5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Donald Trump: আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প

Donald Trump: দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত ড'নাল্ড ট্ৰাম্প। কমলা হেৰিছক পৰাজিত কৰি হোৱাইট হাউচ যাবলৈ সাজু ট্ৰাম্প। জয়ৰ নিশ্চিয়তা হোৱাৰ পাছতেই ট্ৰাম্পে সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰে।

Donald Trump: আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প
ড'নাল্ড ট্ৰাম্প
barasha-sarma
Barasha Sarma | Published: 06 Nov 2024 13:55 PM

সকলো অপেক্ষাৰ অৱসান ঘটাই আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ডনাল্ড ট্ৰাম্প। দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে হোৱাইট হাউচলৈ যাব ট্ৰাম্প। প্ৰায়ে বিতৰ্কত থকা ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছ। কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ট্ৰাম্পে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণা হ’বলৈ এতিয়াও বাকী আছে। আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি বহু সংখ্যক ভোটত ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে জয় লাভ কৰে।

ফলাফলৰ মাজতে ফ্ল’ৰিডাত দিয়া ভাষণত ট্ৰাম্পে ইলন মাস্ককে ধৰি বিভিন্নজনক ধন্যবাদ জ্ঞাপন কৰে। পত্নী মেলানিয়াই কৰা সমৰ্থনৰ বাবেও তেওঁ ধন্যবাদ জনায়। এই ফলাফলক ঐতিহাসিক বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে, প্ৰথমবাৰৰ বাবে আমেৰিকাত ৰাজনৈতিক পৰিবৰ্তন ঘটিছে। মই আমেৰিকাৰ জনসাধাৰণক ধন্যবাদ জনাইছো যে তেওঁলোকে মোক ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিছে। মই সদায় আপোনালোকৰ হৈ যুঁজিম। প্ৰতিটো উশাহত মই আমেৰিকাবাসীৰ লৈ যুদ্ধ কৰিম।

ট্ৰাম্পে কয়, আমেৰিকাই আগতে কেতিয়াও এনে জয়ৰ সোৱাদ লাভ কৰা নাই। ই আমেৰিকাৰ সোণালী যুগ। ইয়ে আমেৰিকাক পুনৰ এবাৰ মহান কৰি তুলিব। ট্ৰাম্পে কয়, নৰ্থ কেৰ’লিনা, জৰ্জিয়া আৰু পেনচিলভেনিয়াৰ দৰে ৰাজ্যই আমাক ভোট প্ৰদান কৰিছে। যাৰ বাবে এই নিৰ্বাচন বিশেষ হৈ পৰিছে।

ইয়াৰ পূৰ্বে ট্ৰাম্পে  ২০২১ চনৰ ২০ জানুৱাৰীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথম কাৰ্যকালৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয় যে আমি আইছিছক কৰিছো আৰু ক’তো কোনো যুদ্ধ হ’বলৈ দিয়া নাছিল। প্ৰচাৰৰ সময়ত মই ১৯০০ ৰো অধিক সভাত অংশগ্ৰহণ কৰিছিলো আৰু প্ৰতিটো প্ৰান্তৰ ৰাইজৰ পৰা সমৰ্থন লাভ কৰিছো। সোমবাৰে নিশা শেষৰখন ৰেলী অনুষ্ঠিত কৰাতো অতি আবেগিত মুহুৰ্ত আছিল বুলি কয় ট্ৰাম্পে।

ড’নাল্ড ট্ৰাম্প

ডনাল্ড ট্ৰাম্পৰ জন্ম হৈছিল ১৯৪৬ চনৰ ১৪ জুনত। ১৯৬৮ চনত ট্ৰাম্পে পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। প্ৰথম অৱস্থাত বিভিন্ন ব্যৱসায়ত জড়িত থকা ট্ৰাম্প পাছলৈ ৰাজনীতিত জড়িত হৈ পৰিছিল। ২০০৪ চনৰ পৰা ২০১৫ চনলৈকে তেওঁ ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক দ্য এপ্ৰেণ্টিছৰ সহ- নিৰ্মাতা আৰু আয়োজক আছিল।

২০০১ চনৰ পৰা ২০০৮ চনলৈকে ডেম’ক্ৰেটিক পাৰ্টি আৰু ২০০৯ চনৰ পৰা ৰিপাব্লিকান পাৰ্টিত অংশগ্ৰহণ কৰি ৰাজনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছিল। ২০১৬ চনত তেওঁ ২০১৬ চনৰ ৯ নৱেম্বৰত ৰিপাব্লিকান পাৰ্টিৰ পৰা ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত জয়ী হয়।

Latest News