বিপদত গণতন্ত্ৰ ! ট্ৰাম্প-হেৰিছৰ সন্দৰ্ভত কি কয় EXIT Poll য়ে ? | US Election EXIT Poll 2024 : donald trump vs kamala harris democracy abortion economy issues for voters Assam news - Assam Tv9

US Election EXIT Poll : বিপদত আমেৰিকাৰ গণতন্ত্ৰ, নিম্নগামী হৈছে অৰ্থনীতি ! ট্ৰাম্প-হেৰিছৰ সন্দৰ্ভত কি কয় EXIT Poll য়ে ?

এগজিট প’লৰ সমীক্ষা অনুসৰি, ৪৪ শতাংশ ভোটাৰে ট্ৰাম্পক সমৰ্থন কৰাৰ বিপৰীতে ৪৯ শতাংশ ভোটাৰে কিন্তু কমলা হেৰিছক সমৰ্থন কৰিছে । উল্লেখ্য যে,এগজিট প’লত ২০২০ চনৰ তুলনাত দুয়োটা দলেই ভোটাৰৰ কিছু সমৰ্থন হেৰুৱা পৰিলক্ষিত হৈছে ।

US Election EXIT Poll : বিপদত আমেৰিকাৰ গণতন্ত্ৰ, নিম্নগামী হৈছে অৰ্থনীতি ! ট্ৰাম্প-হেৰিছৰ সন্দৰ্ভত কি কয় EXIT Poll য়ে ?

হেৰিছ বনাম ট্ৰাম্প

Updated On: 

06 Nov 2024 08:36 AM

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে প্ৰকাশ পায় এগজিট প’ল। এগজিট প’লৰ সমীক্ষা অনুসৰি,আমেৰিকাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পতকৈ কিছু ব্যৱধানত আগবাঢ়ি থকা দেখুওৱা হৈছে । এই সমীক্ষাত ৪৪ শতাংশ ভোটাৰে ট্ৰাম্পক সমৰ্থন কৰাৰ বিপৰীতে ৪৯ শতাংশ ভোটাৰে কিন্তু কমলা হেৰিছক সমৰ্থন কৰিছে । উল্লেখ্য যে,এগজিট প’লত ২০২০ চনৰ তুলনাত দুয়োটা দলেই ভোটাৰৰ কিছু সমৰ্থন হেৰুৱা পৰিলক্ষিত হৈছে ।

হেৰিছ বনাম ট্ৰাম্প

এডিচন ৰিচাৰ্চৰ এগজিট প’লৰ মতে,সমগ্ৰ দেশখনৰ ৪৪ শতাংশ ভোটাৰে ট্ৰাম্পৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । কিন্তু ২০২০ চনৰ এগজিট প’লত ৪৬ শতাংশ ভোটাৰৰে সমৰ্থন কৰিছিল ট্ৰাম্পক । বৰ্তমানৰ এগজিট প’লত ট্ৰাম্পৰ সমৰ্থক হ্ৰাস পোৱা দেখা গৈছে । ইফালে, ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনৰ ৫২ শতাংশৰ বিপৰীতে বৰ্তমান ৫৪ শতাংশই ট্ৰাম্পৰ বিৰোধিতা কৰিছে।

ইয়াৰ বিপৰীতে কমলা হেৰিছক ৪৮ শতাংশ ভোটাৰে সমৰ্থন কৰাৰ দেখা গৈছে । মনকৰিবলগীয়া যে,ডেম’ক্ৰেটিক দলৰ বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰতি ২০২০ চনৰ এগজিট প’লত ৫২ শতাংশ ভোটাৰে সমৰ্থন আগবঢ়োৱা দেখা গৈছিল । বৰ্তমানৰ এগজিট প’লত ৫০ শতাংশ ভোটাৰে হেৰিছৰ বিৰোধিতা প্ৰকাশ কৰাৰ বিপৰীতে ২০২০ চনত বাইডেনৰ প্ৰতি ৪৬ শতাংশ ভোটাৰে নেতিবাচক মতামত প্ৰকাশ কৰিছিল ।

নিৰ্বাচনৰ মূল বিষয়

এগজিট প’লৰ তথ্য অনুসৰি, এইবাৰৰ নিৰ্বাচনত ভোটাৰক প্ৰভাৱিত কৰা মূল বিষয়ৰ ভিতৰত আছে গণতন্ত্ৰ আৰু অৰ্থনীতি। দেশজুৰি প্ৰায় ৭৩ শতাংশ ভোটাৰে আমেৰিকাৰ গণতন্ত্ৰ বিপদত পৰা বুলি উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে ২৫ শতাংশ ভোটাৰে গণতন্ত্ৰ শক্তিশালি হৈ আছে বুলি বিশ্বাস কৰে।

ইয়াৰ বিপৰীতে ৩১ শতাংশ ভোটাৰৰ বাবে অৰ্থনীতি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আছিল । একেদৰে ১১ শতাংশই অনুপ্ৰৱেশক অগ্ৰাধিকাৰ দিছিল, ১৪ শতাংশই গৰ্ভপাতৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, ৩৫ শতাংশই গণতন্ত্ৰৰ অৱস্থাৰ কথা উল্লেখ কৰিছিল আৰু ৪ শতাংশই বৈদেশিক নীতিক মূল বিষয় হিচাপে বিবেচনা কৰিছিল।

আমেৰিকাৰ অৰ্থনৈতিক অৱস্থাক লৈ কি কয় ভোটাৰে?

এগজিট প’লৰ তথ্য অনুসৰি, সমগ্ৰ দেশৰ কমেও ৪৫ শতাংশ ভোটাৰে কয় যে, তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা চাৰি বছৰৰ আগৰ তুলনাত নিম্নগামী হৈছে । ২০২০ চনৰ এগজিট প’লত মাত্ৰ ২০ শতাংশ ভোটাৰে আৰ্থিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল । প্ৰায় ২৪ শতাংশই কয় যে,তেওঁলোকৰ আৰ্থিক অৱস্থা চাৰি বছৰৰ আগৰ তুলনাত ভাল, যিটো সংখ্যা ২০২০ চনৰ ৪১ শতাংশৰ তুলনাত হ্ৰাস পাইছে।

৩০ শতাংশৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই। ইফালে, দেশজুৰি ৫১ শতাংশ ভোটাৰে অৰ্থনীতি চম্ভালিবলৈ ট্ৰাম্পৰ ওপৰত অধিক আস্থা প্ৰকাশ কৰাৰ বিপৰীতে ৪৭ শতাংশ ভোটাৰে হেৰিছৰ ওপৰত অধিক আস্থা প্ৰকাশ কৰিছে ।

এল'ভেৰা উদ্ভিদে কি কি ৰোগ উপশম কৰাত সহায় কৰে জানক
১০৫০ কোটি টকাৰ মালিক বিৰাট কোহলি! ক্ৰিকেটৰ বাহিৰে তেওঁৰ আয়ৰ উৎস কি জানেনে...
প্ৰতিদিনে সন্ধিয়া ঘৰৰ এই স্থানত জ্বলাওক এগচি চাকি, নহয় ধনৰ অভাৱ
পৰিৱৰ্তিত বতৰত শিশুৰ যত্ন কেনেকৈ ল'ব ? গ্ৰহণ কৰক এই পদক্ষেপ...