Vehicle Attack in China Zhuhai: চীনৰ ঝুহাই চহৰত ভয়ংকৰ আক্ৰমণ…৩৫ জন নিহতৰ বিপৰীতে আহত ৪৩ জন

চীনৰ ঝুহাই চহৰত শাৰীৰিক ব্য়ায়ামত ব্যস্ত থকা বহু সংখ্য লোকৰ ওপৰত এজন ৬২ বছৰীয়া লোকে গাড়ীৰে আক্ৰমণ সংঘটিত কৰে । বৰ্তমানলৈকে এই ঘটনা এটা দুৰ্ঘটনা নে ইচ্ছাকৃত আক্ৰমণ সেই কথা এতিয়া স্পষ্ট হোৱা নাই । জানিব পৰা মতে এই আক্ৰমণত ৩৫ জন লোক নিহত হোৱাৰ বিপৰীতে ৪৩ জন লোক গুৰুতৰভাৱে আহত হৈছে ।

Vehicle Attack in China Zhuhai: চীনৰ ঝুহাই চহৰত ভয়ংকৰ আক্ৰমণ...৩৫ জন নিহতৰ বিপৰীতে আহত ৪৩ জন

চীনত ভয়ংকৰ দুৰ্ঘটনা

Published: 

12 Nov 2024 19:27 PM

চীনৰ ঝুহাই চহৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে । খবৰ অনুসৰি শাৰীৰিক ব্য়ায়ামত ব্যস্ত থকা বহু সংখ্য লোকৰ ওপৰত এজন ৬২ বছৰীয়া লোকে গাড়ীৰে আক্ৰমণ সংঘটিত কৰে । বৰ্তমানলৈকে এই ঘটনা এটা দুৰ্ঘটনা নে ইচ্ছাকৃত আক্ৰমণ সেই কথা এতিয়া স্পষ্ট হোৱা নাই । জানিব পৰা মতে এই আক্ৰমণত ৩৫ জন লোক নিহত হোৱাৰ বিপৰীতে ৪৩ জন লোক গুৰুতৰভাৱে আহত হৈছে ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এই ঘটনাত অভিযুক্ত চালকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি, চহৰখনত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ মাত্ৰ এদিন পূৰ্বে মঙলবাৰে ঝুহাইত চীন সেনাই আটাইতকৈ ডাঙৰ এয়াৰশ্ব’ৰ আয়োজন কৰিছিল। সংবাদ সংস্থা এছ’চিয়েট প্ৰেছৰ মতে, অভিযুক্তক চিনাক্ত কৰা হৈছে। ঝুহাইৰ শ্বাং চং হাস্পতালৰ এজন কৰ্মচাৰীয়ে জনোৱা মতে, আহত কিছু লোকক জৰুৰীকালীন ক্লিনিকলৈ অনা হয় আৰু তেওঁলোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে ।

এই ঘটনাৰ সৈতে জড়িত বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে । য’ত বহু লোকক মাটিত পৰি থকা দেখা গৈছে। ৰয়টাৰে এটা ভিডিঅ’ নিশ্চিত কৰি কয় যে, এই ভিডিঅ’টোত প্ৰায় ২০ জন লোকক মাটিত পৰি থকা দেখা গৈছে আৰু যেতিয়া আহতসকলক নিবলৈ এম্বুলেন্স আহিছিল সেই সময়তে একাংশ আহত লোকৰ চিঞৰত ‘সন্ত্রাসবাদী’ শব্দটো শুনা গৈছিল ।

আৰক্ষীৰ মতে, অভিযুক্ত এলগেচন ফান নামৰ লোকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে কৰায়ত্ব কৰে । এই সময়ছোৱাত তেওঁ নিজেই নিজক আক্ৰমণ কৰিছিল । যাৰ ফলত তেওঁৰ গুৰুতৰভাৱে আঘাত পাইছিল বুলি জানিব পৰা গৈছে । আৰক্ষীৰ মতে, অভিযুক্তৰ মানসিক অৱস্থা অনিয়ন্ত্ৰণত আছিল । হয়তো এই কাৰণেই অভিযুক্তই এই কাণ্ড সংঘটিত কৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

চীনৰ চৰকাৰী টেলিভিছনৰ চিচিটিভিৰ তথ্য অনুসৰি, ৰাষ্ট্ৰপতি ছি জিনপিঙে আহতসকলৰ চিকিৎসাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিবলৈ অনুৰোধ জনাইছে। লগতে অভিযুক্তক কঠোৰ শাস্তি দিবলৈও আহ্বান জনাইছে। এই বিষয়ৰ তদন্তত সহায় কৰিবলৈ ফেডাৰেল চৰকাৰেও এটা কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...