প্ৰধানমন্ত্ৰী মোদীৰ পৰা ‘RRR’ৰ শিক্ষাঃ কি এই RRR! নিউজ৯ গ্ল’বেল ছামিটত ক’লে বৰুণ দাসে

জাৰ্মানীৰ ষ্টুটগাৰ্টত চলি থকা নিউজ৯ গ্ল’বেল ছামিটৰ দ্বিতীয় দিনা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে। প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰি বৰুণ দাসে প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ শান্তি আৰু উন্নয়নৰ পক্ষপাতী ব্যক্তি বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ পৰা ‘RRR’ৰ শিক্ষাঃ কি এই RRR! নিউজ৯ গ্ল’বেল ছামিটত ক’লে বৰুণ দাসে

টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাস

Published: 

22 Nov 2024 21:58 PM

জাৰ্মানীৰ বিখ্যাত ষ্টুটগাৰ্ট ষ্টেডিয়ামত আয়োজিত নিউজ৯ গ্ল’বেল ছামিটৰ দ্বিতীয় দিনা আজি অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাস। প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰি বৰুণ দাসে প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ শান্তি আৰু উন্নয়নৰ পক্ষপাতী ব্যক্তি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিত্ব সমগ্ৰ বিশ্বতে RRR- Relationship, Respect and Responsibility অৰ্থাৎ সম্পৰ্ক, সন্মান আৰু দায়িত্বৰ বাবে পৰিচিত বুলি মন্তব্য কৰে টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।

নিজ ভাষণত তেওঁ লগতে চলিত বৰ্ষৰ আৰম্ভণিতে নতুন দিল্লীত আয়োজন কৰা ‘টিভি৯: হোৱাট ইণ্ডিয়া থিংকছ টুডে’ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ আৰু ভাষণৰ প্ৰসঙ্গ উল্লেখ কৰে। বৰুণ দাসৰ মতে, এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিত্বৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ কথা শিকিব পৰা গ’ল- সুশাসন, বহুমুখী হোৱা আৰু দেশৰ পৰিচয় উন্নত কৰা।

বৰুণ দাসে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিত্বৰ পৰা কেইমাহমান আগত এই শিক্ষা লাভ কৰিছিল, কিন্তু এতিয়া তেওঁৰ ব্যক্তিত্বত RRR ৰ জিলিকনি দেখিবলৈ পাওঁ। RRR বিগত বৰ্ষত শ্ৰেষ্ঠ মৌলিক গীতৰ অস্কাৰ লাভ কৰা জনপ্ৰিয় ছবিৰ শিৰোনাম যদিও তেওঁৰ বাবে এই RRRৰ গুৰুত্ব বহু বেছি বুলি মন্তব্য কৰে বৰুণ দাসে। তেওঁ কয়, “মোৰ বাবে RRR হৈছে এনে এক সূত্ৰ, যি বিশ্বৰ বাবে এক শান্তিপূৰ্ণ আৰু সুসম ভৱিষ্যতৰ সৃষ্টি কৰে।”

তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিত্বৰ পৰা লাভ কৰা এই RRRৰ বাখ্যাও দাঙি ধৰে। তেওঁ কয় যে এই RRRৰ প্ৰথম R হ’ল Relationship অৰ্থাৎ সম্পৰ্ক। প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ যিকোনো দেশৰ সৈতে উন্নত সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম আৰু তেওঁৰ বন্ধুত্বপূৰ্ণ আচৰণত বিশ্ব আপ্লুত বুলি মন্তব্য কৰে বৰুণ দাসে। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে মস্কোৰ পৰা কিয়েভ আৰু ইজৰাইলৰ পৰা পেলেষ্টাইনলৈকে সুসম্পৰ্ক বজাই ৰাখিছে বুলি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমান বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মাজত মানৱতাক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি সদায় শান্তিৰ বাৰ্তা দিছে বুলিও বৰুণ দাসে লগতে কয়। RRRৰ দ্বিতীয় R-ৰ দ্বাৰা তেওঁ Respect অৰ্থাৎ সন্মান বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া কাৰোবাৰ সৈতে সম্পৰ্ক আগুৱাই নিয়ে, তেতিয়া তেওঁ সন্মানৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে বুলি বৰুণ দাসে কয়।

বৰুণ দাসে ভাষণত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মানৱতাৰ সৰ্বাধিক শক্তি বিতৰ্কত নহয়, সামূহিক প্ৰচেষ্টাত নিহিত হৈ আছে বুলি কৈ আহিছে। “প্ৰধানমন্ত্ৰী মোদীয়ে সদায় এই কথাত গুৰুত্ব দি আহিছে যে এয়া যুদ্ধৰ সময় নহয় বৰঞ্চ শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ সময়।”- বৰুণ দাসে লগতে কয়।

ইয়াৰ পিছতে তেওঁ তৃতীয় R-ৰ অৰ্থ Responsibility অৰ্থাৎ দায়বদ্ধতা বুলি বাখ্যা কৰে। বৰুণ দাসে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ বৈদেশিক নীতিত মানৱতাৰ সুৰক্ষা গুৰুত্বপূৰ্ণ। তেওঁ সদায় মানৱীয় মূল্যবোধৰ মৰ্যাদা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু তেওঁৰ নেতৃত্বত ভাৰতে শান্তিৰ দৃষ্টিভংগী বিশ্বত বিয়পাই দিছে বুলি টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে কয়।

ইয়াৰ সমান্তৰালকৈ তেওঁ প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ গ্ৰহণ কৰি নিউজ৯ গ্ল’বেল ছামিটত অংশগ্ৰহণ কৰি বক্তব্য ৰখাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ব্যস্ততাৰ মাজতে এই বহুমূলীয়া সময় উলিয়াই আজি পুনৰ এবাৰ নিজ বক্তব্যৰ জৰিয়তে শান্তি আৰু প্ৰগতিৰ বিশ্বদৃষ্টিভংগীক উৎসাহিত কৰিব বুলি বৰুণ দাসে উল্লেখ কৰে। তেওঁ লগতে এই সন্মিলনত অংশগ্ৰহণ কৰা অতিথি বক্তাসকলে আগবঢ়োৱা ধাৰণাসমূহে ভৱিষ্যতৰ উন্নতি সাধন কৰিব বুলিও দৃঢ়তাৰে কয়।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস