থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ আসনত ৩৭ বছৰীয়া চিনাৱাট্ৰা, গঢ়িলে নতুন অভিলেখ

৩৭ বছৰীয়া পাটংটাৰ্ণ থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিন চিনাৱাট্ৰাৰ কনিষ্ঠ কন্যা। তেওঁৰ পিতৃৰ উপৰিও তেওঁৰ খুৰী ইংলাক থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ থাইলেণ্ডৰ আটাইতকৈ কনিষ্ঠ আৰু দ্বিতীয় মহিলা প্ৰধানমন্ত্ৰী।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ আসনত ৩৭ বছৰীয়া চিনাৱাট্ৰা, গঢ়িলে নতুন অভিলেখ

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ আসনত চিনাৱাট্ৰা

Published: 

16 Aug 2024 16:56 PM

থাইলেণ্ডৰ সংসদে পাটংটাৰ্ণ চিনাৱাট্ৰাক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। তেওঁ দেশৰ আটাইতকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰী। ইযাৰ দুদিন আগতে থাইলেণ্ডৰ উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী শ্ৰেথা থাভিচিনক এই পদৰ পৰা বৰ্খাস্ত কৰিছিল।
তেওঁৰ বিৰুদ্ধে নৈতিক নিয়ম উলংঘা কৰি এজন প্ৰাক্তন অপৰাধীক মন্ত্ৰীসভাত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল।

৩৭ বছৰীয়া পাটংটাৰ্ণ থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিন চিনাৱাট্ৰাৰ কনিষ্ঠ কন্যা। তেওঁৰ পিতৃৰ উপৰিও তেওঁৰ খুৰী ইংলাক থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ থাইলেণ্ডৰ আটাইতকৈ কনিষ্ঠ আৰু দ্বিতীয় মহিলা প্ৰধানমন্ত্ৰী।

চিনাৱাট্ৰা তেওঁৰ পৰিয়ালৰ তৃতীয় সদস্য যিয়ে প্ৰধানমন্ত্ৰীৰ পদত উপনীত হৈছে। তেওঁৰ পিতৃ থাকচিন চিনাৱাট্ৰা ১৫ বছৰ নিৰ্বাসিত হোৱাৰ পিছত যোৱা বছৰ দেশলৈ উভতি আহিছিল। থাকচিন প্ৰথমবাৰৰ বাবে ২০০১ চনত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল। কিন্তু ২০০৬ চনৰ চৰকাৰ সলনি হেৱাৰ পাছত নিৰ্বাসিত হৈছিল। কোৱা হয় যে থাইলেণ্ডৰ ৰাজনীতিত পাটংটাৰ্ণ অতি জনপ্ৰিয়। পূৰ্বৱৰ্তী নিৰ্বাচনতো তেওঁ গৰ্ভৱতী হোৱা স্বত্বেও নিৰ্বাচনী প্ৰচাৰ চলাইছিল। তেওঁৰ ফু থাই দলে ২০২৩ চনৰ নিৰ্বাচনত দ্বিতীয় স্থান লাভ কৰিছিল। একে সময়তে থাইলেণ্ডৰ ৰাজনীতিতো তেওঁৰ পৰিয়ালৰ ভাল দখল আছে। যাৰ বাবে তেওঁ ৰাইজৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে।

প্ৰায় ৪৮ ঘণ্টা আগতে থাইলেণ্ডৰ সাংবিধানিক আদালতে শ্ৰেথা থাভিচিনক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত কৰিছিল। তেওঁৰ বিৰুদ্ধে এজন কাৰাগাৰত থকা অধিবক্তাক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ অভিযোগ আছিল। আদালতৰ মতে শ্ৰেথাই এনে নিযুক্তি দি সাংবিধানিক নিয়ম উলংঘা কৰিছিল। যদিও থাভিছিনে আদালতৰ সিদ্ধান্তৰ পাছত নিজকে ৰক্ষা কৰিবলৈ কৈছিল যে তেওঁ নিয়মবোৰৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত নহয়।

দৰাচলতে শ্ৰেথাই পিচিত চুয়েনবানক মন্ত্ৰীসভাত স্থান দিছিল। উচ্চতম ন্যায়ালয়ৰ বিষয়াসকলক উৎকোচ দিয়াৰ চেষ্টা কৰাৰ বাবে পিচিতক ২০০৮ চনত ৬ মাহৰ কাৰাদণ্ড দিয়া হৈছিল। আদালতে কৈছে যে শ্ৰেথাই পিচিট সম্পৰ্কীয় গোচৰবোৰৰ বিষয়ে ভালদৰে অৱগত আছিল। শ্ৰেথা থাভিছিন যোৱা বছৰ ২০২৩ চনত অনুষ্ঠিত নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰী হৈছিল। মাত্ৰ এবছৰৰ পাছত, আদালতে বৰ্খাস্ত কৰাৰ ফলত তেওঁৰ চৰকাৰৰ পতন হৈছিল।

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...