US election 2024 : হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত ৯ ভাৰতীয় মূলৰ আমেৰিকান…
আমেৰিকাৰ নিৰ্বাচন ভাৰতীয় মূলৰ আমেৰিকান নেতা সকলৰ বাবেও গুৰুত্বপূৰ্ণ নিৰ্বাচন হিচাপে বিবেচিত হৈছে । কিয়নো হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত আছে ভাৰতীয় মূলৰ ৯ জন আমেৰিকান লোক । ইয়াৰ ভিতৰত ৫ জনে পুনৰ ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত নমাৰ বিপৰীতে ৩ জনে প্ৰথমবাৰৰ বাবে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত নামিছে ।
আজি মঙলবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ । এই নিৰ্বাচন ভাৰতীয় মূলৰ আমেৰিকান নেতা সকলৰ বাবেও গুৰুত্বপূৰ্ণ নিৰ্বাচন হিচাপে বিবেচিত হৈছে । কিয়নো হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত আছে ভাৰতীয় মূলৰ ৯ জন আমেৰিকান লোক । ইয়াৰ ভিতৰত ৫ জনে পুনৰ ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত নমাৰ বিপৰীতে ৩ জনে প্ৰথমবাৰৰ বাবে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত নামিছে ।
ভাৰ্জিনিয়া আৰু ইষ্ট ক’ষ্টৰ পৰা নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় আমেৰিকান হিচাপে ৩৮ বছৰীয়া সুহাছ সুব্ৰমণিয়ামে ইতিহাস সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ভাৰ্জিনিয়া হৈছে ডেম’ক্ৰেটিক পাৰ্টিৰ দুৰ্গ। সুব্ৰমণিয়াম বৰ্তমান ভাৰ্জিনিয়া ৰাজ্যৰ চিনেটৰ। তেওঁ ৱাশ্বিংটন ডি চিৰ ভাৰ্জিনিয়াৰ উপকণ্ঠ অঞ্চলত বাস কৰে, যিখন জিলাত ভাৰতীয় আমেৰিকান লোকৰ সংখ্যা অধিক। সুব্ৰমণিয়ামে বাৰাক ওবামাৰ উপদেষ্টা হিচাপেও কাম কৰি আহিছে।
ড° আমি বেৰাও প্ৰতিনিধিৰ দৌৰত আছে। পেছাত চিকিৎসক ডাঃ আমি বেৰা ২০১৩ চনৰ পৰা কেলিফৰ্ণিয়াক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ ভাৰতীয় আমেৰিকান কংগ্ৰেছী। যদিহে ডেম’ক্ৰেটসকলে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেন্তে ৫৯ বছৰীয়া বেৰাই উচ্চ পদ লাভ কৰাৰ সম্ভাৱনা আছে। ২০১৭ চনৰ পৰা ৱাশ্বিংটনক প্ৰতিনিধিত্ব কৰি অহা ৫৯ বছৰীয়া প্ৰমিলা জয়পালে ডেম’ক্ৰেটিক পাৰ্টিৰ ভিতৰত এগৰাকী শক্তিশালী নেত্ৰী হিচাপে বিবেচিত হৈছে ।
ইফালে আন তিনি গৰাকী হৈছে ২০১৭ চনৰ পৰা ইলিনয়ক প্ৰতিনিধিত্ব কৰা ৰাজা কৃষ্ণমূৰ্তি, ২০১৭ চনৰ পৰা কেলিফৰ্ণিয়াক প্ৰতিনিধিত্ব কৰা ৰো খান্না আৰু ২০২৩ চনৰ পৰা মিচিগানক প্ৰতিনিধিত্ব কৰা ৬৯ বছৰীয়া শ্ৰী থানেদাৰ। এই তিনিওটা স্থানকে ডেম’ক্ৰেটিক পাৰ্টিৰ দুৰ্গ বুলি কোৱা হয়।
২০১৮, ২০২০ আৰু ২০২২ চনত এৰিজোনাত তিনিটা জয়ৰ পিছত এতিয়া এৰিজোনাৰ পৰা হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত নামিছে ড০ আমিছ শ্বাহে। ড০ শ্বাহে এৰিজোনাৰ পৰা সাতটা কাৰ্যকালৰ বৰ্তমানৰ ৰিপাব্লিকান ডেভিদ শ্বৱাইকাৰক প্ৰত্যাহ্বান জনাইছে। ৰিপাব্লিকান দলৰ ড০ প্ৰশান্ত ৰেড্ডীয়ে তিনিবাৰৰ ডেম’ক্ৰেট শ্বেৰিছ ডেভিডছৰ বিৰুদ্ধে কেনছাছৰ পৰা হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত নামিছে ।
নিউ জাৰ্ছিৰ পৰা ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰত আছে ড০ ৰাকেশ মোহন। তেওঁ ৰিপাব্লিকান দলৰ। একেদৰে ১৯৫৭ চনত কেলিফৰ্ণিয়াৰ পৰা কংগ্ৰেছলৈ নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় আমেৰিকান আছিল দলিপ সিং চাউণ্ড। ২০০৫ চনত ববি জিণ্ডাল লুইজিয়ানাৰ পৰা প্ৰতিনিধি সদনলৈ নিৰ্বাচিত হয়। ৰিপ্ৰেজেণ্টেটিভছৰ দৌৰ থকা আন এগৰাকী ভাৰতী মূলৰ আমেৰিকান হৈছে ববি জিণ্ডাল ।
INPUT-PTI