স্বামীৰ সৈতে ছিন্ন কৰিব লাগিব সম্পৰ্ক! চিন্তাই টোপনি হৰিছে ১২ হাজাৰ মহিলাৰঃ কিয় হৈছে এই পৰিস্থিতি
প্ৰশাসনিক এক নিয়মে বৈবাহিক সম্পৰ্কত শংকা নমাই আনিছে একাংশ মহিলাৰ। নিজৰ স্বামীৰ সৈতে যিকোনো সময়তে সম্পৰ্ক ছিন্ন হোৱাৰ আশংকাই ভীতিগ্ৰস্ত কৰি তুলিছে এই মহিলাসকলক। স্বামী হেৰুৱাৰ ভয়ত চিন্তিত হৈ পৰা এই মহিলাসকলৰ সংখ্যাও কম নহয়, ১২ সহস্ৰাধিক মহিলাই এতিয়া এই ভয়ত হেৰুৱাইছে দুচকুৰ টোপনি।

বৈবাহিক জীৱনত যিকোনো দম্পতীৰ ক্ষেত্ৰতে কোনো নহয় কোনো সময়ত সৰু-সুৰা বিবাদ পৰিলক্ষিত হয়। কেতিয়াবা এনে বিবাদ তথা দন্দই তীব্ৰ ৰূপ ল’লে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’বলগা হয়। এয়া স্বাভাৱিকতেই সাধাৰণ কথা। পিছে এতিয়া প্ৰশাসনিক এক নিয়মে বৈবাহিক সম্পৰ্কত শংকা নমাই আনিছে একাংশ মহিলাৰ। নিজৰ স্বামীৰ সৈতে যিকোনো সময়তে সম্পৰ্ক ছিন্ন হোৱাৰ আশংকাই ভীতিগ্ৰস্ত কৰি তুলিছে এই মহিলাসকলক। স্বামী হেৰুৱাৰ ভয়ত চিন্তিত হৈ পৰা এই মহিলাসকলৰ সংখ্যাও কম নহয়, ১২ সহস্ৰাধিক মহিলাই এতিয়া এই ভয়ত হেৰুৱাইছে দুচকুৰ টোপনি। অৱশ্যে এই ক্ষেত্ৰত চিন্তিত হ’বলগা প্ৰয়োজন নাই অসম তথা ভাৰতীয় মহিলাই।
টাইৱানত বসবাস কৰা হাজাৰ হাজাৰ চীনা মহিলা সন্মুখীন হৈছে এই চিন্তনীয় পৰিস্থিতিৰ। এক আইনী নিয়মে তেওঁলোকৰ ভৱিষ্যতলৈ এক বৃহৎ সমস্যা কঢ়িয়াই আনিছে। যদি তিনি মাহৰ ভিতৰত প্ৰয়োজনীয় নথি-পত্ৰ প্ৰদান কৰা নহয়, তেতিয়া তেওঁলোকে টাইৱানত বৈধ বাসস্থান হেৰুৱাব পাৰে। কিছুমান ক্ষেত্ৰত এই পৰিস্থিতিয়ে স্বামীৰ পৰা বিচ্ছেদো ঘটাব পাৰে। এনে পৰিস্থিতিত চীনা মূলৰ প্ৰায় ১২ হাজাৰ মহিলাই নিজৰ পৰিয়াল আৰু পৰিচয় বচাবলৈ তীব্ৰ সংগ্ৰাম কৰিবলগা হৈছে।
প্ৰকাশিত খবৰ অনুসৰি টাইৱানৰ নেশ্যনেল ইমিগ্ৰেচন এজেন্সীয়ে জাৰি কৰিছে এক নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি যিসকল চীনা নাগৰিক মহিলাই টাইৱানত বসবাস কৰি আছে আৰু এতিয়াও চীনা নাগৰিকত্বৰ সৈতে জড়িত ‘গৃহ পঞ্জীয়ন’ নিশ্চিত কৰা নাই, তেওঁলোকে তিনিমাহৰ ভিতৰত ইয়াৰ প্ৰমাণিত প্ৰতিলিপি জমা দিব লাগিব। যদি তেওঁলোকে এই নিৰ্দেশনা পালন নকৰে, তেতিয়া তেওঁলোকৰ টাইৱানৰ নাগৰিকত্ব বাতিল হ’ব পাৰে।
২০০৪ চনত এই নিয়ম কাৰ্যকৰী কৰা হৈছিল যদিও বহু মহিলাই কয় যে বছৰ বছৰ ধৰি স্বামী আৰু সন্তানৰ সৈতে তেওঁলোকে টাইৱানত স্থায়ীভাৱে বাস কৰিছিল বাবে এই বিষয়ে কেতিয়াও গুৰুত্বসহকাৰে ভবা নাছিল। এতিয়া হঠাৎ চৰকাৰে নথি-পত্ৰৰ দাবী আৰু সময়সীমা নিৰ্ধাৰণ কৰাৰ বাবে তেওঁলোক আতংকিত কৰি তুলিছে। এই মহিলাসকলৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে যে তেওঁলোকে টাইৱান চৰকাৰক দাখিল কৰিবলগীয়া নথি-পত্ৰ চীনত নিৰ্মাণ আৰু প্ৰমাণিত হ’ব লাগিব।
এই প্ৰক্ৰিয়া কেৱল দীঘলীয়া আৰু জটিল হোৱাই নহয়, ৰাজনৈতিক জটিলতাৰ বাবেও পলম হোৱাৰ সম্ভাৱনা আছে। বহু মহিলাই কয় যে তিনিমাহৰ সময়সীমা অতি কম আৰু যদি তেওঁলোকে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে আনকি স্বামী আৰু পৰিয়ালৰ পৰাও পৃথক হ’ব লাগিব। ইফালে টাইৱান চৰকাৰৰ এই কাৰ্যক লৈও প্ৰশ্ন উত্থাপন হৈছে। বহু সামাজিক সংগঠন আৰু মানৱ অধিকাৰ কৰ্মীয়ে ইয়াক নাৰীৰ অধিকাৰ উলংঘা বুলি অভিহিত কৰিছে।
তেওঁলোকে কয় যে দীৰ্ঘদিন ধৰি টাইৱানত বাস কৰি পৰিয়ালৰ সৈতে বসতি স্থাপন কৰা মহিলাসকলক হঠাতে এনে আইনী জটিলতাত পেলোৱাটো কেৱল অন্যায়েই নহয়, মানৱীয় দৃষ্টিকোণৰ পৰাও ভুল। সি যি কি নহওক, কৰ্তৃপক্ষৰ এনে পদক্ষেপৰ পিছত টাইৱানত বসবাস কৰা এই ১২ হাজাৰ চীনা মহিলা এতিয়া তীব্ৰ মানসিক চাপত ভুগিছে। নাগৰিকত্বৰ লগতে পৰিয়াল আৰু ভৱিষ্যত জীৱনক লৈ চিন্তিত হৈ পৰা মহিলাসকলৰ ক্ষেত্ৰত আগন্তুক দিনত চৰকাৰে নম্ৰতা দেখুৱাব নে, সেয়া লক্ষণীয় হ’ব।