীও ৰপ্তানি কৰে। ইয়াৰ বিশেষজ্ঞতাৰ ভিতৰত যুদ্ধ বিমান, হেলিকপ্টাৰ, ইউএভি (ড্ৰোন) আৰু উপগ্ৰহ নিৰ্মাণৰ কামো অন্তৰ্ভুক্ত।

 

 

Latest News