বাইডেনৰ সমৰ্থন লাভ কৰাৰ পাছত কি ক'লে কমলা হেৰিছে ? | US election 2024 : Joe Biden withdraws from presidential race, endorses Kamala Harris Assam news - Assam Tv9

US election 2024 : কমলা হেৰিছ প্ৰথম গৰাকী আমেৰিকাৰ মহিলা ৰাষ্ট্ৰপতি হ’ব পাৰিব নে ! বাইডেনৰ সমৰ্থন লাভ কৰাৰ পাছত কি ক’লে হেৰিছে ?

US election 2024 : জো বাইডেনে কমলা হেৰিছক সমৰ্থন কৰিছে যদিও তেওঁ এতিয়াও আমেৰিকা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱা নাই । কিয়নো চিকাগোত অনুষ্ঠিত হ'বলগীয়া ডেম’ক্ৰেটিক নেশ্যনেল কনভেনশ্যনৰ সময়ত দলৰ নেতাসকলে সমৰ্থন কৰিলেহে কমলা হেৰিছ প্ৰাৰ্থী হ’ব পাৰিব। অৱশ্যে ডেম’ক্ৰেটিক নেশ্যনেল কমিটীৰ অধ্যক্ষ জেইম হেৰিছনে এক বিবৃতিত কয় যে, অনাগত দিনত দলটোৱে ড’নাল্ড ট্ৰাম্পক পৰাস্ত কৰিব পৰাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

US election 2024 : কমলা হেৰিছ প্ৰথম গৰাকী আমেৰিকাৰ মহিলা ৰাষ্ট্ৰপতি হব পাৰিব নে ! বাইডেনৰ সমৰ্থন লাভ কৰাৰ পাছত কি কলে হেৰিছে ?

কমলা হেৰিছ আৰু জো বাইডেন

Updated On: 

22 Jul 2024 13:22 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৪ মাহৰ পূৰ্বেই ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি গৈছে বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেন । ইয়াৰ বিপৰীতে বাইডেনে ডেম’ক্ৰেটিক পাৰ্টিৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ বাবে দেশৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সমৰ্থন জনাইছে বুলি খবৰ প্ৰকাশ পাইছে । মনকৰিবলগীয়া যে, বাইডেনে যোৱা দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা কথা ঘোষণা কৰে।

ইফালে, সমৰ্থন লাভ কৰি জো বাইডেনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে কমলা হেৰিছে । হেৰিছে কয়,’মই যৎপৰোনাস্তি চেষ্টা কৰিম যাতে দলটোৱে মোক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী কৰি তোলে।’ ইয়াৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক পৰাস্ত কৰিবলৈ সম্পূৰ্ণ শক্তি দিম বুলিও কয় কমলা হেৰিছে ।

উল্লেখ্য যে, জো বাইডেনে কমলা হেৰিছক সমৰ্থন কৰিছে যদিও তেওঁ এতিয়াও আমেৰিকা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱা নাই । কিয়নো চিকাগোত অনুষ্ঠিত হ’বলগীয়া ডেম’ক্ৰেটিক নেশ্যনেল কনভেনশ্যনৰ সময়ত দলৰ নেতাসকলে সমৰ্থন কৰিলেহে কমলা হেৰিছ প্ৰাৰ্থী হ’ব পাৰিব। অৱশ্যে ডেম’ক্ৰেটিক নেশ্যনেল কমিটীৰ অধ্যক্ষ জেইম হেৰিছনে এক বিবৃতিত কয় যে, অনাগত দিনত দলটোৱে ড’নাল্ড ট্ৰাম্পক পৰাস্ত কৰিব পৰাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

লগতে পঢকঃ ট্ৰাম্প, বয়স বৃদ্ধি নে দুৰ্বল স্মৃতিশক্তি? কি কাৰণে ৰাষ্ট্ৰপতি দৌৰৰ পৰা বাহিৰ হ’ল জ’ বাইডেন…

জো বাইডেনৰ সমৰ্থন লাভ কৰাৰ পাছত একেলগে ট্ৰাম্পৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা উল্লেখ কৰি কমলা হেৰিছে কয়, ‘ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰজেক্ট ২০২৫ এজেণ্ডাক পৰাস্ত কৰিবলৈ মই মোৰ সকলো শক্তি দিম। নিৰ্বাচনৰ দিনলৈ আমাৰ হাতত এতিয়াও ১০৭ দিন বাকী আছে, আমি একেলগে যুঁজ দিম আৰু জয়ী হম।’

৫৯ বছৰীয়া কমলা হেৰিছ হৈছে আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি। তেওঁ উপ-ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী কৃষ্ণাংগ আৰু আফ্ৰিকান-ভাৰতীয় মহিলাও। ২০১৬ চনত কমলা হেৰিছে তেতিয়াৰ ৰাষ্ট্ৰপতি ওবামা আৰু তেতিয়াৰ উপ-ৰাষ্ট্ৰপতি বাইডেনৰ সহযোগত আমেৰিকাৰ চেনেটৰ দৌৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁ জয়ী হৈছিল। ২০১৯ চনতো কমলা হেৰিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে আগবাঢ়ি আহিছিল যদিও তাৰ পিছত তেওঁ দৌৰৰ পৰা আঁতৰি গৈছিল। ২০২০ চনত তেওঁ আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।

লগতে পঢ়কঃ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰি নাথাকে জো বাইডেন ! তেওঁ ক’লে, ‘গণতন্ত্ৰ বচাবলৈ উভতি আহিম’

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?