শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইউক্ৰেইনক ন্যায় আৰু স্থায়ী শান্তিৰ প্ৰয়োজন ! হোয়াইট হাউছ এৰি যোৱাৰ পিছত জেলেনস্কিৰ প্ৰতিক্ৰিয়া…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় । দুয়োগৰাকী নেতাৰ মাজৰ তৰ্ক-বিতৰ্কই এনে পৰ্যায় পায় যে, জেলেনস্কিয়ে কোনো চুক্তি মানি ল’বলৈ অস্বীকাৰ কৰাৰ বিপৰীতে বৈঠকৰ মাজভাগতে আলোচনা বন্ধ হৈ যায় ।

ইউক্ৰেইনক ন্যায় আৰু স্থায়ী শান্তিৰ প্ৰয়োজন ! হোয়াইট হাউছ এৰি যোৱাৰ পিছত জেলেনস্কিৰ প্ৰতিক্ৰিয়া…
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি
manas-borah
Manas Borah | Updated On: 01 Mar 2025 08:01 AM

শুকুৰবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় । দুয়োগৰাকী নেতাৰ মাজৰ তৰ্ক-বিতৰ্কই এনে পৰ্যায় পায় যে, জেলেনস্কিয়ে কোনো চুক্তি মানি ল’বলৈ অস্বীকাৰ কৰাৰ বিপৰীতে বৈঠকৰ মাজভাগতে আলোচনা বন্ধ হৈ যায় । ইয়াৰ পিছত হোৱাইট হাউছ এৰি যোৱাৰ পিছত এক্সত দিয়া পোষ্টত আমেৰিকাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জেলেনস্কিয়ে ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে তেওঁৰ পোষ্টত লিখিছে যে, “ধন্যবাদ আমেৰিকা, আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ। এই ভ্ৰমণৰ বাবে ধন্যবাদ। POTUS, কংগ্ৰেছ, আৰু আমেৰিকাৰ জনসাধাৰণক ধন্যবাদ জনাইছো । ইউক্ৰেইনক ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰয়োজন আৰু আমি ঠিক সেই লক্ষ্যৰে কাম কৰি আছো।”

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে অভাল অফিচত আমেৰিকাৰ নেতা তথা উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ সৈতে কিছু তৰ্কত লিপ্ত হোৱাৰ পিছত হোৱাইট হাউছৰ পৰা ওলাই অহাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু দেশখনক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শুকুৰবাৰে হোৱা বৈঠকৰ সময়ত ট্ৰাম্পে জেলেনস্কিক সমালোচনা কৰিছিল । লগতে লাখ লাখ লোকক বিপদত পেলোৱা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁৰ এই কাৰ্য তৃতীয় বিশ্বযুদ্ধ সূচনা কৰিব পাৰে বুলি জেলেনস্কিক সতৰ্ক কৰি দিছিল ট্ৰাম্পে।

ইয়াৰ উত্তৰত জেলেনস্কিয়ে আমেৰিকাৰ সৈতে গুৰুত্বপূৰ্ণ খনিজ চুক্তি স্বাক্ষৰ নকৰাকৈয়ে হঠাতে হোৱাইট হাউছ এৰি থৈ যায় । যিখন চুক্তি ট্ৰাম্পে ইউক্ৰেইনৰ সমৰ্থনৰ চৰ্ত বুলি কৈছিল। এই চুক্তিখনৰ বিনিয়মত ইউক্ৰেইনক সমৰ্থন কৰাৰ চৰ্ত দিছিল ট্ৰাম্পে ।

উল্লেখ্য যে, অ’ভাল অফিচত উত্তপ্ত তৰ্ক-বিতৰ্কৰ অন্তত ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত অনুষ্ঠিত হ’বলগীয়া যৌথ সংবাদমেলখনো বাতিল কৰা হয়। হোয়াইট হাউছৰ এগৰাকী মুখপাত্ৰই কয় যে, আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত যি খনিজ চুক্তি স্বাক্ষৰ হ’বলগীয়া আছিল, সেয়াও নহ’ল।