পহলগামৰ আক্ৰমণক “তীব্ৰ গৰিহণা” ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ, কি ক’লে ?
পহলগামৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে । ইয়াৰ লগতে সন্ত্ৰাসবাদৰ এই নিন্দনীয় কাৰ্যৰে জড়িত দোষীৰ বিৰুদ্ধে ব্যৱস্থাৰ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে ৰাষ্ট্ৰসংঘই।

দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে । ইয়াৰ লগতে সন্ত্ৰাসবাদৰ এই নিন্দনীয় কাৰ্যৰে জড়িত দোষী,সংগঠন আৰু পৃষ্ঠপোষকসকলক জবাবদিহি কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাৰ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে ৰাষ্ট্ৰসংঘই। শুকুৰবাৰে ১৫ খন দেশৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এক প্ৰেছ বিবৃতিযোগে কয় যে, সন্ত্ৰাসবাদ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ বাবে অন্যতম গুৰুতৰ ভাবুকি।
প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে, নিৰাপত্তা পৰিষদৰ সদস্যসকলে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে । এই প্ৰেছ বিবৃতি হ’ল ৰাষ্ট্ৰসংঘৰ সভাপতিগৰাকীয়ে ১৫ জন সদস্যৰ আটাইকেইজন সদস্যৰ হৈ সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্য। বৰ্তমান পাকিস্তান হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ।
নিৰাপত্তা পৰিষদৰ সদস্যসকলে নিহতসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ৰাষ্ট্ৰসংঘই এই হত্যাকাণ্ডৰ বাবে দায়ীসকলক জবাবদিহি কৰা উচিত বুলি জোৰ দি আন্তঃৰাষ্ট্ৰীয় আইন আৰু প্ৰাসংগিক নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি সকলো ৰাষ্ট্ৰকে এই ক্ষেত্ৰত সকলো সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সক্ৰিয়ভাৱে সহযোগিতা কৰিবলৈ আহ্বান জনায় । সদস্যসকলে পুনৰ কয় যে, যিকোনো সন্ত্ৰাসবাদৰ কাৰ্য অপৰাধমূলক আৰু অযুক্তিকৰ ।
উল্লেখ্য যে, ২২ এপ্ৰিল পহলগাম ভয়াৱহ সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হয় । এই আক্ৰমণত ২৬ জনকৈ লোক নিহত হয় । সন্ত্ৰাসবাদৰে পাকিস্তানৰ সম্পৰ্ক থকাৰ অভিযোগত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি পাকিস্তানী নাগৰিকৰ ভিজা বাতিল, সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু আটাৰীৰ সীমান্ত তাৎক্ষণিকভাৱে বন্ধ কৰাকে ধৰি শাস্তিমূলক ব্যৱস্থাৰ গ্ৰহণ কৰে ভাৰতে ।