ভাল খবৰ! মোদীৰ সাক্ষাতৰ পাছতে ইলন মাস্কে ভাৰতীয়ৰ বাবে মুকলি কৰিছে চাকৰিৰ পদ…

ভাৰতীয়ৰ বাবে এক ভাল খবৰ! কিয়নো আমেৰিকাৰ কোম্পানী টেছলাই ভাৰতীয়ৰ বাবে আৰম্ভ কৰিছে নিযুক্তি প্ৰক্ৰিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইলন মাস্কক সাক্ষাৎ কৰাৰ পাছতে এই ঘোষণা কৰে।

ভাল খবৰ! মোদীৰ সাক্ষাতৰ পাছতে ইলন মাস্কে ভাৰতীয়ৰ বাবে মুকলি কৰিছে চাকৰিৰ পদ...

টেছলা

Published: 

19 Feb 2025 16:15 PM

কিছুদিন পূৰ্বে আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰিছিল টেছলাৰ চিইঅ তথা বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কক। ইয়াৰ পাছতে টেছলাই ভাৰতীৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। য’ত উল্লেখ আছে যে তেওঁলোকে ১৩ টা পদত ভাৰতীয়ক নিযুক্তি প্ৰদান কৰিব। আমেৰিকাৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই ইয়াৰ পূৰ্বেও ভাৰতত ব্যৱসায় কৰাৰ মন মেলিছিল। আনকি যোৱা বছৰো মাস্ক ভাৰতলৈ অহাৰ কথা আছিল। অৱশ্যে সেই সময়ত তেওঁ ভাৰতলৈ নাহি পোনে পোনে চীনলৈ গৈছিল।

এইবাৰ টেছলাই পুনৰ ভাৰতৰ বাবে ব্যৱসায়ৰ হাত আগবঢ়াইছে। এই নিযুক্তিৰ বাবে ঘোষণা কৰা ১৩টা পদৰ ভিতৰত আছে চাৰ্ভিচ এডভাইজাৰ, ষ্ট’ৰ মেনেজাৰ, কাষ্টমাৰ চাপৰ্ট স্পেচিয়েলিষ্ট, চাৰ্ভিচ মেনেজাৰ, আৰু চাৰ্ভিচ টেকনিচিয়ান। ইয়াৰ উপৰিও তেওঁলোকে অৰ্ডাৰ অপাৰেচন বিশেষজ্ঞ, ইনছাইড চেলছ এডভাইজাৰ, কনজিউমাৰ এংগেজমেণ্ট মেনেজাৰ, টেছলা এডভাইজাৰ, বিজনেছ অপাৰেচন এনালাইষ্ট, ডেলিভাৰী অপাৰেচন স্পেচিয়েলিষ্ট, পাৰ্টছ এডভাইজাৰ, আৰু কাষ্টমাৰ চাপৰ্ট ছুপাৰভাইজাৰৰ পদৰ বাবে নিযুক্তি দিব।

১৮ ফেব্ৰুৱাৰীত চিএনবিচি-টিভি১৮ৰ এক প্ৰতিবেদন অনুসৰি ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানীটোৱে এইবাৰ ভাৰতত নিজৰ বাহন বিক্ৰী আৰম্ভ কৰিব পাৰে। প্ৰথম অৱস্থাত তেওঁলোকে হয়তো বাহিৰৰ পৰা গাড়ী আমদানি কৰিব পাৰে। জাৰি কৰা জাননী অনুসৰি, দিল্লী আৰু মুম্বাই চহৰত কমেও ৫টা পদত নিযুক্তি দি’ব। ইয়াৰ ভিতৰত প্ৰথমে সেৱা কাৰিকৰী আৰু বিভিন্ন উপদেষ্টা পদত নিযুক্তি দিয়া হ’ব। ইয়াৰ পাছত বাকী পদসমূহৰ নিযুক্তি মুম্বাই চহৰতে হ’ব।

মন কৰিবলগীয়া যে যোৱা বছৰৰ এপ্ৰিল মাহত ইলন মাস্কে কোম্পানীটোৰ কিছু সমস্যাৰ কথা উল্লেখ কৰি ভাৰত ভ্ৰমণ বাতিল কৰিছিল। তাৰ পাছত, শেহতীয়াকৈ মোদী আমেৰিকালৈ যোৱাৰ সময়ত মাস্কৰ সৈতে বৈঠকত মিলিত হৈছিল। গতিকে এই বৈঠকে ভাৰতৰ ব্যৱসায় ক্ষেত্ৰখনলৈ কিছু ভাল খবৰ আনিব পাৰে বুলি আশা কৰা হৈছে।

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত