5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয় লাভ কৰি ড’নাল্ড ট্ৰাম্পে গঢ়িলে ৫টা অভিলেখ!

Donald Trump Wins Election: ৫ নৱেম্বৰ ২০২৪ৰ পিছত কেৱল আমেৰিকাতে নহয় সমগ্ৰ বিশ্বতে ড'নাল্ড ট্ৰাম্পৰ চৰ্চা চলি আছে। আমেৰিকাৰ ৪৭তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ট্ৰাম্প। ইয়াৰ লগতে ৫টা ঐতিহাসিক দিশত অন্তৰ্ভুক্ত হৈ পৰিছে ট্ৰাম্পৰ নাম। তেওঁ প্ৰথম ৰাষ্ট্ৰপতি যাৰ বিৰুদ্ধে দুবাৰ কৈ মহাভিযোগ উত্থাপিত হৈছে।

দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয় লাভ কৰি ড’নাল্ড ট্ৰাম্পে গঢ়িলে ৫টা অভিলেখ!
ৰাষ্ট্ৰপতি নিৰ্বাচনত জয় লাভ কৰি ট্ৰাম্পে গঢ়িলে ৫টা অভিলেখ
trishna-kalita
Trishna Kalita | Updated On: 08 Nov 2024 15:27 PM

২০২০ চনৰ ৩ নৱেম্বৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। য’ত ডেমক্ৰেটিক প্ৰতিদ্বন্দী জ’ বাইডেনৰ হাতত ডাঙৰ ব্যৱধানত পৰাজিত হৈছিল ট্ৰাম্প। তেতিয়া ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদ দখল কৰাৰ সুযোগ হেৰুৱাইছিল। এনে লাগিছিল যে তাতেই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈছিল।

কিন্তু ২০২০ চনৰ পৰাজয়ৰ পিছত ২০২৪ চনৰ ৫ নৱেম্বৰত ট্ৰাম্পে বৃহৎ ব্যৱধানত জয়লাভ কৰিছে। আমেৰিকাৰ ৪৭তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ট্ৰাম্প। য’ত ট্ৰাম্পে এক বৃহৎ জনাদেশ লাভ কৰিছে। যিয়ে তেওঁক অধিক শক্তিশালী কৰি তুলিছে। ট্ৰাম্পৰ এই বিজয়ক ঐতিহাসিক বুলি বৰ্ণনা কৰা হৈছে । কাৰণ তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বহুতো ঘটনা ঘটিব। চাও আহক…

 

 

1. ২০ বছৰত জনপ্ৰিয় ভোটত জয়ী হোৱা ৰিপাব্লিকান

ড’নাল্ড ট্ৰাম্প ২০ বছৰৰ ভিতৰত প্ৰথম ৰিপাব্লিকান নেতা হ’ব যিয়ে আমেৰিকাত জনপ্ৰিয় ভোটত জয় হৈছে। ২০২৪চনৰ আগৰ পাঁচটা নিৰ্বাচনত, কোনো ৰিপাব্লিকান প্ৰাৰ্থীয়ে জনপ্ৰিয় ভোটত জয়ী হোৱা নাছিল। অৰ্থাৎ, তেওঁ হয়তো ইলেক্ট’ৰেল কলেজৰ ভোট পাইছিল, কিন্তু ভোটৰ সংখ্যাত তেওঁ তেওঁৰ প্ৰতিদ্বন্দীৰ পিছত আছিল।

কেৱল এয়াই নহয়, ট্ৰাম্পে তেওঁৰ পুৰণি অভিলেখ ভংগ কৰিছে। ২০১৬ চনত তেওঁ ৪৬.১ শতাংশ ভোট লাভ কৰিছিল। ২০২০ চনৰ নিৰ্বাচনত তেওঁৰ এই সংখ্যা আছিল ৪৬.৮ শতাংশ। একে সময়তে ট্ৰাম্পে এইবাৰৰ নিৰ্বাচনত ৫০.৭ শতাংশ লাভ কৰিছে। এই অৰ্থত ট্ৰাম্পেৰ বাবে এই বিজয় আগৰ তুলনাত বহুত ডাঙৰ।

 2. প্ৰথম নিৰ্বাচনত জয়ী হৈছিল, তাৰ পিছত পৰাজিত হৈছিল, এতিয়া পুনৰ নিৰ্বাচিত হৈছে

ট্ৰাম্পৰ বিজয় এই অৰ্থত ঐতিহাসিক যে আমেৰিকাৰ ইতিহাসত এনেকুৱা দ্বিতীয়বাৰৰ বাবে যেতিয়া এজন ৰাষ্ট্ৰপতি নিৰ্বাচনত এবাৰ পৰাজিত হৈ পুনৰ হোৱাইট হাউচলৈ উভতি আহিছে। শেষবাৰৰ বাবে এয়া ১৩২ বছৰ আগতে ঘটিছিল।

ডেমক্ৰেটিক পাৰ্টিৰ গ্ৰোভাৰ ক্লিভলেণ্ডে ১৮৮৫ চনৰ পৰা ১৮৮৯ চনলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত ৰিপাব্লিকান পাৰ্টিৰ বেঞ্জামিন হেৰিছনৰ হাতত পৰাজিত হৈছিল। চাৰি বছৰৰ পিছত, তেওঁ পুনৰ হেৰিছনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰে আৰু তেওঁক বৃহৎ ব্যৱধানত পৰাজিত কৰে। ক্লিভলেণ্ড ২২তম আৰু ২৪তম ৰাষ্ট্ৰপতি আছিল।

3. প্ৰথম দোষী সাব্যস্ত ৰাষ্ট্ৰপতি

ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত প্ৰৱেশ কৰা প্ৰথম আমেৰিকাৰ এনে এগৰাকী ৰাষ্ট্ৰপতি হ’ব, যাৰ বিৰুদ্ধে থকা বহুতো অপৰাধমূলক গোচৰৰ ৰায়দান এতিয়াও দিয়া নাই। ট্ৰাম্পক ২০২৪ চনত নিউয়ৰ্কত ৩৪টা গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। অৱশ্যে, তেওঁক এতিয়ালৈকেইয়াৰ শাস্তি দিয়া হোৱা নাই। শুনানি ২৬ নৱেম্বৰত হ’ব।

আইন বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ট্ৰাম্পক অপৰাধী হিচাপে দণ্ডিত কৰাৰ সম্ভাৱনা কম। আৰু যদি এনে হয়, ট্ৰাম্পৰ উকীলসকলে তৎক্ষণাৎ শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰে। এই যুক্তি দিব পাৰিব যে ট্ৰাম্পক জেল হ’লে তেওঁৰ দ্বায়িত্ব পালন কৰিব নোৱাৰিব । এনেদৰে আবেদনৰ সময় কেইবাবছৰ আগলৈ বৃদ্ধি কৰিব পাৰি।

4. দুবাৰকৈ মহাভিযোগ উত্থাপিত হৈছিল

ট্ৰাম্প হ’ব প্ৰথম ৰাষ্ট্ৰপতি যিগৰাকীক দুবাৰকৈ মহাভিযোগ উত্থাপনৰ পিছত পুনৰ নিৰ্বাচিত কৰা হৈছে। তেওঁৰ প্ৰথম মহাভিযোগ আছিল ২০১৯ চনত আৰু দ্বিতীয়টো জানুৱাৰী ২০২১ ত। অৱশ্যে, তেওঁক চিনেটে দুয়োবাৰে নিৰ্দোষ সাব্যস্ত কৰিছিল।

১৮৬৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰিউ জনছনৰ ওপৰত প্ৰথমবাৰৰ বাবে মহাভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰ পিছত, ১৯৯৮ চনত তদানীন্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন কৰা হৈছিল। দুয়োজন ডেমক্ৰেটিক পাৰ্টিৰ নেতা আছিল। ইয়াৰ পাছত ট্ৰাম্প প্ৰথম ৰিপাব্লিকান নেতা হ’ব ওপৰত মহাভিযোগ উত্থাপন কৰা হৈছিল।

5. আটাইতকৈ বয়সীয়াল ৰাষ্ট্ৰপতি

এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ‘৭৮ বনাম ৮২’ বয়সৰ বিতৰ্কই আধিপত্য বিস্তাৰ কৰিছিল। বাইডেনে তেওঁৰ ৮২ বছৰ বয়সৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা প্ৰত্যাহাৰ কৰিব লগা হৈছিল। এতিয়া বিজয়ী হোৱাৰ পিছত, ট্ৰাম্প হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা আটাইতকৈ বয়সীয়াল (৭৮ )ব্যক্তি। বৰ্তমানৰ এই অভিলেখ জ’ বাইডেনৰ নামত আছে।

তেওঁ ৭৮ বছৰ বয়সত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল আৰু ২০ নৱেম্বৰত ৮২ বছৰীয়া হ’ব। আমেৰিকাৰ সংবিধানে নিম্নতম বয়সৰ সীমা নিৰ্ধাৰণ কৰিছিল। অৰ্থাৎ কমেও ৩৫ বছৰ বয়সৰ ব্যক্তিহে ৰাষ্ট্ৰপতি হ’ব পাৰে। কিন্তু সৰ্বাধিক বয়সৰ ওপৰত একো কোৱা নাছিল।

 

Latest News