আমেৰিকাই বিক্ৰী কৰিব নাগৰিকত্ব! ডংকি পথেৰে প্ৰৱেশ কৰা ভাৰতীয়ৰ বাবে সহজ হৈ পৰিব নেকি যাত্ৰা?

গোল্ড কাৰ্ড ভিছা প্ৰগ্ৰেম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ই বি-৫ ভিছা প্ৰগ্ৰেমৰ বিকল্প যিয়ে ধনী বিদেশীসকলক আমেৰিকালৈ প্ৰব্ৰজন কৰাৰ সহজ উপায় প্ৰদান কৰে। ইয়াৰ ফলত আমেৰিকা চৰকাৰৰ ৰাজহ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

আমেৰিকাই বিক্ৰী কৰিব নাগৰিকত্ব! ডংকি পথেৰে প্ৰৱেশ কৰা ভাৰতীয়ৰ বাবে সহজ হৈ পৰিব নেকি যাত্ৰা?

আমেৰিকাই বিক্ৰী কৰিব নাগৰিকত্ব!

Updated On: 

27 Feb 2025 12:21 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এনে এটা পৰিকল্পনা লৈ আহিছে  যাৰ ফলত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰাটো সহজ  হৈ পৰিব। অৱশ্যে এইটো কেৱল তেওঁলোকৰ বাবেহে হ’ব যিসকলৰ হাতত ভাল পৰিমাণৰ ধন আছে। প্ৰকৃততে ট্ৰাম্পে এখন গোল্ড কাৰ্ডৰ প্ৰৱৰ্তন কৰিব যাৰ জৰিয়তে ৫০ লাখ ডলাৰ (প্ৰায় ৪৪ কোটি) ৰ বিনিয়মত লাভ কৰিব পাৰিব আমেৰিকাৰ নাগৰিকত্ব। দুসপ্তাহৰ পিছত মুকলি কৰা হ’ব  এই গোল্ড কাৰ্ড। ই হ’ব বি-৫ ভিছা প্ৰগ্ৰেমৰ বিকল্প। ইবি-৫ ভিছাৰ জৰিয়তে বিদেশীসকলে আইনগতভাৱে আমেৰিকাত থাকিব পাৰে, বিনিয়োগ কৰিব পাৰে আৰু কাম কৰিব পাৰে।

সাধাৰণতে আমেৰিকাত স্থায়ী নাগৰিকত্ব লাভ কৰিবলৈ হ’লে গ্ৰীণ কাৰ্ড লাভ কৰিব লাগে। যিখন পাবলৈ হ’লে বহু বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিব লাগে, কিন্তু গোল্ড কাৰ্ডৰ সহায়ত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰাটো অতি সহজ হ’ব।

বৰ্তমান সময়ত আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা হৈছে। ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে এই পদক্ষেপ আৰম্ভ কৰিছে ট্ৰাম্পে। আমেৰিকাৰ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশই অনুপ্ৰৱেশকাৰী। এই তালিকাৰ শীৰ্ষত আছে ভাৰত, মেক্সিকো আৰু চীন। বিশ্বাস কৰা হয় যে আমেৰিকাৰ ৩ শতাংশ জনসংখ্যা অবৈধ অনুপ্ৰৱেশকাৰীৰে গঠিত।

উল্লেখ্য যে, আমেৰিকাৰ নাগৰিকত্ব আৰু অভিবাসন সেৱাৰ মতে ১৯৯০ চনত ইবি-৫ ভিছা প্ৰৱৰ্তন কৰা হৈছিল। এই ভিছা সেইসকল লোকক দিয়া হয় যিসকলে আমেৰিকাত বিনিয়োগ কৰে আৰু আমেৰিকাৰ মানুহক কৰ্মসংস্থাপন প্ৰদান কৰে। ২০২৫ চনত প্ৰায় ১৯ হাজাৰ এনে ভিছা দিয়া হ’ব।

গোল্ড কাৰ্ডৰ উদ্দেশ্য কি?

খবৰ অনুসৰি গোল্ড কাৰ্ডে ভাল ৰাজহ আহৰণ কৰিব বুলি কৈছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। সমগ্ৰ বিশ্বৰ ধনী ব্যক্তিসকলৰ তীব্ৰ আগ্ৰহৰ কথা মনত ৰাখি তেওঁলোকে ১০ লাখ গোল্ড কাৰ্ড বিক্ৰী কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এক তথ্য অনুসৰি ২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীলৈকে আমেৰিকাৰ ৰাষ্ট্ৰীয় ঋণ আছিল ৩৬.২২ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। এতিয়া গোল্ড কাৰ্ডৰ জৰিয়তে ঋণ হ্ৰাস পাব বুলি আশা কৰা হৈছে।

ভাৰতৰ পৰা বৃহৎ সংখ্যক লোকে ডংকি পথেৰে বা অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰে। এইসকলক অবৈধ অনুপ্ৰৱেশকাৰী বুলি কোৱা হয়, যাক আমেৰিকাই ঘূৰাই পঠিয়াইছে ভাৰতলৈ। আমেৰিকাত ৭ৰ পৰা ৮ লাখ ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীয়ে বাস কৰে।

টকা উপাৰ্জন কৰিবলৈ বৃহৎ সংখ্যক ভাৰতীয়ই এজেণ্টৰ জৰিয়তে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰে। ইয়াৰ বাবে তেওঁলোকে ৫০ লাখৰ পৰা ১ কোটি টকা খৰচ কৰে। কিন্তু গোল্ড কাৰ্ড পালেও তেওঁলোকৰ আমেৰিকালৈ যোৱাৰ পথ সহজ নহ’ব, কাৰণ গোল্ড কাৰ্ড পাবলৈ হ’লে তেওঁলোকে ৫০ লাখ ডলাৰ অৰ্থাৎ আমেৰিকাত প্ৰায় ৪৪ কোটি টকা বিনিয়োগ কৰিব লাগিব।

ট্ৰাম্পৰ গোল্ড কাৰ্ড ভাৰতৰ ধনী জনসাধাৰণৰ বাবে  হ’ব পাৰে গেম চেঞ্জাৰ। ইয়াৰ লগে লগে তেওঁলোকে দ্ৰুত আৰু সহজে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিব। গোল্ড কাৰ্ড প্ৰৱৰ্তনৰ লগে লগে ইবি-৫ ভিছা কাৰ্যসূচীৰ অন্ত পৰিব।

আমেৰিকাই নিয়োগৰ ভিত্তিত কোনবোৰ ভিছা দিয়ে?

ইবি-১: বিশেষ অগ্ৰাধিকাৰ ব্যক্তিৰ বাবে, যেনে বিজ্ঞান, কলা, শিক্ষা, গৱেষণা, ব্যৱসায়, বা ক্ৰীড়াৰ দৰে ক্ষেত্ৰত ব্যতিক্ৰমী ক্ষমতা বা অসাধাৰণ প্ৰদৰ্শন থকা বিদেশী নাগৰিক আদি।
ইবি-২: স্নাতক হোৱাৰ কমেও পাঁচ বছৰৰ ডক্টৰেট ডিগ্ৰী বা অধিক অধ্যয়নৰ বাবে।
ইবি-৩: দক্ষ শ্ৰমিক, পেছাদাৰী, আৰু অন্যান্য শ্ৰমিকৰ বাবে।
ইবি-৪: মন্ত্ৰী, ধৰ্মীয় কৰ্মী, বৰ্তমান বা প্ৰাক্তন আমেৰিকা চৰকাৰৰ কৰ্মচাৰীকে ধৰি কিছুমান অনুপ্ৰৱেশকাৰীৰ বাবে।

সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?