ভাৰতসহ ৭৫খনকৈ অধিক দেশক নতুন শুল্কৰ ক্ষেত্ৰত ৰেহাই আমেৰিকাৰ…
শুল্কৰ ক্ষেত্ৰত পুনৰ সিদ্ধান্ত সলনি ট্ৰাম্পৰ। আমেৰিকাৰ শুল্ক বৃদ্ধিৰ প্ৰভাৱ বিশ্ব বাণিজ্যত পৰিছিল। বিনিয়োগকাৰী আৰু উদ্যোগপতিসকলে শুল্ক হ্ৰাস কৰাৰ বাবে তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছিল।

পুনৰ সিদ্ধান্ত সলনি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। নতুন শুল্ক নীতি ঘোষণা কৰাৰ কেইদিনমান পাছতেই ট্ৰাম্পে ভাৰতসহ ৭৫ খনতকৈ অধিক দেশৰ ওপৰত শুল্কৰ ক্ষেত্ৰত ৯০ দিনৰ ৰেহাই প্ৰদান কৰিছে। অৱশ্যে চীনৰ ক্ষেত্ৰত এতিয়াও স্থিতি কঠোৰ হৈয়ে আছে আমেৰিকাৰ। ট্ৰাম্পৰ এই সিদ্ধান্তৰ পাছতেই বৈশ্বিক শ্বেয়াৰ বজাৰ দ্ৰুতগতিত অগ্ৰগতি লাভ কৰে । এই সিদ্ধান্তৰ ফলত আমেৰিকা বজাৰৰ লগতে অন্য দেশৰ বজাৰতো উন্নতি দেখা গৈছে । কিন্তু প্ৰশ্ন হয়, কিয় ট্ৰাম্পে এই ৰেহাই প্ৰদান কৰিছে?
শেহতীয়াকৈ ট্ৰাম্পে কয় যে, তৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মই ৯০ দিনৰ সময় আৰু ১০% পাৰস্পৰিক শুল্ক অনুমোদন জনোৱা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ১৩ ঘন্টা পূৰ্বে ৫৬ খন দেশ আৰু ইউৰোপীয় সংঘৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰা হৈছিল। যাৰ ফলত মন্দাৱস্থাৰ আশংকা বৃদ্ধি পাইছিল।
৩ এপ্ৰিলত লিবাৰেশ্যন ডে উপলক্ষে ট্ৰাম্পে ঘোষণা কৰিছিল যে যিবোৰ দেশ অন্যায়ভাৱে বাণিজ্যিক পদ্ধতিত লিপ্ত হৈছে আৰু আমেৰিকাত ব্যৱসায় কৰি আছে সেইবোৰ দেশৰ ওপৰত শুল্ক আৰোপ কৰিব। এই শুল্ক ৯ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছিল। কিন্তু এতিয়াৰ বাবে ভাৰতকে ধৰি ৭৫খন দেশক ৯০ দিনৰ বাবে শুল্কৰ পৰা সকাহ দিছে ট্ৰাম্পে। এতিয়া সকলো সামগ্ৰীৰ ওপৰত ১০% ভিত্তি ৰেখাৰ পাৰস্পৰিক শুল্ক প্ৰযোজ্য হৈ থাকিব।
চীনৰ স্থিতি
- প্ৰথম অৱস্থাত আমেৰিকাৰ ২০ শতাংশ শুল্ক আৰোপ।
- ৩ এপ্ৰিলত অতিৰিক্ত ৩৪ শতাংশ শুল্ক আৰোপ। মুঠ ৫৪ শতাংশ হয়গৈ।
- পাছত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰি ১০৪ শতাংলৈ বৃদ্ধি।
- ৯ এপ্ৰিলত ১২৫ শতাংশলৈ বৃদ্ধি।
- ইয়াৰ বিপৰীতে চীনৰ আমেৰিকাৰ ওপৰচ ৮৪ শতাংশ শুল্ক আৰোপ।
উল্লেখ্য যে, ট্ৰাম্পৰ শুল্ক বৃদ্ধিৰ প্ৰভাৱ বিশ্ব বাণিজ্যত পৰিছিল। বিনিয়োগকাৰী আৰু উদ্যোগপতিসকলে শুল্ক হ্ৰাস কৰাৰ বাবে তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছিল। ট্ৰাম্পৰ এই সিদ্ধান্তৰ ফলত বিশ্ব বাণিজ্য বহু লোকচানৰ সন্মুখীন হৈছিল আৰু মন্দাৱস্থাৰ আশংকা বৃদ্ধি পাইছিল।
ট্ৰাম্পে কয় যে, শুল্ক আৰোপ কৰাৰ পাছতো ৭৫ খনতকৈ অধিক দেশে কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল বা প্ৰতিশোধ লোৱা নাছিল। যাৰ বাবে সেই দেশসমূহক ৰেহাই প্ৰদান কৰা হৈছে। ট্ৰেজাৰী সচিব বেছাণ্টে ইয়াক ট্ৰাম্পৰ সফল কূটনৈতিক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে, আগন্তুক সময়ত এই ক্ষেত্ৰত ভিয়েটনাম, জাপান, ভাৰত আৰু দক্ষিণ কোৰিয়াৰ বিষয়াসকলৰ সৈতে কথা পাতিব।