দক্ষিণ কোৰিয়াৰ ইতিহাসৰ আন এক ভয়াবহ বিমান দুৰ্ঘটনা, নিহতৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি…
দক্ষিণ কোৰিয়াৰ বিমান দুৰ্ঘটনাত কমেও ৮৫ জন লোকৰ মৃত্যু হৈছে । নিহত লোকসকলৰ ভিতৰত ৪৬ গৰাকী মহিলা আৰু ৩৯ জন পুৰুষ। মুয়ানৰ জৰুৰীকালীন বিষয়াসকলে জনোৱা মতে, বিমানখনৰ লেণ্ডিং গিয়াৰত বিজুতি হোৱা ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
দক্ষিণ কোৰিয়াত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি পাইছে । সূত্ৰ খবৰ অনুসৰি, যান্ত্ৰিক বিজুতিৰ বাবে বিমানবন্দৰৰ এটা ৰাণৱেৰ পৰা আঁতৰি আহি এখন ৱালত খুন্দা মাৰে এখন বিমানে । দেশখনৰ ৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, ছিউলৰ পৰা প্ৰায় ২৯০ কিলোমিটাৰ (১৮০ মাইল) দক্ষিণে অৱস্থিত মুয়ান চহৰৰ বিমানবন্দৰত ১৮১ জন লোকক কঢ়িয়াই অনা জেজু এয়াৰ যাত্ৰীবাহী বিমানখন দুৰ্ঘটনা পতিত হৈছে । পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, স্থানীয় সময় অনুসৰি আজি পুৱা ৯:০৩ বজাত এই ঘটনা সংঘটিত হয়।
সংস্থাটোৱে জনোৱা মতে, এই অগ্নিকাণ্ডত কমেও ৮৫ জন লোকৰ মৃত্যু হৈছে । নিহত লোকসকলৰ ভিতৰত ৪৬ গৰাকী মহিলা আৰু ৩৯ জন পুৰুষ। ৱালত খুন্দা মৰাৰ ফলত বিমানখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ জুই নিয়ন্ত্ৰণৰ বাবে ৩২খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু কেইবাখনো হেলিকপ্টাৰ নিয়োগ কৰা হৈছে।
এই দুৰ্ঘটনাৰ কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিঅ’বোৰত দেখা গৈছে যে, জেজু এয়াৰৰ বিমানখনে ৰাণৱেৰ পৰা আঁতৰি গৈ এখন পকী ৱালত খুন্দা মাৰে । মুয়ান অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী লী জেয়ং-হিয়নে টেলিভিছনত প্ৰকাশ কৰা এক ব্রিফিঙত কয় যে, উদ্ধাৰকাৰী দলে দুৰ্ঘটনা সংঘটিত স্থানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । দুৰ্ঘটনাত বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিছে ।
ইফালে , সূত্ৰ খবৰ অনুসৰি, দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । ইয়াৰ লগতে দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত অব্য়াহত আছে বুলি জানিব পৰা গৈছে । মুয়ানৰ জৰুৰীকালীন বিষয়াসকলে জনোৱা মতে, বিমানখনৰ লেণ্ডিং গিয়াৰত বিজুতি হোৱা ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। পৰিবহণ মন্ত্ৰালয়ে কয় যে, বিমানখন বেংককৰ পৰা উভতি আহিছিল আৰু ইয়াৰ যাত্ৰীসকলৰ ভিতৰত আছে দুজন থাইলেণ্ডৰ নাগৰিক।
এই দুৰ্ঘটনা দক্ষিণ কোৰিয়াৰ বিমান পৰিবহণৰ ইতিহাসৰ অন্যতম ভয়াবহ দুৰ্ঘটনা হিচাপে পৰিগণিত হৈছে । দক্ষিণ কোৰিয়াই শেষবাৰৰ বাবে ১৯৯৭ চনত ভয়াবহ বিমান দুৰ্ঘটনাৰ সন্মুখীন হৈছিল । সেই সময়ত কোৰিয়ান এয়াৰলাইনৰ এখন বিমান গুৱামত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু বিমানখনত থকা ২২৮ জন লোকৰ মৃত্যু হৈছিল।