আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট! আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ চিন্তিত চৰকাৰ
বিগত কেইটামান সপ্তাহত দেশখনত বৃদ্ধি পাইছে Covid-19 আক্ৰান্তৰ সংখ্যা। নতুন ভেৰিয়েন্ট প্ৰাদুৰ্ভাৱ বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱাৰ বাবে সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে বুলি খবৰ পোৱা গৈছে। চিকিৎসকে সাৱধান হ’বলৈ পৰামৰ্শ দিয়াৰ বিপৰীতে বিজ্ঞানীসকলে কয় যে, ভেকচিন আৰু পূৰ্বৰ অভিজ্ঞতাৰ বাবে আমাৰ অৱস্থা ভাল।

ক'ভিড
Covid-19 ৰ ভাবুকি আগৰ দৰে নহ’ব পাৰে, কিন্তু সেয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। যোৱা কেইটামান সপ্তাহত ব্ৰিটেইনত হঠাতে বৃদ্ধি পাইছে Covid আক্ৰান্তৰ সংখ্যা। দ্য ছানত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰাথমিক চিকিৎসক চুজেন ৱাইলীয়ে কয়, “বৰ্তমানৰ বিপদক সহজভাৱে ল’ব নালাগে। আতংকিত হোৱাৰ প্ৰয়োজন নাই যদিও সজাগ হৈ থকাটো উঠিত।” তেওঁ কয়, “Covidৰ নতুন ভেৰিয়েন্ট দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ বাবে সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে।”
২০২৫ চনৰ আৰম্ভণিতে ব্ৰিটেইনত ২.২ শতাংশ লোকৰ Covid পজিটিভ ধৰা পৰাৰ বিপৰীতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত এই সংখ্যা ৪.৫ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যাও ৭ শতাংশ বৃদ্ধি পাইছে। ডাঃ ৱাইলিৰ মতে Covid আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ আঁৰত বহু কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত ভাইৰাছৰ নতুন ভেৰিয়েন্ট, মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা আৰু ঠাণ্ডা বতৰৰ বাবে ঘৰৰ ভিতৰত অধিক সময় কটোৱা, যাৰ ফলত এই ভাইৰাছ দ্ৰুতগতিত বিয়পিব পাৰে।
একে সময়তে বিজ্ঞানীসকলে কয়, “সংক্ৰমণ পুনৰ বাঢ়িছে যদিও এতিয়া আমাৰ হাতত ভেকচিন আছে আৰু আমি আগৰ তুলনাত অধিক প্ৰস্তুত হৈছো।” অধ্যাপক ষ্টিভ গ্ৰীফিনৰ মতে, “বৰ্তমান বেছিভাগ ক্ষেত্ৰতে বৃদ্ধসকলৰ মাজত আক্ৰমণ বেছি দেখা গৈছে, এনে পৰিস্থিতিত বসন্ত বুষ্টাৰ ড’জৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব।” তেওঁ কয়, চিকিৎসালয়ত পৰীক্ষা কৰা লোকসকলে পূৰ্বেই ইয়াৰ লক্ষণ অনুভৱ কৰিছে, সেয়েহে তাত পজিটিভিটিৰ হাৰ অধিক। ইয়াৰ পিছতো এই পৰিসংখ্যাই সমগ্ৰ দেশতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ধাৰা বুজাত সহায় কৰে।
Covid পজিটিভ হ’লে কি কৰিব?
ডাঃ চুজেন ৱাইলীয়ে সংক্ৰমণ প্ৰতিৰোধৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতাৰ পৰামৰ্শ আগবঢ়াইছে। কোনোবাই যদি ক’ভিড পজিটিভ ধৰা পৰে বা লক্ষণ দেখা দিয়ে তেনেহ’লে ঘৰতে জিৰণি ল’ব লাগে, প্ৰচুৰ পৰিমাণে পানী খাব লাগে, বেমাৰী লোকৰ পৰা আঁতৰি থাকিব লাগে, হাতৰ ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস কৰিব লাগে। ইয়াৰ বাহিৰেও হাঁচি বা কাঁহৰ সময়ত মুখত ৰুমাল ৰখা, ভিৰ পৰিহাৰ কৰা আৰু মাস্ক ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি যোগ্য তেন্তে নিশ্চিতভাৱে বুষ্টাৰ ড’জটো লওক।
যদিও Corona এতিয়া মহামাৰী নহয়, তথাপিও ই বিপদমুক্ত নহয়। বিশেষজ্ঞসকলৰ মতে অভিজ্ঞতা আৰু ভেকচিনৰ সহায়ত এতিয়া ইয়াক নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰিছে। এনে পৰিস্থিতিত অলপ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি আমি নিজকে আৰু আনকো এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰো।