শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰিজৰ্টত সংঘটিত অগ্নিকাণ্ডৰ ফলত ৭৬ জনৰ মৃত্যু, মুঠ অতিথি আছিল ২৩৪ গৰাকী…

এখন ৰিজৰ্টত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭৬ জনলোকৰ মৃত্যু হয়। জানিব পৰা মতে, এই হোটেলখনত প্ৰায় ২৩৪ গৰাকী অতিথি আছিল। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ৰিজৰ্টত সংঘটিত অগ্নিকাণ্ডৰ ফলত ৭৬ জনৰ মৃত্যু,  মুঠ অতিথি আছিল ২৩৪ গৰাকী…
ৰিজৰ্টImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Jan 2025 11:19 AM

এখন ৰিজৰ্টত মঙলবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ৭৬ জনলোকৰ মৃত্যু হোৱাৰ বিপৰীতে  কেইবাজন আহত হৈছে। উত্তৰ-পশ্চিম তুৰস্কৰ এখন ৰিজৰ্টত সংঘটিত হৈছে এই ঘটনা। তুৰস্কৰ গৃহমন্ত্ৰী আলী য়েৰলিকায়াই কয় যে মৃত লোকসকলৰ ভিতৰত ৪৫ জনক চিনাক্ত কৰা হৈছে আৰু বাকীসকলৰ চিনাক্তকৰণৰ কাম বৰ্তমান চলি আছে। এই ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে ইতিমধ্য়ে ৯ জনলোকক আটক কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, জুই লগাৰ ফলত কেইবাজনলোক আঘাতপ্ৰাপ্ত হৈছে। ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনা দুৰ্ভাগ্যজনক বুলি কয়।

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত বলু প্ৰদেশস্থিত কাৰ্তলকায়া ৰিজৰ্টৰ ১২ মহলীয়া গ্ৰেণ্ড কাৰ্টাল হোটেলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। এই ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চল আগুৰি ঘৰে যাৰ ফলত বহু সংখ্যকলোকে প্ৰাণ হেৰুয়ায়। ৰাজ্যপাল আব্দুল আজিজ আয়দিনে জনোৱা মতে, এই অগ্নিকাণ্ডৰ ফলত শংকিত হৈ দুজনলোক অট্টালিকাৰ পৰা জঁপিয়াই যাৰ ফলত তেওঁলোকৰ মৃত্যু হয়। অৱশ্যে কি কাৰণে এই অগ্নিকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

তথ্য অনুসৰি ৰিজৰ্টখনত ২৩৪ জন অতিথি আছিল। হোটেলখনৰ স্কি প্ৰশিক্ষক নেকমি কেপেছুটানৰ মতে জুই লগাৰ সময়ত তেওঁ শুই আছিল। ঘটনাৰ পাছতে তেওঁ ৰিজৰ্টখনৰ পৰা ওলাই অহাৰ লগতে ২০ জন অতিথিক ৰিজৰ্টৰ পৰা উলিয়াই অনাত সহায় কৰিছিল।তেওঁ কয় যে, অগ্নিকাণ্ডৰ ফলত সকলোফালে ধোঁৱাই আগুৰি ধৰিছিল যাৰ বাবে ৰিজৰ্টৰ পৰা ওলাই অহাত সকলোৱে অসুবিধা পাইছিল।

তেওঁ কয় যে, মই এতিয়াও কিছুমান মানুহৰ কোনো তথ্য লাভ কৰা নাই। আশা কৰো তেওঁলোক ঠিক আছে। সংবাদ মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা মতে ৰিজৰ্টখনৰ চাদ আৰু ওপৰৰ মহলাত জুই লাগি আছিল। হোটেলখন বিশেষকৈ কাঠেৰে নিৰ্মিত আছিল, যাৰ বাবে সহজে চাৰিওফালে এই জুই বিয়পি পৰে।

উল্লেখ্য যে, ১৬১ কোঠাৰ এই হোটেলখন ওখ পাহাৰ এখনৰ ওচৰত আছে। যাৰ ফলত জুই নিয়ন্ত্ৰণ কৰাত অধিক সমস্যা হয়। ইস্তানবুলৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ পূবে কোৰোগ্লু পৰ্বতমালাত অৱস্থিত কাৰ্টালকায়া এখন জনপ্ৰিয় ৰিজৰ্ট। বৰ্তমান সময়ত তুৰস্কৰ বিদ্যালয়সমূহত ছুটী চলি আছে যাৰ বাবে বহু সংখ্য়ক ছাত্ৰ-ছাত্ৰীয়ে , অন্যলোকে ৰিজৰ্টত ভিৰ কৰা দেখা গৈছে।  বৰ্তমান এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত জানিব পৰা যাব কেনেকৈ সংঘটিত হয় এই অগ্নিকাণ্ড।

 

Latest News