জলবায়ু পৰিৱৰ্তন-AIৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আছে ভাৰত-জাৰ্মানীৰ সহযোগিতাঃ বৰুণ দাস

জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত হৈ থকা নিউজ৯ গ্ল’বেল ছামিটৰ আজি দ্বিতীয় দিনা টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে সন্মিলনত ভাষণ প্ৰদান কৰে। নিজ ভাষণত তেওঁ জলবায়ু পৰিৱৰ্তন আৰু কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আজি এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব।

জলবায়ু পৰিৱৰ্তন-AIৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আছে ভাৰত-জাৰ্মানীৰ সহযোগিতাঃ বৰুণ দাস

টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাস

Published: 

22 Nov 2024 14:45 PM

জাৰ্মানীৰ ষ্টুটগাৰ্টত চলি থকা News9 Global Summit ত আজি অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰদানমন্ত্ৰী মোদীয়ে সন্মিলনত ‘ইণ্ডিয়াঃ ইনচাইড দ্য গ্ল’বেল ব্ৰাইট স্পট’ বিষয়ত বক্তব্য প্ৰদান কৰিব। এই অনুষ্ঠানে স্বাভাৱিকতেই বিশেষ গুৰুত্ব বহন কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ এই অনুষ্ঠানৰ পূৰ্বে টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে সন্মিলনত ভাষণ দিয়ে। নিজ ভাষণত তেওঁ জলবায়ু পৰিৱৰ্তন আৰু কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ভাষণৰ আৰম্ভণিতে বৰুণ দাসে নিউজ৯ গ্ল’বেল ছামিটৰ দ্বিতীয় দিনা অতিথিসকলৰ আগমনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বৰুণ দাসে সন্মিলনৰ প্ৰথম দিনটোত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াক ধন্যবাদ জ্ঞাপন কৰি দুয়োগৰাকী মন্ত্ৰীৰ ভাষণে ভাৰত আৰু জাৰ্মানীৰ দৰে দুখন মহান ৰাষ্ট্ৰই কেনেদৰে উদ্যমেৰে দ্বিপাক্ষিক সহযোগিতা আগবঢ়াইছে সেয়া প্ৰতিফলিত কৰা বুলি উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই তেওঁৰ ভাষণত ভাৰত আৰু জাৰ্মানীৰ মাজত শক্তিশালী সম্পৰ্কৰ ওপৰত আলোকপাত কৰে বুলি বৰুণ দাসে দোহাৰে। জ্যোতিৰাদিত্য সিন্ধিয়াই নিজ ভাষণত কৈছিল যে ভাৰত আৰু জাৰ্মানীৰ মাজত গঢ় লৈ উঠা সম্পৰ্কৰ দলংখন তীখা তথা শিলৰ নহয়, বৰঞ্চ বিশ্বাস, আদৰ্শ আৰু মূল্যবোধৰ। আনগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰত বিশ্বত আস্থা, প্ৰতিভা আৰু স্থিৰতা প্ৰদানৰ বাবে পৰিচিত বুলি ভাষণত উল্লেখ কৰিছিল।

এতিয়া ভাৰত আৰু জাৰ্মানী দক্ষতাৰ আদান-প্ৰদানৰ বাবে অধিক প্ৰাসংগিক হৈ পৰিছে বুলি বৈষ্ণৱে লগতে কয়। অশ্বিনী বৈষ্ণৱ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপৰিও বৰুণ দাসে ৰাজ্যিক সচিব ফ্লৰিয়ান হাছলাৰৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁলোকে অনুষ্ঠানত দিয়া মূল্যৱান ভাষণ News9 চেনেল আৰু ৱেবছাইটত চাব তথা পঢ়িব পাৰিব বুলিও বৰুণ দাসে লগতে কয়।

ইফালে আজিৰ অনুষ্ঠানত ভাৰতে কেনেদৰে বিশ্বৰ মঞ্চত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে উপস্থাপন কৰিছে সেই বিষয়সমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব বুলি জানিবলৈ দিয়ে টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে। সমান্তৰালকৈ ভাৰতৰ বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত জাৰ্মানী কেনেদৰে শক্তিশালী অংশীদাৰ হিচাপে গঢ়ি উঠিছে, সেই বিষয়ৰ ওপৰতো আজি বিতংভাৱে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইফালে গত মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ শ্বোলজৰ সন্মানত আয়োজন কৰা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাৰ্টিৰ বিষয়ে উল্লেখ কৰি বৰুণ দাসে এই মুহূৰ্তটো সমন্বয় আৰু সজীৱতাৰে ভৰা আছিল বুলি ভাষণত কয়। লগতে তেওঁ নিউজ৯ গ্ল’বেল ছামিটৰ আলোচনাই ভাৰত আৰু জাৰ্মানীক বিশ্ব মঞ্চত এক অৰ্থপূৰ্ণ উদ্দেশ্যেৰে আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বিশ্ব আৰু পৰিৱেশৰ স্বাৰ্থত হ’ব বুলিও তেওঁ কয়।

ইয়াৰ সমান্তৰালকৈ ভাষণত বৰুণ দাসে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান সময়ত সকলোৱে জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হৈছে। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন এনে এক সত্য, যি সত্য কোনেও অস্বীকাৰ কৰিব নোৱাৰে। চেন্নাইৰ বানপানীৰ পৰা আৰম্ভ কৰি স্পেইনৰ ভেলেন্সিয়ালৈকে জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ বিষয়ে সকলোৱে জ্ঞাত বুলি উল্লেখ কৰি আজি এই মঞ্চৰ পৰাই জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত এক নতুন আৰম্ভণি কৰিব পৰা যাব বুলিও মন্তব্য কৰে।

বৰুণ দাসে কয়, “COP29 শেষ হ’ল যদিও জলবায়ু পৰিৱৰ্তনৰ বাবে কোন দায়ী সেয়া ডাঙৰ প্ৰশ্ন হৈয়েই আছে।” বিভা ধাৱান আৰু অজয় মাথুৰৰ দৰে বিষয়া COP29 ত উপস্থিত আছিল আৰু তেওঁলোকে এতিয়া এই সন্মিলনত অংশগ্ৰহণ কৰিছে বুলি উল্লেখ কৰি বৰুণ দাসে দুয়োগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। সন্মিলনত জাৰ্মানীৰ খাদ্য আৰু কৃষি বিভাগৰ ফেডাৰেল মন্ত্ৰী চেম অজডেমিৰৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে বুলি লগতে কয় বৰুণ দাসে।

জলবায়ু পৰিৱৰ্তনৰ উপৰিও বৰুণ দাসে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিসৰ আৰু ব্যৱহাৰৰ বিষয়েও আলোচনা কৰে। তেওঁ কয় যে আজি সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা লাভ কৰিছে। আজিৰ ভাৰতে প্ৰযুক্তি খণ্ডত নিজৰ নেতৃত্ব প্ৰমাণ কৰিব বিচাৰিছে। ভাৰত এতিয়া অৰ্থনৈতিক আৰু প্ৰযুক্তিগত মহাশক্তি হোৱাৰ পথত বুলি উল্লেখ কৰি বৰুণ দাসে লগতে এতিয়া গ্ল’বেল কোম্পানীসমূহে ভাৰতত দৃষ্টি ৰাখিছে বুলি মন্তব্য কৰে।

“ভাৰত এতিয়া গ্ল’বেল কোম্পানীসমূহৰ বাবে এক শক্তিশালী বিকল্প হৈ পৰিছে আৰু এই প্ৰেক্ষাপটত এই বিশ্ব সন্মিলনত আমি এনে এখন ভাৰতৰ কথাও ক’ম যিয়ে দ্ৰুত অৰ্থনীতিৰ দেশ হিচাপে বিশ্ব মঞ্চত নিজৰ নাম উজলাইছে।”- তেখেতে লগতে কয়।

“গোল্ডেন বল মঞ্চত বাডেন-উৰ্টেমবাৰ্গৰ মন্ত্ৰী-ৰাষ্ট্ৰপতি উইনফ্ৰাইড ক্ৰেটচমেন আৰু কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পিছত আমাৰ মুখ্য বক্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য শুনিম। ইয়াৰ পিছতে এক স্মৰণীয় বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰআ হ’ব। এই অনুষ্ঠানত বিশ্ববিখ্যাত ব্যক্তিসকলৰ লগতে ভাৰতীয় অটো উদ্যোগৰ ব্যক্তিসকলক সন্মান জনোৱা হ’ব।”- ভাষণত এইদৰে উল্লেখ কৰে বৰুণ দাসে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস