Kamala Harris : কমলা হেৰিছ আমেৰিকাৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ব পাৰিব নে ? তেওঁৰ ইতিহাস চাওক…

ডেম’ক্ৰেটিক পাৰ্টিয়ে আমেৰিকাৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। কমলা হেৰিছ হৈছে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হোৱা ভাৰতীয়-আফ্ৰিকান মূলৰ প্ৰথমগৰাকী মহিলা । আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ৫ নৱেম্বৰত ।

Kamala Harris : কমলা হেৰিছ আমেৰিকাৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হব পাৰিব নে ?  তেওঁৰ ইতিহাস চাওক...

কমলা হেৰিছ

Updated On: 

03 Aug 2024 16:01 PM

এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী যুঁজখন কমলা হেৰিছ আৰু ড’নাল্ড ট্ৰাম্পৰ মাজতে হ’ব । ইতিমধ্যে  ডেম’ক্ৰেটিক পাৰ্টিয়ে আমেৰিকাৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। কমলা হেৰিছ হৈছে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হোৱা ভাৰতীয়-আফ্ৰিকান মূলৰ প্ৰথমগৰাকী মহিলা । আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ৫ নৱেম্বৰত ।

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ এই যাত্ৰা কমলা হেৰিছৰ বাবে একেবাৰে সহজ নাছিল । হেৰিছৰ পূৰ্বে ৰাষ্ট্ৰপতি জো বাইডেনক এসময়ত দলটোৰ আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। কিন্তু পাৰ্টিৰ ভিতৰত আৰু বাহিৰত তেওঁৰ বয়সক লৈ প্ৰশ্ন উত্থাপন হৈছিল। ইয়াৰ পিছত ২০২৪ চনৰ ২০ জুলাইত বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত কথা ঘোষণা কৰে। ইয়াৰ লগতে ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে কমলা হেৰিছক সমৰ্থন কৰিছিল বাইডেনে।

উল্লেখ্য যে, ৮১ বছৰীয়া বাইডেনৰ ওপৰত উত্থাপিত বয়সৰ প্ৰশ্নই কমলা হেৰিছৰ বাবে বাট মুকলি কৰি দিলে। দৰাচলতে ট্ৰাম্পৰ সৈতে হোৱা কিছুমান বিতৰ্কত বাইডেনৰ কণ্ঠ দোল খাইছিল । বাইডেনে বহু বিষয়ত উত্তৰ দিব পাৰিছিল যদিও তেওঁৰ উত্তৰবোৰ সাধাৰণ লোকৰ বাবে বুজিবলৈ টান হৈ পৰিছিল। যাৰ পৰিপ্ৰেক্ষিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বক লৈ ডেম’ক্ৰেটিক পাৰ্টিৰ ভিতৰত উদ্বেগ সৃষ্টি হৈছিল। ইয়াৰ পিছত নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি আহিবলৈ বাইডেনৰ ওপৰত হেঁচা বাঢ়িবলৈ ধৰে । এই হেঁচাৰ ফলতে ২০ জুলাইত বাইডেনে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰি কমলা হেৰিছক সমৰ্থন কৰে।

ইয়াৰ পূৰ্বে কমলাই ২০২০ চনত ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল যদিও তেওঁ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি আহিছিল । ইয়াৰ পাছত ২০২০ চনৰ আগষ্ট মাহত জো বাইডেনে তেওঁক ৰানিং মেট হিচাপে বাছি লৈছিল। আনহাতে ২০২০ চনত অনুষ্ঠিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাইডেন-হেৰিছে জয়লাভ কৰিছিল। ২০২১ চনৰ ২০ জানুৱাৰীত কমলা হেৰিছে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

এইবাৰ কমলা হেৰিছ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে। হেৰিছে কৃষ্ণাংগ ভোটাৰৰ সমৰ্থনো পাব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে । প্ৰতিবেদন অনুসৰি, কমলা হেৰিছে যদি ২০০৮ আৰু ২০১২ চনৰ নিৰ্বাচনত বাৰাক ওবামাৰ দৰে কৃষ্ণাংগ, সংখ্যালঘু আৰু যুৱ ভোটাৰক আকৰ্ষণ কৰিবলৈ সক্ষম হয়, তেন্তে ট্ৰাম্পৰ বিৰুদ্ধে হেৰিছৰ স্থিতি শক্তিশালী হ’ব বুলি চৰ্চা আৰম্ভ হৈছে ।

২০২০ চনৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ছিনেটলৈ নিৰ্বাচিত হৈছিল কমলা হেৰিছ। কমলা হেৰিছৰ মাতৃ ভাৰতীয়, পিতৃ জামাইকাৰ। তেওঁৰ জন্ম হৈছিল কেলিফৰ্ণিয়াৰ অকলেণ্ডত। কমলা হেৰিছ কেৱল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী মহিলাই নহয়, এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী এছিয়ান আমেৰিকান আৰু আফ্ৰিকান আমেৰিকান মহিলাও।

ডেম’ক্ৰেটিক পাৰ্টিৰ গৰিষ্ঠসংখ্যক প্ৰতিনিধিৰ পৰা সমৰ্থন আৰু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত হেৰিছে কয় যে, ‘মই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হোৱাৰ বাবে গৌৰৱান্বিত। অহা সপ্তাহত মই আনুষ্ঠানিকভাৱে মনোনয়ন গ্ৰহণ কৰিম।’

প্ৰকাশিত খবৰ অনুসৰি, অহা সপ্তাহত অনলাইন ভোটদানৰ সময়সীমা শেষ হোৱাৰ পাছত হেৰিছে দলৰ মনোনয়ন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব। ২২ আগষ্টত চিকাগোত অনুষ্ঠিত হ’বলগীয়া ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰীয় অধিৱেশনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব হেৰিছে । অহা কেইদিনমানৰ ভিতৰত উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ কথাও ঘোষণা কৰিব পাৰে।

কমলা হেৰিছৰ শৈশৱ অকলেণ্ডত পাৰ হৈছিল। হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হেৰিছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগৰ ডিগ্ৰী লয়। ছান ফ্ৰান্সিস্কোত জিলা অধিবক্তা হিচাপেও কাম কৰি আহিছে হেৰিছে । ২০০৩ চনত ছান ফ্ৰান্সিস্কোৰ জিলা অধিবক্তা হয়। দুবাৰকৈ এটৰ্নী জেনেৰেল হোৱাৰ পিছত ২০১৭ চনত সাংসদ নিৰ্বাচিত হয় কমলা হেৰিছ । এগৰাকী চিনেটৰ হিচাপে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিছিল কমলা হেৰিছে ।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!