ট্ৰাম্পৰ কঠোৰ পদক্ষেপ! ভাৰতলৈ ৰাওনা আমেৰিকা সেনাৰ C-17বিমান…

অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ। প্ৰায় ১৮,০০০ ভাৰতীয়ই এৰিব লাগিব আমেৰিকা। ইতিমধ্যে ইয়াৰে একাংশক কৰা হৈছে বিতাড়িত।

ট্ৰাম্পৰ কঠোৰ পদক্ষেপ! ভাৰতলৈ ৰাওনা আমেৰিকা সেনাৰ C-17বিমান...

ট্ৰাম্প

Updated On: 

04 Feb 2025 12:03 PM

ভাৰতৰ বিৰুদ্ধে আৰম্ভ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক্সন। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে দেশখনত থকা অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে। তথ্য অনুসৰি, ট্ৰাম্পৰ এই পদক্ষেপৰ ফলত আমেৰিকাত অবৈধভাৱে বাস কৰি থকা প্ৰায় ১৮,০০০ ভাৰতীয় নিজ দেশলৈ ঘূৰি আহিব লাগিব। ইয়াৰ মাজতে খবৰ আহিছে যে অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ ভাৰতলৈ ৰাওনা হৈছে আমেৰিকাৰ চি-১৭ বিমান। এজন আমেৰিকান বিষয়াই এই তথ্য জাৰি কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে এই পদক্ষেপৰ বাবে সামাৰিক বাহিনীৰ সহায় লৈছে আৰু সামাৰিক বিমানেৰে এই লোকসকলৰ ভাৰতলৈ বিতাড়িত কৰাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে কেৱল ভাৰতীয়কেই নহয় , মেক্সিক’ৰ অবৈধ অনুপ্ৰৱেশকাৰী বাহিৰ কৰিবলৈ আমেৰিকা-মেক্সিকো সীমান্তলৈও অতিৰিক্ত সৈন্য প্ৰেৰণ কৰা হৈছে। নিজৰ পৰিচয় প্ৰকাশৰ পৰা বিৰত থাকি আমেৰিকান বিষয়াজনে কয় যে, আমেৰিকাৰ C-17 সেনা বিমানখনে অবৈধ ভাৰতীয়সকলক বিতাড়িত কৰাৰ বাবে ৰাওনা হৈছে। অৱশ্যে ভাৰতত উপস্থিত হোৱাৰ ক্ষেত্ৰত প্ৰায় ২৪ ঘন্টা সময়ৰ প্ৰয়োজন হ’ব।

অবৈধ নাগৰিকৰ বিৰুদ্ধে ট্ৰাম্প

ইয়াৰোপৰি পেন্টাগনে টেক্সাছ, এল পাছ’ আৰু কেলিফৰ্ণিয়াত থকা প্ৰায় ৫০০০ অনুপ্ৰৱেশকাৰীত বিতৰণৰ ব্যৱস্থা কৰিছে। সামৰিক বিমানে তেওঁলোকক গুৱেটামালা, পেৰু আৰু হণ্ডুৰাছলৈ লৈ গৈছে।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে অনুপ্ৰৱেশকাৰীক কঠোৰ সকিয়নী দিছিল। ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতে আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড শুল্ক বলবৎকাৰী সংস্থাই দেশখনৰ পৰা বিতাড়িত হ’বলগীয়া ১৫ লাখ লোকৰ তালিকা প্ৰস্তুত কৰিছিল ,য’ত ১৮ হাজাৰ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত আছিল। পিউ ৰিচাৰ্চ চেন্টাৰৰ তথ্য অনুসৰি ভাৰতৰ প্ৰায় ৭ লাখ ২৫ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰী আমেৰিকাত থাকে।

ট্ৰাম্পে শাসন গ্ৰহণ কৰাৰ পাছতে এয়া প্ৰথমবাৰৰ বাবে অবৈধ ভাৰতীয়ক বিতাড়িত কৰা হ’ব। এই সন্দৰ্ভত ট্ৰাম্প চৰকাৰে ভাৰত চৰকাৰৰ সহায় বিচাৰিছিল। এই সন্দৰ্ভত ভাৰতে কৈছিল যে, অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টো দেশে কেতিয়াও সমৰ্থন নকৰে। গতিকে আমেৰিকাত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই ল’বলৈ সাজু ভাৰত চৰকাৰ।

ইয়াৰোপৰি ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পাছতে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সাক্ষাৎ কৰিছিল। সেই বৈঠকত ৰুবিঅ’ই জয়শংকৰৰ সৈতে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়ত আলোচনা কৰিছিল। য’ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কৈছিল যে ভাৰতে যিকোনো দেশত অবৈধভাৱে বাস কৰা লোকৰ বিৰোধিতা কৰে। যদি ভাৰতৰ নাগৰিক আমেৰিকাত অবৈধভাৱে বাস কৰি আছে তেন্তে তেওঁলোকৰ চিনাক্ত কৰিব লাগে। এই লোকসকলক উভতাই ল’বলৈ সাজু ভাৰত চৰকাৰ।

 

অন্য খবৰ পঢৃকঃ আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ভাৰতীয়ক উভতাই ল’বলৈ সাজু দিল্লী…

অন্য খবৰ পঢ়কঃ প্ৰথম পচন্দ! শীঘ্ৰেই ভাৰত আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প…

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?