এটা দিনত ১৬ বাৰ সূৰ্যোদয়, ১৬ বাৰ সূৰ্যাস্ত! এইবাবে ভাগ্যবান সুনীতা উইলিয়ামছ…

৯০ দিনৰ অপেক্ষাৰ অন্তত পৃথিৱীলৈ আহি আছে সুনীতা উইলিয়ামছ আৰু বুচ উইলম'ৰ। অতি সৌভাগ্যবান সুনীতা, যিয়ে এটা দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিবলৈ সক্ষম হৈছিল।

এটা দিনত ১৬ বাৰ সূৰ্যোদয়, ১৬ বাৰ সূৰ্যাস্ত! এইবাবে ভাগ্যবান সুনীতা উইলিয়ামছ...

সুনীতা উইলিয়ামছ

barasha-sarma
Published: 

18 Mar 2025 15:46 PM

ভাগ্যবান সুনীতা উইলিয়ামছ, যিয়ে এটা দিনত দেখিছে ১৬ বাৰ সূৰ্যোদয় আৰু ১৬ বাৰ সূৰ্যাস্ত! প্ৰায় ৯০ দিন ধৰি মহাকাশত কটোৱাৰ পাছত পৃথিৱীলৈ আহি আছে সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। উল্লেখ্যে যে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ত  মহাকাশচাৰীসকলৰ বাবে সূৰ্য উদয় আৰু সূৰ্যাস্ত চক্ৰ স্বাভাৱিক নহয়। যাৰ বাবে দৈনিক ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখা পায়। এবাৰ এটা অনুষ্ঠানত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছেও জীৱনৰ এই অসাধাৰণ দিশটোৰ ওপৰত নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছিল।

২০১৩ চনত গুজৰাট বিশ্ববিদ্যালয়ত তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সম্বৰ্ধনা জনোৱাৰ সময়ত সুনীতা উইলিয়ামছে এই অভিজ্ঞতা ব্যক্ত কৰিছিল। মহাকাশচাৰীজনে কৈছিল যে, মই মহাকাশলৈ যাব বিচাৰিছিলো যাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিলো। গতিকে তীব্ৰবেগী মহাকাশযান এখনত এদিনতে ১৬টা সূৰ্য উদয় আৰু ১৬টা সূৰ্যাস্ত দেখাৰ সৌভাগ্য হৈছিল।

আই এছ এছৰ তীব্ৰগতি

আই এছ এছে প্ৰতি ঘণ্টাত প্ৰায় ২৮ হাজাৰ কিলোমিটাৰ বেগেৰে পৃথিৱীক প্ৰদক্ষিণ কৰি প্ৰতি ৯০ মিনিটৰ মূৰে মূৰে  কক্ষপথ সম্পূৰ্ণ কৰে। এই দ্ৰুত গতিয়ে মহাকাশচাৰীসকলক পৃথিৱীৰ আন্ধাৰ ফালৰ পৰা সূৰ্যৰ পোহৰৰ ফাললৈ আৰু পিছলৈ যাত্ৰা কৰিব অনুমতি দিয়ে। যাৰ ফলত তেওঁলোকে প্ৰায় প্ৰতি ৪৫ মিনিটৰ মূৰে মূৰে সূৰ্য উদয় বা সূৰ্যাস্ত চাব পাৰে।

এই ঠাই পৃথিৱীৰ দৰে নহয়। ইয়াত আই এছ এছৰ মহাকাশচাৰীসকলে ৪৫ মিনিটৰ মূৰে মূৰে দিনৰ পোহৰ আৰু তাৰ পিছত ৪৫ মিনিট ৰাতিৰ অবিৰত চক্ৰ অনুভৱ কৰে।

মহাকাশচাৰীসকলে নিজৰ সময়সূচী তৈয়াৰ কৰিবলৈ UTC ৰ ওপৰত নিৰ্ভৰ কৰে। আই এছ এছত দিনটো ভালদৰে পৰিকল্পনা কৰি লয়।  পাঁচ মিনিটৰ ব্যৱধানত কাম, খাদ্য আৰু বিশ্ৰামৰ সময় নিৰ্ধাৰণ কৰা হয়। পৃথিৱীৰ প্ৰাকৃতিক চক্ৰৰ পৰা ইমান দূৰৈত  শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰখাৰ বাবে এই নিয়মীয়া ৰুটিন অতি প্ৰয়োজনীয়।

উল্লেখ্যে যে, পৃথিৱীলৈ উভতি অহাৰ পাছত কিছুদিনৰ বাবে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে মহাকাশচাৰীসকল। বিশেষজ্ঞসকলৰ মতে, সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ পৃথিৱীলৈ অহাৰ পাছত শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। তেওঁলোকৰ খোজকঢ়াত সমস্যা পোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যাব পাৰে। কেৱল ইমানেই নহয়, তেওঁলোকৰ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বা কৰ্কট ৰোগ পৰ্যন্ত হ’ব পাৰে।

ইয়াৰ বাবে কিছুদিনৰ বাবে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ বিশেষ যত্ন লোৱা হ’ব। দীৰ্ঘদিন ধৰি মানুহৰ পৰা দূৰত আছে তেওঁলোক। গতিকে পৃথিৱীলৈ অহাৰ পাছত আপোন মানুহৰ সৈতে সময় কটোৱাৰ লগতে চিনেমা চাব, কিতাপ পঢ়়িবলৈও পৰামৰ্শ দিয়া হয়। মাজত মাত্ৰ কেইটামান ঘন্টা, তাৰ পাছতে পৃথিৱীত উপস্থিত হ’ব ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ আৰু সতীৰ্থ বুচ উইলম’ৰ।

 

অন্য খবৰ পঢ়কঃ সহজ নহ’ব জীৱন! মহাকাশৰ পৰা উভতি অহাৰ পাছত কৰ্কট ৰোগত আক্ৰান্ত হ’ব নেকি সুনীতা?

অন্য খবৰ পঢ়কঃ এটা ভুলৰ বাবে হৈ যাব পাৰে ভষ্ম! পৃথিৱীলৈ অহাৰ সময়ত সুনীতাৰ সন্মুখত এইসমূহ প্ৰত্যাহ্বান…

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...