ট্ৰাম্পৰ এটা বৃহৎ সিদ্ধান্ত! বিপদত বিশ্বৰ প্ৰায় ১২ লাখ শিশুৰ জীৱন, ভয়ংকৰ তথ্যই চিন্তাত পেলাইছে সকলোকে…

দৰিদ্ৰ দেশসমূহৰ টিকাকৰণ কাৰ্যসূচীত সহায় কৰা সংস্থা গাভিক দিয়া আৰ্থিক সাহায্যৰ অন্ত পেলাইছে আমেৰিকাই। ইয়াৰ বাবেই অনুমান কৰা হৈছে যে আগন্তুক ৫ বছৰত ৭.৫ কোটি শিশুৱে টিকা ল’ব নোৱাৰিব আৰু ১২ লাখ শিশুৰ মৃত্যু হ’ব। এই সিদ্ধান্ত বিশ্ব স্বাস্থ্য সুৰক্ষাৰ বাবে এক বৃহৎ ভাবুকি। ইয়াৰ ফলত বহু দেশত মেলেৰিয়া, এইচআইভি আৰু টিবিৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ কৰা কাৰ্যসূচীটো ইয়াৰ প্ৰভাৱ পৰিব।

ট্ৰাম্পৰ এটা বৃহৎ সিদ্ধান্ত! বিপদত বিশ্বৰ প্ৰায় ১২ লাখ শিশুৰ জীৱন, ভয়ংকৰ তথ্যই চিন্তাত পেলাইছে সকলোকে...

ট্ৰাম্পৰ এটা বৃহৎ সিদ্ধান্ত!

Updated On: 

27 Mar 2025 08:01 AM

দৰিদ্ৰ দেশসমূহত ভেকচিন কাৰ্যসূচীত সহায় কৰা সংস্থা Gaviৰ বাবে আমেৰিকাই দিয়া আৰ্থিক সহায়ৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। দ্য টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২৮১ পৃষ্ঠাৰ এখন স্প্ৰেডশ্বীটত ট্ৰাম্প প্ৰশাসনৰ হাজাৰ হাজাৰ বিদেশী সাহায্য কাৰ্যসূচীৰ পৰিকল্পনাৰ তালিকা প্ৰকাশ কৰা হৈছে। প্ৰতিবেদন অনুসৰি এই সিদ্ধান্তক বিশ্বব্যাপী এই প্ৰচেষ্টাৰ ক্ষেত্ৰত এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে, যিয়ে বিগত ২৫ বছৰত লাখ লাখ শিশুৰ জীৱন ৰক্ষা কৰিছে।

ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তৰ অধীনত মেলেৰিয়াৰ বিৰুদ্ধে যুঁজিবলৈ চলি থকা বহু ডাঙৰ কাৰ্যসূচীও কৰ্তন কৰা হ’ব। আনহাতে এইচআইভি আৰু টিবিৰ চিকিৎসাৰ সৈতে জড়িত কিছুমান অনুদান অব্যাহত ৰখাৰ পৰিকল্পনা কৰা হৈছে। শেহতীয়াকৈ আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাই (USAID) কংগ্ৰেছক ২৮১ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে। য’ত বিদেশী সাহায্য প্ৰকল্পসমূহ অব্যাহত ৰখা আৰু শেষ হ’বলগীয়া প্ৰকল্পসমূহৰ তালিকা প্ৰকাশিত হৈছে।

এই ফাইলসমূহৰ পৰা স্পষ্ট হৈ পৰিছে যে আমেৰিকাই বিশ্ব স্বাস্থ্য আৰু মানৱীয় সাহায্যৰ ক্ষেত্ৰত নিজৰ ভূমিকা সীমিত কৰিছে। প্ৰতিবেদন অনুসৰি প্ৰশাসনে ৫৩৪১টা বিদেশী সাহায্য প্ৰকল্প বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে মাত্ৰ ৮৯৮টা প্ৰকল্পহে অব্যাহত ৰখা হ’ব। এই সিদ্ধান্তই Gaviৰ বাবে সৰ্বাধিক লোকচান হৈ পৰিব। কাৰণ এই সংস্থাটোৱে বিশ্বৰ দৰিদ্ৰ দেশসমূহক অত্যাৱশ্যকীয় ভেকচিন যোগান ধৰে। সংস্থাটোৱে অনুমান কৰিছে যে, আমেৰিকাৰ সাহায্যৰ অন্ত পৰিলে অহা পাঁচ বছৰত ৭.৫ কোটি শিশুৱে নিয়মীয়া টিকাকৰণ লাভ কৰিব নোৱাৰিব। যাৰ ফলত ১২ লাখ শিশুৰ মৃত্যু হ’ব পাৰে। Gaviৰ কাৰ্যবাহী বিষয়া ডাঃ ছানিয়া নিষ্ঠাৰে কয় যে এই সিদ্ধান্ত কেৱল উন্নয়নশীল দেশসমূহৰ বাবেই নহয়, বিশ্ব স্বাস্থ্য সুৰক্ষাৰ বাবেও ভাবুকি।

ছিয়েৰা লিয়নৰ স্বাস্থ্য মন্ত্ৰী ডাঃ অষ্টিন ডেম্বিয়ে এই সিদ্ধান্তক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, এইটো কেৱল আমোলাতন্ত্ৰিক সিদ্ধান্ত নহয়, ইয়াৰ ফলত শিশুৰ জীৱন বিপদত পৰিব।
তেওঁ কয় যে, Gavi অবিহনে তেওঁৰ দেশখনে ম্প’ক্সৰ দৰে ৰোগৰ প্ৰয়োজনীয় ভেকচিন যোগান ধৰিব নোৱাৰিব। সেয়েহে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ তেওঁ আমেৰিকা প্ৰশাসনক আবেদন জনায়।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এই সিদ্ধান্ত নিশ্চিত কৰি কয় যে, প্ৰতিটো অনুদান-সাহায্য ব্যক্তিগতভাৱে পৰ্যালোচনা কৰা হয়। য’ত ই প্ৰশাসনৰ নীতি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয় তাতেই বন্ধ কৰা হয়। কিন্তু বহু স্বাস্থ্য কাৰ্যসূচীৰ বাবে পুঁজিৰ ব্যৱস্থা আমেৰিকাৰ কংগ্ৰেছে অনুমোদন জনাইছে। গতিকে ইয়াক বাধা দিয়াৰ কৰ্তৃত্ব প্ৰশাসনৰ আছে নে নাই সেয়া আইনগতভাৱে স্পষ্ট নহয়। এই বিষয়ত এতিয়া বহুতো আইনী প্ৰত্যাহ্বানৰ উন্মেষ ঘটিছে।

উল্লেখ্য যে, আমেৰিকাৰ এই সিদ্ধান্তৰ বাবে হয়তো ডাঙৰ আৰ্থিক সমস্যাত পৰিছে , এতিয়ালৈকে ১ কোটি ৯০ লাখ শিশুৰ জীৱন ৰক্ষা কৰা গেভি নামৰ সংস্থাটো। সংস্থাটোৰ বাজেটৰ ১৩% বৰঙণি আগবঢ়াই আমেৰিকাই ক’ভিড-19 মহামাৰীৰ সময়ত সৰ্বাধিক দানকাৰী হিচাপে পৰিগণিত হৈছিল। ইউৰোপীয় দেশ আৰু জাপানৰ দৰে অন্যান্য ডাঙৰ অৰ্থনীতি ইতিমধ্যে আৰ্থিক সংকটত পৰিছে। যাৰ বাবে তেওঁলোকেও বিদেশী সাহায্য কৰ্তন কৰিছে। এনে পৰিস্থিতিত গাভিয়ে নিজৰ কাম-কাজ অব্যাহত ৰাখিবলৈ নতুন বিত্তীয় উৎস বিচাৰিব লাগিব।

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...