নিউজ৯ গ্লোবেল ছামিট ভাৰত-জাৰ্মানী সম্পৰ্কত এক ঐতিহাসিক মাইলষ্ট’নঃ বৰুণ দাস
জাৰ্মানীৰ ঔদ্যোগিক চহৰ ষ্টুটগাৰ্টৰ এম এইচ পি এৰিনাত আৰম্ভ হৈছে নিউজ৯ গ্ল’বেল ছামিট। আজি এই সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানত টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে জাৰ্মানীক ধন্যবাদ জনায়। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ সৰ্ববৃ্হৎ নিউজ নেটৱৰ্ক টিভি৯ক ষ্টুটগাৰ্টলৈ আমন্ত্ৰণ জনোৱাৰ বাবে জাৰ্মানীক ধন্যবাদ জনায় বৰুণ দাসে।
জাৰ্মানীৰ ঔদ্যোগিক চহৰ ষ্টুটগাৰ্টৰ এম এইচ পি এৰিনাত আৰম্ভ হৈছে নিউজ৯ গ্ল’বেল ছামিট। আজি এই সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানত টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে জাৰ্মানীক ধন্যবাদ জনায়। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ সৰ্ববৃ্হৎ নিউজ নেটৱৰ্ক টিভি৯ক ষ্টুটগাৰ্টলৈ আমন্ত্ৰণ জনোৱাৰ বাবে জাৰ্মানীক ধন্যবাদ জনায় বৰুণ দাসে। তেওঁৰ লগতে সমগ্ৰ Tv9 নেটৱৰ্ক আৰু অনুষ্ঠানৰ সহ-আয়োজক Fau ef B Stuttgart ৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত বুলি টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে মন্তব্য কৰে।
নিজ ভাষণত বৰুণ দাসে কয় যে জীৱনটো এক মহান যাত্ৰা। “মই মোৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীক প্ৰায়ে কৈ আহিছো যে যদি মই ভাৰতৰ বাহিৰে আন কোনো দেশ বাছি ল’ব লগা হয়, তেন্তে সেয়া হ’ব জাৰ্মানী। ইয়াৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল মই নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেশৰ। যিটো জাৰ্মানীৰ এটা সুপৰিচিত নাম।”- তেওঁ লগতে কয়।
১৯২১, ১৯২৬ আৰু ১৯৩০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে জাৰ্মানী ভ্ৰমণ কৰিছিল। তেওঁৰ ৰচনাসমূহৰ অনুবাদ কৰিছে জাৰ্মান লেখক মাৰ্টিন কেম্পচেনে। ৰবীন্দ্ৰনাথ ঠাকুৰ সন্দৰ্ভত মাৰ্টিনে মন্তব্য কৰিছিল যে য’তেই ৰবীন্দ্ৰনাথ ঠাকুৰে কথা কৈছিল তাতেই হলবোৰ ভৰি পৰিছিল। যিসকলক হলঘৰত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰা হৈছিল তেওঁলোকে কাজিয়াৰ আশ্ৰয় লৈছিল বুলিও বৰুণ দাসে মন্তব্য কৰে।
জাৰ্মান সংবাদ মাধ্যমে ভাৰতীয় কবিগৰাকীক ‘পূবৰ জ্ঞানী মানুহ’ আৰু ‘ৰহস্যবাদী আৰু মচীহা’ হিচাপে প্ৰশংসা কৰিছে বুলিও তেওঁ দোহাৰে। ভাষণত বৰুণ দাসে কয়, “আজি মই ইয়াত আপোনালোকৰ সন্মুখত থিয় হৈ আপোনালোক সকলোকে আদৰণি জনাইছো। উদ্ভাৱনৰ ৰাজধানীত নতুন মিডিয়া টেমপ্লেট সৃষ্টি, উন্নয়নক প্ৰসাৰিত কৰা আৰু দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত অৰিহণা যোগোৱাৰ এক সুকীয়া অনুভৱ। ভাৰত আৰু জাৰ্মানীৰ জাতীয় সংগীত একেলগে গোৱাটো এটা মুহূৰ্ত মই সদায় স্মৰণ কৰিম।”
বৰুণ দাসে লগতে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে থকা সংযোগৰ উপৰিও ভাৰতৰ আটাইতকৈ পুৰণি ভাষা সংস্কৃত আৰু জাৰ্মান ভাষাৰ মাজত থকা ভাষাৰ বান্ধোনেও তেওঁক আচৰিত কৰি তুলিছে। সংস্কৃতত স্নাতকোত্তৰ কৰা প্ৰথমজন জাৰ্মান হেইনৰিখ ৰৌথে ভাৰত ভ্ৰমণ কৰি ভাৰতীয় সংস্কৃতিৰ ৰহস্যত মন্ত্ৰমুগ্ধ হৈ পৰা বুলি বৰুণ দাসে লগতে কয়।
ফ্ৰেড্ৰিখ শ্লেগেল আৰু আগষ্ট শ্লেগেলে সংস্কৃত ভাষাৰ আঁৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত গভীৰ গৱেষণা কৰিছিল আৰু এতিয়া জাৰ্মানীৰ শীৰ্ষ বিশ্ববিদ্যালয়সমূহত সংস্কৃতৰ পাঠদান চলি আছে বুলি আঙুলিয়াই দি বৰুণ দাসে ইয়াক ভাৰত আৰু জাৰ্মানীক সংযোগ কৰা মৌলিক ডি এন এ বুলি অভিহিত কৰে। নিউজ৯ গ্ল’বেল ছামিটত জাৰ্মানী আৰু ভাৰতৰ মাজৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাৰ ৰোডমেপ সম্পৰ্কে আলোচনা কৰা হৈছে আৰু এইবাবে সুখী হোৱা বুলি বৰুণ দাসে লগতে কয়।
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত থকা দেশৰ ৰে’লৱে, তথ্য আৰু সম্প্ৰচাৰ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক কৃতজ্ঞতা জ্ঞাপন কৰে বৰুণ দাসে। “আমি সৌভাগ্যৱান যে জাৰ্মানীৰ দুগৰাকী জ্যেষ্ঠ নীতি নিৰ্ধাৰক ফেডাৰেল মন্ত্ৰী চেম অজডেমিৰ আৰু বাডেন-উৰ্টেমবাৰ্গৰ মন্ত্ৰী উইলফ্ৰেড ক্ৰেটচমেনে আগন্তুক দুদিনত এই সন্মিলনত যোগদান কৰিব।”- তেওঁ লগতে কয়।
কাইলৈ সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূল ভাষণক এই সন্মিলনৰ আটাইতকৈ বিশেষ মুহূৰ্ত আখ্যা দিয়ে বৰুণ দাসে। “আমাৰ জাৰ্মান অংশীদাৰ, আমাৰ সহ-আয়োজক Fau ef B Stuttgart আৰু বেডেন-ৱৰ্টেমবাৰ্গ ৰাজ্যৰ সহায়ৰ বাবে মই কৃতজ্ঞ, তেওঁলোকে এয়া সম্ভৱ কৰি তুলিছে।”- এইদৰে কয় বৰুণ দাসে। Tv9 Network ৰ MD & CEO বৰুণ দাসে ৰুভেনক অংশীদাৰিত্বৰ বাবে ধন্যবাদ জনায়।
বেডেন-ৱৰ্টেমবাৰ্গৰ প্ৰথম সচিব ফ্ল’ৰিয়ান হাছলাৰক ধন্যবাদ জনাই তেওঁ কয় যে আজি সন্ধিয়া আপোনালোকৰ পৰা শুনিবলৈ আমি আগ্ৰহী। তেওঁ লগতে কয় যে বুণ্ডেছলিগা আৰু ডি এফ বি-প’কালৰ দৰে জাৰ্মানীৰ আটাইতকৈ সন্মানীয় প্ৰতিষ্ঠানকো আমাৰ অংশীদাৰ হিচাপে লৈ আমি সুখী। আমাৰ সন্মুখত এটা ৰোমাঞ্চকৰ সন্ধিয়া আছে, যি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ ভাষণেৰে আৰম্ভ হ’ব।