তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ প্ৰস্তুতি, ট্ৰাম্পে সলনি কৰিব নেকি আমেৰিকাৰ সংবিধান?
সংবিধান মতে আমেৰিকাত কোনো এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত দুবাৰতকৈ অধিক থাকিব নোৱাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি, এজন ব্যক্তিক দুটা কাৰ্যকালৰ ৰাষ্ট্ৰপতিক পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ অনুমতি দিয়া নহয়। কিন্তু এই আইন অতি সোনকালে সলনি হোৱা সম্ভাৱনা আছে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে যোৱা বছৰ দেশখনৰ সংবিধান সলনি কৰি তেওঁ ২০৩৬ চনলৈকে ৰাষ্ট্ৰপতি পদ অধিষ্ঠিত থকাৰ পথ প্ৰশস্ত কৰিছিল। এতিয়া ড’নাল্ড ট্ৰাম্পকো একে পথত খোজ দিয়া দেখা গৈছে। সংবিধান মতে আমেৰিকাত কোনো এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত দুবাৰতকৈ অধিক থাকিব নোৱাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি, এজন ব্যক্তিক দুটা কাৰ্যকালৰ ৰাষ্ট্ৰপতিক পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়া নহয়। কিন্তু এই আইন অতি সোনকালে সলনি হোৱা সম্ভাৱনা আছে।
বৃহস্পতিবাৰে ৰিপাব্লিকান দলৰ এজন নেতাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান সংশোধনৰ প্ৰস্তাৱ উত্থাপন কৰে। য’ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প বা আন কোনো ৰাষ্ট্ৰপতিক হোৱাইট হাউচত তৃতীয় কাৰ্যকাললৈ পুনৰ নিৰ্বাচিত কৰিব পৰিব।
এই প্ৰস্তাৱটো উত্থাপন কৰি টেনেচীৰ সাংসদ এণ্ডি অগলেছে এইদৰে কয়, “ট্ৰাম্পে নিজকে আধুনিক ইতিহাসৰ একমাত্ৰ নেতা হিচাপে প্ৰমাণ কৰিছে যি আমাৰ দেশৰ অৱনতি ঘূৰাই আনি আমেৰিকাক মহানতাৰ দিশে পুনৰ স্থাপন কৰিবলৈ সক্ষম। তেওঁক সেই অভিযান সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সময় দিয়া উচিত।”
সঁচা হ’ব নেকি কমলা হেৰিছৰ সতৰ্কবাণী ?
নিৰ্বাচনী প্ৰচাৰৰ সময়ত কমলা হেৰিছে আমেৰিকাৰ লোকসকলক সতৰ্ক কৰিছিল যে যদি ট্ৰাম্প ক্ষমতালৈ আহে, তেন্তে তেওঁ আমেৰিকাৰ আইন সলনি কৰিব। এতিয়া ৰিপাব্লিকান হাউচৰ এজন সদস্যই অনা প্ৰস্তাৱটোৰ পাছত এনেকুৱা লাগিছে যে ট্ৰাম্পৰ সমৰ্থকসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন সলনি কৰা আৰম্ভ কৰিছে। উল্লেখ্য যে, ট্ৰাম্পে ইতিমধ্যে লিংগ, নাগৰিকত্ব আৰু প্ৰব্ৰজন আইন সলনি কৰাৰ পদক্ষেপ লৈছে।
তৃতীয়বাৰৰ বাবে ট্ৰাম্পক ক্ষমতা দিয়াৰ যুক্তি
এণ্ডি অগলেছে তেওঁৰ বিবৃতিত কয়, “জ’ বাইডেন প্ৰশাসনৰ অধীনত অৱনতি হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰণালীটো মেৰামতি কৰাৰ বাবে আমি ৰাষ্ট্ৰপতি ট্ৰাম্পক সকলো প্ৰয়োজনীয় সমল প্ৰদান কৰাটো দৰকাৰ। অগলেছে পুনৰ কয়, “ট্ৰাম্প গণৰাজ্য পুনৰুদ্ধাৰ আৰু আমাৰ দেশক ৰক্ষা কৰিবলৈ সমৰ্পিত আৰু আমি বিধায়ক আৰু ৰাজ্যৰ ফালৰ পৰা তেওঁক সমৰ্থন কৰিবলৈ আমাৰ হাতত থকা সকলো কৰিব লাগিব”।
অগলছ ৰিপাব্লিকান পাৰ্টিৰ এজন উগ্ৰ ৰক্ষণশীল আইন প্ৰণেতা। যিয়ে সদনত তেওঁৰ দ্বিতীয় কাৰ্যকাল সম্পূৰ্ণ কৰিছে। প্ৰস্তাৱটো প্ৰৱৰ্তন কৰি, অগলছে কয়, ” ৰাষ্ট্ৰপতি কাৰ্যকালৰ ম্যাদৰ ওপৰত ২২ তম সংশোধনীৰ দ্বাৰা আৰোপ কৰা সীমাবদ্ধতা সংশোধন কৰিবলৈ মই সংবিধানৰ সংশোধনীৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছো”। অৱশ্যে, এই সন্দৰ্ভত হোৱাইট হাউচৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ পোৱা নাই।