Unrest Bangladesh: হিংসাৰ জুইত জ্বলিছে বংগ বন্ধু মুজিবৰ ৰহমান, শ্বেইখ হাছিনাৰ বাসগৃহ

বুধবাৰে ভাৰ্চুৱেল মাধ্যমেৰে ভাষণ দিয়াৰ কথা আছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই । তাৰ পূৰ্বেই বংগবন্ধুৰ ধানমাণ্ডিৰ বাসগৃহত জুই লগাই দিয়ে একাংশ ক্ষুব্ধ জনতাই । মাজ নিশা ক্ৰেন আনি ভাঙি পেলোৱা হয় বংগবন্ধুৰ স্মৃতি বিজড়িত ঘৰটো ।

Unrest Bangladesh: হিংসাৰ জুইত জ্বলিছে বংগ বন্ধু মুজিবৰ ৰহমান, শ্বেইখ হাছিনাৰ বাসগৃহ

বাংলাদেশত হিংসাৰ জুই

Published: 

06 Feb 2025 16:11 PM

আকৌ অশান্তিৰ গহ্বৰত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ । নৈৰাজ্যৰ বাংলাদেশত পুনৰ বিয়পিছে হিংসাৰ জুই । ধ্বংসস্তূপত পৰিণত ধানমাণ্ডিত থকা বংগবন্ধু শ্বেইখ মুজিবৰ ৰহমানৰ ঘৰটো । কেৱল মুজিবৰৰ বাসগৃহতেই নহয়, শ্বেইখ হাছিনাৰ বাসগৃহ সুধা সদনো জ্বলাই দিলে একাংশই । শেখ হাউছো সাৰি নগ’ল আক্ৰমণৰ পৰা ।

বুধবাৰে ভাৰ্চুৱেল মাধ্যমেৰে ভাষণ দিয়াৰ কথা আছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই । তাৰ পূৰ্বেই বংগবন্ধুৰ ধানমাণ্ডিৰ বাসগৃহত জুই লগাই দিয়ে একাংশ ক্ষুব্ধ জনতাই । মাজ নিশা ক্ৰেন আনি ভাঙি পেলোৱা হয় বংগবন্ধুৰ স্মৃতি বিজড়িত ঘৰটো ।

তাৰ পাছত ৰাতি প্ৰায় ১০.৩০ বজাত ধানমণ্ডিৰ ৫/এ ত থকা শ্বেইখ হাছিনাৰ বাসগৃহ সুধা সংসদতো জুই লগাই দিয়ে একাংশই । প্ৰায় ১০-১২ জনীয়া এটা দলে এই কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে । চুবুৰীয়াই পানী ঢালি জুই নুমুওৱাৰ চেষ্টা কৰে । তাৰ পাছতো মাজ নিশা সুধা ভৱনৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ মহলাত জুই জ্বলি থকা দেখা যায় ।

খুলনাত থকা শ্বেখ হাছিনাৰ খুৰাকৰ ঘৰতো অগ্নিসংযোগ কৰাৰ লগতে ঘৰটো লণ্ড-ভণ্ড কৰা বুলি জানিব পৰা গৈছে । এই ঘৰটোত হাছিনাৰ খুৰাকৰ পুত্ৰ শ্বেইখ হেলাল উদ্দিন আৰু শ্বেইখ ছোহেল উদ্দিন থাকে । এই ঘৰৰ পৰাই আৱামি লীগ নিয়ন্ত্ৰিত হৈছিল । সেই ঘৰটোও বুলড’জাৰ ব্যৱহাৰ কৰি ভাঙি পেলোৱা হয় । বাহিৰত হাছিনা আৰু আৱামি লীগৰ বিৰুদ্ধে প্ৰতিবাদকাৰীয়ে শ্লোগান দি থকা দেখা গ’ল । ইয়াৰ পূৰ্বেও যোৱা বছৰৰ ৪ আগষ্টত এই ঘৰটোত অগ্নিসংযোগ কৰা হৈছিল । তেতিয়াৰ পৰা এই ঘৰত কোনেও বাস কৰা নাছিল ।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ