স্কুল বাছত ভয়ংকৰ অগ্নিকাণ্ড, ২২ গৰাকী ছাত্ৰ-ছাত্ৰীসহ ২৫ জন নিহত…
School Bus Fire in Thailand : এখন স্কুল বাছত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । সূত্ৰ খবৰ অনুসৰি, শিক্ষকসহ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িয়াই এখন স্কুল বাছত হঠাতে এক অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বাছখনত থকা ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩ জন শিক্ষকসহ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে ।
থাইলেণ্ডৰ এখন স্কুল বাছত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । সূত্ৰ খবৰ অনুসৰি, শিক্ষকসহ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িয়াই এখন স্কুল বাছত হঠাতে এক অগ্নিকাণ্ড সংঘটিত হয়(School Bus Fire in Thailand) । এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বাছখনত থকা ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩ জন শিক্ষকসহ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে । জানিব পৰা মতে, মৃত্যু সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। স্কুল বাছখনত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ’ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ।
প্ৰকাশিত তথ্য অনুসৰি, থাইলেণ্ডৰ স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাছখন আছিল ৬ জন শিক্ষক । ইফালে স্থানীয় আৰক্ষীয়ে অগ্নিকাণ্ড সংঘটিত হোৱা বাছখনৰ পৰা ১৬ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৩ জন শিক্ষকক উদ্ধাৰ কৰিছে । তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি জানিব পৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, এই ঘটনাৰ কাৰণ জানিবৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ন শ্বিনাৱাট্ৰাই(Patongtorn Shinawatra) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টৰ জৰিয়তে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, চৰকাৰে চিকিৎসাৰ খৰছ চোৱাচিতা কৰিব আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব । ইফালে, গৃহমন্ত্ৰী অনুতিন চৰণবিৰাকুলে কয় যে, ঘটনাস্থলীত তদন্ত সম্পূর্ণ নোহোৱাৰ বাবে বিষয়াসকলে এতিয়াও নিহত আৰু আহতৰ সংখ্যা নিশ্চিত কৰিব পৰা নাই ৷
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে, সমগ্ৰ বাছখন জুইয়ে আগুৰি ধৰে আৰু পথত ৰখাই থোৱা বাছখনৰ পৰা ক’লা ধোঁৱা ওলাই আছিল । ছাত্ৰ-ছাত্ৰীসকলৰ বয়স আৰু অন্যান্য সবিশেষ তথ্য এতিয়াও জানিব পৰা হোৱা নাই।