আমেৰিকাত প্ৰৱেশ নিষিদ্ধ পাকিস্তানকে ধৰি ৪১খন দেশৰ নাগৰিকৰ ! ড’নাল্ড ট্ৰাম্পৰ দীঘলীয়া তালিকা চাওক…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ তালিকাখন দীঘলীয়া । কোৱা হৈছে যে, এই তালিকাত সন্নিবিষ্ট দেশসমূহৰ নাগৰিকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে আমেৰিকায় । এই তালিকাত আছে পাকিস্তান, আফগানিস্তানৰ দৰে দেশৰ নাম ।

আমেৰিকাত প্ৰৱেশ নিষিদ্ধ পাকিস্তানকে ধৰি ৪১খন দেশৰ নাগৰিকৰ ! ডনাল্ড ট্ৰাম্পৰ দীঘলীয়া তালিকা চাওক...

ড'নাল্ড ট্ৰাম্প

Published: 

16 Mar 2025 12:35 PM

বিশ্বৰ ৪১ খন দেশৰ নাগৰিকে প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তালিকাখন দীঘলীয়া । কোৱা হৈছে যে, এই তালিকাত সন্নিবিষ্ট দেশসমূহৰ নাগৰিকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে আমেৰিকায় । এই তালিকাত আছে পাকিস্তান, আফগানিস্তানৰ দৰে দেশৰ নাম ।

প্ৰকাশিত খবৰ অনুসৰি, অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিবৰ বাবে ট্ৰাম্পে এই দেশসমূহৰ নাগৰিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি, পাকিস্তান, আফগানিস্তান, ভূটানকে ধৰি মুঠ ৪১খন দেশৰ ওপৰত আৰোপ কৰিব পাৰে নিষেধাজ্ঞা।

সূত্ৰ অনুসৰি, এই ৪১খন দেশক তিনিটা গোটত ভাগ কৰা হৈছে। প্ৰথম গোট বা তালিকাত আফগানিস্তান, ইৰাণ, ছিৰিয়া, কিউবা, উত্তৰ কোৰিয়াকে ধৰি ১০খন দেশ অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোকৰ নাগৰিকৰ ভিছা সম্পূৰ্ণৰূপে বাতিল কৰা হ’ব বুলি খবৰ প্ৰকাশ পাইছে।

দ্বিতীয় গোটত ৫ খন দেশ অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত আছে হাইটি, লাওছ, ম্যানমাৰ, দক্ষিণ ছুডান আৰু ইৰিত্ৰিয়া। তেওঁলোকৰ ওপৰত আংশিক নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। ইয়াৰ ফলত পৰ্যটক আৰু ছাত্ৰ ভিছা লাভ কৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। তৃতীয় গোটত ২৬খন দেশ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত আছে পাকিস্তান, ভূটান, ম্যানমাৰ আদি দেশৰ নাম। যদিহে চৰকাৰে ৬০ দিনৰ ভিতৰত সমস্যা সমাধানৰ চেষ্টা নকৰে তেন্তে এই দেশৰ নাগৰিকৰ আমেৰিকাৰ ভিছা বাতিল হ’ব পাৰে।

নাম প্ৰকাশ নকৰাৰ চৰ্তত আমেৰিকাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে, আমেৰিকাৰ চৰকাৰে এতিয়াও এই তালিকাত চূড়ান্ত অনুমোদন দিয়া নাই। তালিকাখনো সলনি হ’ব পাৰে। উল্লেখ কৰিব লাগিব যে, ট্ৰাম্প যেতিয়া প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল, তেতিয়া তেওঁ মুছলমান সংখ্যাগৰিষ্ঠ সাতখন দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ