শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ঘূৰি আহিব লাগিব দেশলৈ! আমেৰিকাত অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে অভিযান আৰম্ভ…

অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ট্ৰাম্প প্ৰশাসন। শেহতীয়াকৈ অহা খবৰ অনুসৰি নিৰাপত্তাৰক্ষী বিষয়াসকলে গুৰুদ্বাৰসমূহত প্ৰৱেশ কৰি অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে অভিযান চলাইছে।

ঘূৰি আহিব লাগিব দেশলৈ! আমেৰিকাত অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে অভিযান আৰম্ভ…
আমেৰিকা Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 27 Jan 2025 18:26 PM

আমেৰিকাত আৰম্ভ হৈছে অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে অভিযান। কেৱল ভাৰতৰ নাগৰিকে নহয়, ট্ৰাম্প চৰকাৰে দেশখনত থকা সকলো অবৈধ নাগৰিকক বাহিৰ কৰাৰ বাবে এক্সন লৈছে। খবৰ অনুসৰি, সোমবাৰে আমেৰিকাৰ নিৰাপত্তাৰক্ষীয়ে নিউয়ৰ্ক আৰু নিউ জাৰ্চিৰ গুৰদ্বাৰসমূহ পৰিদৰ্শন কৰি অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্ত কৰিছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেনে আইন প্ৰয়োগকাৰী সংস্থাক উপাসনাস্থলীকে ধৰি “স্পৰ্শকাতৰ” অঞ্চলত বা তাৰ ওচৰত থকাত বাধা দিয়া নীতি বাতিল কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি হোমলেণ্ড ছিকিউৰিটি ডিপাৰ্টমেণ্টৰ বিষয়াসকলে নিউয়ৰ্ক আৰু নিউ জাৰ্চিৰ গুৰদ্বাৰসমূহক লক্ষ্য় কৰি লৈছে। দাবী অনুসৰি শিখ বিচ্ছিন্নতাবাদী আৰু অবৈধ অনুপ্ৰৱেশকাৰীয়ে ধৰ্মীয় স্থানসমূহক ব্যৱহাৰ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পাছতে ভাৰপ্ৰাপ্ত গৃহ নিৰাপত্তা সচিব বেঞ্জামিন হাফমেনে বাইডেন প্ৰশাসনৰ নিৰ্দেশনা বাতিল কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত নিৰাপত্তা বিভাগৰ এগৰাকী মুখপাত্ৰই কৈছিল যে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বহু অপৰাধীয়ে আমেৰিকাৰ বিদ্যালয় বা গীৰ্জাত এতিয়া আৰু লুকাই থাকিব নোৱাৰে।

মন কৰিবলগীয়া যে, নিৰ্বাচনী প্ৰচাৰৰ সময়তো ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। সেই অনুসৰি শাসনত অহাৰ পাছতে ট্ৰাম্প অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰে। তথ্য অনুসৰি আমেৰিকাত অবৈধভাৱে বাস কৰা প্ৰায় ১৮,০০০ ভাৰতীয় নাগৰিকৰ তালিকা ট্ৰাম্প প্ৰশাসনৰ হাতত আছে, যি তালিকা আমেৰিকাই ইতিমধ্যে ভাৰতত প্ৰদান কৰিছে। ইয়াৰোপৰি সকলো অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই লোৱাৰ বাবে ভাৰত চৰকাৰৰ সহায়ৰো আহ্বান কৰিছে ট্ৰাম্প চৰকাৰে।

শেহতীয়াকৈ নিৰাপত্তাবাহিনীৰ লোকসকল গুৰুদ্বাৰত প্ৰৱেশ কৰাক লৈ একাংশ শিংখ সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁলোকে কৈছে যে এনে পদক্ষেপ শিখসকলৰ পবিত্ৰতাত আঘাত। এক বিবৃতিত শিখ আমেৰিকান লিগেল ডিফেন্স এণ্ড এডুকেচন ফাণ্ডে (SALDAF) উদ্বেগ প্ৰকাশ কৰিছে যে আমেৰিকা চৰকাৰে “স্পৰ্শকাতৰ অঞ্চল” চিনাক্ত কৰা নিৰ্দেশনা বাতিল কৰিছে।

উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশেষকৈ জ বাইডেনে তেওঁৰ শাসনকালত লোৱা প্ৰায় ৭৮ টা সিদ্ধান্ত ট্ৰাম্পে শপত গ্ৰহণৰ দিনাই বাতিল কৰিছিল। ট্ৰাম্পৰ শপত গ্ৰহণৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে। শেহতীয়াকৈ ট্ৰাম্পে অবৈধ নাগৰিকৰ বিৰুদ্ধে লোৱা সিদ্ধান্তৰ ফলত বহু ভাৰতীয় নাগৰিক নিজ দেশলৈ ঘূৰিব লাগিব। অৱশ্যে আমেৰিকা ভ্ৰমণৰ সময়ত কিছুদিন পূৰ্বে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৈছিল যে ভাৰতে অবৈধ অনুপ্ৰৱেশ সমৰ্থন নকৰে আৰু যদি চিনাক্ত হয় তেন্তে সকলো ভাৰতীয়ক দিল্লীয়ে ঘূৰাই ল’বলৈ সাজু আছে।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ভাৰতীয়ক উভতাই ল’বলৈ সাজু দিল্লী…