5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

McDonald’s Food Poisoning: মেকড’নাল্ডছৰ বাৰ্গাৰ খাই অসুস্থ! আমেৰিকাৰ মেকড’নাল্ডছত বেক্টেৰিয়াৰ সংক্ৰমণ, এজনৰ মৃত্যু

আমেৰিকাৰ মেকড’নাল্ডছ বাৰ্গাৰৰ পৰা বেক্টেৰিয়াৰ সংক্ৰমণ (E. coli) ​​বিয়পি পৰিছে। মেকড’নাল্ডছ কোৱাৰ্টাৰ পাউণ্ডাৰ হামবাৰ্গাৰ খাই এজন লোকৰ মৃত্যু হয়। ৪৯ জন অসুস্থ, ইয়াৰে ১০ জন চিকিৎসালয়ত ভৰ্তি হৈ আছে।

McDonald’s Food Poisoning: মেকড’নাল্ডছৰ বাৰ্গাৰ খাই অসুস্থ! আমেৰিকাৰ মেকড’নাল্ডছত বেক্টেৰিয়াৰ সংক্ৰমণ, এজনৰ মৃত্যু
মেকড’নাল্ডছৰ বাৰ্গাৰ খাই অসুস্থ!
barasha-misra
Barasha Misra | Updated On: 23 Oct 2024 14:38 PM

বিশ্বৰ সৰ্ববৃহৎ ব্ৰেণ্ড হিচাপে পৰিগণিত মেকড’নাল্ডছ। বৰ্তমান বিশ্বৰ ১০০ খনতকৈও অধিক দেশত ইয়াৰ ৩৭,২৪১ টা শাখা আছে। ২০১০ চনত ২৮ হাজাৰৰো অধিক ষ্ট’ৰে বিনামূলীয়া ৱাইফাই সেৱা আৰম্ভ কৰিছিল। মেকড’নাল্ডছে চেৰিটিৰ ক্ষেত্ৰতো বহুখিনি অৱদান আগবঢ়াইছে। কিন্তু এই মেকড’নাল্ডছৰ বাৰ্গাৰ খায়ে হৈ পৰিছে বহুজন অসুস্থ।

আমেৰিকাৰ মেকড’নাল্ডছ বাৰ্গাৰৰ পৰা বেক্টেৰিয়াৰ সংক্ৰমণ (E. coli) ​​বিয়পি পৰিছে। মেকড’নাল্ডছ কোৱাৰ্টাৰ পাউণ্ডাৰ হামবাৰ্গাৰ খাই এজন লোকৰ মৃত্যু হয়। ৪৯ জন অসুস্থ, ইয়াৰে ১০ জন চিকিৎসালয়ত ভৰ্তি হৈ আছে।

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ মতে, ছেপ্টেম্বৰৰ শেষৰ ফালে আৰম্ভ হোৱা এই E. coli ভাইৰাছত এতিয়ালৈ ১০খন পশ্চিমীয়া ৰাজ্যলৈ বিয়পি পৰিছে। যাৰ ভিতৰত আটাইতকৈ বেছি কলোৰাডো আৰু নেব্ৰাস্কাত পোহৰলৈ আহিছে।

বাৰ্গাৰ খাই এজন লোক অসুস্থ হৈ পৰাত কোৱাৰ্টাৰ পাউণ্ডাৰ হামবাৰ্গাৰৰ পৰা কটা পিঁয়াজ আৰু গৰুৰ মাংসৰ পেটি আঁতৰাই পেলাইছে মেকড’নাল্ডছে। বৰ্তমান এই সন্দৰ্ভত তদন্ত চলি আছে।

মেকড’নাল্ডছ (আমেৰিকা)ৰ সভাপতি জ’ আৰলিংগাৰে ভিডিঅ’ বাৰ্তাত কয় যে, খাদ্য সুৰক্ষা আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। বাৰ্গাৰৰ অভিযোগ পোৱা অঞ্চলৰ ৰেষ্টুৰেণ্টৰ পৰা কোৱাৰ্টাৰ পাউণ্ডাৰ হামবাৰ্গাৰ সাময়িকভাৱে আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে অধিকাংশ ৰাজ্যই ইয়াৰ প্ৰভাৱত নপৰে। কোম্পানীটোৱে স্বীকাৰ কৰে যে অভিযোগ পোৱা ৰেষ্টুৰেণ্টসমূহত মাত্ৰ এটা কোম্পানীৰ পৰাই পিয়াঁজ যোগান ধৰা হৈছিল।

E. coli বেক্টেৰিয়া

E. coli হৈছে এক প্ৰকাৰৰ বেক্টেৰিয়া যিয়ে আপোনাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাতো সহায় কৰে। কিছুমান ষ্ট্ৰেইনৰ দ্বাৰা দূষিত খাদ্য খালে বা প্ৰদূষিত পানী খালে সমস্যা হ’ব পাৰে।

E. coliৰ O157:H7 ষ্ট্ৰেইনৰ ফলত গুৰুতৰ ৰোগ হ’ব পাৰে। ৩১ বছৰ আগতে অৰ্থাৎ ১৯৯৩ চনতো এই ভাইৰাছৰ বাবে বহু লোকৰ মৃত্যু হৈছিল। তাৰ পিছত জেক ইন দ্য বক্স ৰেষ্টুৰেণ্টত কমকৈ সিজোৱা হামবাৰ্গাৰ খাই চাৰিটা শিশুৰ মৃত্যু হয়।

মেকড’নাল্ডছৰ ইতিহাস

১৯৫৫ চনত ইলিনয়ৰ ডেছ প্লেইনছত ৰে ক্ৰকে প্ৰথমখন মেকড’নাল্ডছ ৰেষ্টুৰেণ্ট খুলিছিল। ১৯৫৯ চনলৈকে তেওঁ ১০০খন ৰেষ্টুৰেণ্ট খুলিছিল। কিন্তু তেওঁ বিশেষ লাভালাভ কৰা নাছিল। কাৰণ মেকড’নাল্ডৰ ৰিচাৰ্ড মেকড’নাল্ড আৰু মৰিছ মেকড’নাল্ড নামৰ দুই ভাতৃয়ে তেওঁলোকৰ শাখাটোক অধিক গুৰুত্ব দিছিল। বাকী সকলোখিনি ফ্ৰেঞ্চাইজি ক্ৰকে অকলে চাব লগা হ’ল। কিন্তু দুয়োজন ভাতৃকে সকলোৰে লভ্যাংশৰ অংশ দিব লগা হৈছিল। গতিকে তেওঁ চতুৰতাৰে ১৯৬১ চনত দুই ভাতৃৰ পৰা মেকড’নাল্ডছ ২৭ লাখ ডলাৰত কিনিছিল। ইয়াৰ পিছত ক্ৰকে আৰু পিছলৈ ঘূৰি চাব লগা নহ’ল।

এই অভিযানৰ বাবে ১৯৬৩ চনত ৰে ক্ৰকে প্ৰথমবাৰৰ বাবে ৰ’নাল্ড মেকড’নাল্ড নামৰ এজন ক্লাউনক চিনাকি কৰাই দিয়ে। ১৯৬৬ চনত তেওঁ টিভিৰ বিজ্ঞাপনলৈ আনি দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰে। ১৯৬৮ চনলৈকে মেকড’নাল্ডছৰ শাখাৰ সংখ্যা ১০০০ অতিক্ৰম কৰিলে। এই সময়ত মেকড’নাল্ডছে দেশৰ বাহিৰত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। ১৯৬৭ চনত দেশৰ বাহিৰত প্ৰথমবাৰৰ বাবে ক্ৰকে কানাডাত এই ব্ৰেণ্ডৰ এটা শাখা মুকলি কৰে।

Latest News