ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতৰ মতামতক লৈ ক্ষুব্ধ নেতানিয়াহু | UN court calls Israel's presence in Palestine 'illegal', Netanyahu reacts Assam news - Assam Tv9

‘পেলেষ্টাইনত ইজৰাইলৰ উপস্থিতি অবৈধ !’, ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতৰ এই মতামতক লৈ ক্ষুব্ধ নেতানিয়াহু

পেলেষ্টাইনৰ ভূখণ্ডত ইজৰাইলৰ উপস্থিতিক অবৈধ বুলি অভিহিত কৰিছে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতে । ইয়াৰ লগতে ৰাষ্ট্ৰসংঘই তেওঁলোকৰ যুদ্ধ অন্ত পেলাবলৈ অন্ত পেলাবলৈ অনুৰোধ জনাইছে । কিন্তু ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতৰ এই ৰায়ক সহজভাৱে ল'ব পৰা নাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । ইজৰাইলৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দাবী কৰে, পেলেষ্টাইনৰ এই অঞ্চলসমূহ ইহুদী জনগোষ্ঠীৰ ঐতিহাসিক গৃহভূমিৰ অংশ।

পেলেষ্টাইনত ইজৰাইলৰ উপস্থিতি অবৈধ !, ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতৰ এই মতামতক লৈ ক্ষুব্ধ নেতানিয়াহু

বেঞ্জামিন নেতানিয়াহু

Published: 

21 Jul 2024 16:57 PM

পেলেষ্টাইনৰ ভূখণ্ডত ইজৰাইলৰ উপস্থিতিক অবৈধ বুলি অভিহিত কৰিছে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতে । ইয়াৰ লগতে ৰাষ্ট্ৰসংঘই তেওঁলোকৰ যুদ্ধ অন্ত পেলাবলৈ অন্ত পেলাবলৈ অনুৰোধ জনাইছে । কিন্তু ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতৰ এই ৰায়ক সহজভাৱে ল’ব পৰা নাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । প্ৰকাশিত খবৰ অনুসৰি, ইজৰাইলৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দাবী কৰে, পেলেষ্টাইনৰ এই অঞ্চলসমূহ ইহুদী জনগোষ্ঠীৰ ঐতিহাসিক গৃহভূমিৰ অংশ।

মনকৰিবলগীয়া যে, ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতে স্পষ্টকৈ এটা কথা কয় যে, পশ্চিম পাৰ আৰু পূব জেৰুজালেমত ইজৰাইলী বসতি নিৰ্মাণ আৰু সম্প্ৰসাৰণ, অঞ্চলটোৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ, ভূমি দখল আৰু স্থায়ী নিয়ন্ত্ৰণ, পেলেষ্টাইনীসকলৰ বিৰুদ্ধে বৈষম্যমূলক নীতি আদিয়ে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে। লগতে এই কথাও উল্লেখ কৰে যে,ইজৰাইলে সেই অঞ্চলসমূহ বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে। ইয়াৰ উপৰিও ই পেলেষ্টাইনীসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰত বাধাৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃ চৰাইবোৰেও উৰিবলৈ ভয় কৰা হৈছে ! সপোন দেখাৰ বয়সত যুদ্ধৰ পৰিণতি ভুগিছে গাজাৰ হাজাৰ হাজাৰ শিশুৱে…

প্ৰকাশিত খবৰ অনুসৰি, পেলেষ্টাইনৰ ভূখণ্ডত ইজৰাইলৰ নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ এতিয়াও আন জাতিসমূহে সহযোগিতা আগবঢ়োৱা নাই বুলি কয় ৰাষ্ট্ৰসংঘই । ৰাষ্ট্ৰসংঘৰ আদালতে কয় যে, দখল কৰা পেলেষ্টাইন ভূখণ্ডত ইজৰাইলৰ উপস্থিতি অবৈধ। গতিকে ইয়াক যিমান পাৰি সোনকালে শেষ কৰিব লাগে। ৭ অক্টোবৰত দক্ষিণ ইজৰাইলত হামাছৰ নেতৃত্বত চলোৱা আক্ৰমণৰ প্ৰতিশোধ হিচাপে গাজাত ইজৰাইলে চলোৱা সামৰিক আক্ৰমণৰ সন্দৰ্ভত এই ৰায় দিছে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতে ।

এটা সুকীয়া গোচৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে দাবী কৰে যে, গাজাত ইজৰাইলৰ অভিযান গণহত্যাৰ সমান। কিন্তু ইয়াৰ বিপৰীতে ইজৰাইলে এই দাবীক পুনছাটেই নাকচ কৰিছে। ইফালে আদালতে কয় যে, সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে সেই অঞ্চলসমূহত ইজৰাইলৰ উপস্থিতি নাইকিয়া কৰাৰ কথা বিবেচনা কৰিব লাগে।

লগতে পঢ়কঃ কিয় গাজাৰ বিদ্যালয়সমূহ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ইজৰাইল সেনাৰ ?

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?