কোনে ইতিহাস ৰচিব ? কমলা হেৰিছৰ আসন দ্ৰুতগতিত বৃদ্ধি... | U.S. Presidential Election 2024 Results Updates : resemble haryana vidhan sabha result as kamala harris comeback Assam news - Assam Tv9

U.S. Presidential Election 2024 Results : হাৰিয়ানাৰ দৰে হ’ব নেকি আমেৰিকাৰ নিৰ্বাচনৰ ফলাফল ! কমলা হেৰিছৰ আসন দ্ৰুতগতিত বৃদ্ধি…

৮ অক্টোবৰত প্ৰকাশ পোৱা হাৰিয়ানাৰ ফলাফলত কংগ্ৰেছে প্ৰাৰম্ভিক স্তৰত ডাঙৰ অগ্ৰগতি লাভ কৰিছিল যদিও ক্ৰমান্বয়ে বিজেপিয়ে পুনৰ প্ৰত্যাৱৰ্তন কৰি পৰাস্ত কৰিছিল। একেদৰে আজি আমেৰিকাৰ নিৰ্বাচনৰ ফলাফলতো একে পৰিস্থিতি দেখা গৈছে । প্ৰাৰম্ভিক স্তৰত ড’নাল্ড ট্ৰাম্পে ডাঙৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল যদিও বৰ্তমানলৈকে এই ব্যৱধান হ্ৰাস পাবলৈ ধৰিছে ।

U.S. Presidential Election 2024 Results : হাৰিয়ানাৰ দৰে হব নেকি আমেৰিকাৰ নিৰ্বাচনৰ ফলাফল ! কমলা হেৰিছৰ আসন দ্ৰুতগতিত বৃদ্ধি...

আমেৰিকা নিৰ্বাচন ২০২৪

Updated On: 

06 Nov 2024 12:11 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত হাৰিয়ানা বিধানসভাৰ ফলাফলৰ দৰেই পৰিস্থিতিৰ সৃষ্টি হৈছে। ৮ অক্টোবৰত প্ৰকাশ পোৱা হাৰিয়ানাৰ ফলাফলত কংগ্ৰেছে প্ৰাৰম্ভিক স্তৰত ডাঙৰ অগ্ৰগতি লাভ কৰিছিল যদিও ক্ৰমান্বয়ে বিজেপিয়ে পুনৰ প্ৰত্যাৱৰ্তন কৰি পৰাস্ত কৰিছিল। একেদৰে আজি আমেৰিকাৰ নিৰ্বাচনৰ ফলাফলতো একে পৰিস্থিতি দেখা গৈছে । প্ৰাৰম্ভিক স্তৰত ড’নাল্ড ট্ৰাম্পে ডাঙৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল যদিও বৰ্তমানলৈকে এই ব্যৱধান হ্ৰাস পাবলৈ ধৰিছে ।

প্ৰাৰম্ভিক ধাৰাত তেওঁ সংখ্যাগৰিষ্ঠতাৰ ওচৰ চাপিছিল। কিন্তু সময়ৰ লগে লগে ছবিখন দ্ৰুতগতিত সলনি হৈ আহিছে। কমলা হেৰিছে প্ৰত্যাৱৰ্তন কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ লগতে  ট্ৰাম্পক কঠোৰ প্ৰত্যাহ্বান জনাইছে হেৰিছে । কমলা হেছিৰ আসন দ্ৰুতগতিত বৃদ্ধি পাই ২১৪ খন হৈছেগৈ, আনহাতে ট্ৰাম্পৰ আসন ২৪৭ খনত আবদ্ধ হৈ আছে।

ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰিবলৈ মুঠ ২৭০টা নিৰ্বাচনী ভোটৰ প্ৰয়োজন আৰু এতিয়া দুয়োজন প্ৰাৰ্থী ইজনে সিজনৰ অতি ওচৰ চাপিছে। দুয়োগৰাকী নেতাৰ বাবে এই নিৰ্বাচন এক ঐতিহাসিক নিৰ্বাচন । হেৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদবী লাভ কৰা প্ৰথমগৰাকী মহিলা হোৱাৰ সপোন দেখিছে, আনহাতে ট্ৰাম্পে তিনিবাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰি দুবাৰ জয় লাভ কৰাৰ আমেৰিকাৰ প্ৰথমগৰাকী নেতা হিচাপে ইতিহাস ৰচনা কৰাৰ লক্ষ্য লৈছে।

হাৰিয়ানাৰ নিৰ্বাচনৰ দৰেই এই নিৰ্বাচনত হেৰিছে সকলোকে আচৰিত কৰি হঠাতে ৰাষ্ট্ৰপতি পদৰ দৌৰলৈ আহিছে । যদি কমলা হেৰিছে ট্ৰাম্পক পৰাস্ত কৰে তেন্তে আমেৰিকাৰ ফলাফলো হাৰিয়ানা বিধানসভাৰ দৰে হ’ব।

৮ অক্টোবৰৰ পৰা যেতিয়া হাৰিয়ানাৰ নিৰ্বাচনৰ গণনা আৰম্ভ হৈছিল তেতিয়া ৰাজ্যৰ বহু আসনত কংগ্ৰেছ মিত্ৰজোঁটে আগবাঢ়ি আছিল। সময়ৰ লগে লগে বিজেপিৰ গ্ৰাফো বাঢ়িবলৈ ধৰিলে আৰু প্ৰায় এঘণ্টাৰ ভিতৰতে বিজেপিয়ে ভাৰতীয় মিত্ৰজোঁটক পৰাস্ত কৰে।

এল'ভেৰা উদ্ভিদে কি কি ৰোগ উপশম কৰাত সহায় কৰে জানক
১০৫০ কোটি টকাৰ মালিক বিৰাট কোহলি! ক্ৰিকেটৰ বাহিৰে তেওঁৰ আয়ৰ উৎস কি জানেনে...
প্ৰতিদিনে সন্ধিয়া ঘৰৰ এই স্থানত জ্বলাওক এগচি চাকি, নহয় ধনৰ অভাৱ
পৰিৱৰ্তিত বতৰত শিশুৰ যত্ন কেনেকৈ ল'ব ? গ্ৰহণ কৰক এই পদক্ষেপ...